এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

পৰম্পৰা আৰু পুৰুষতন্ত্ৰ

পৰম্পৰা-পৰায়ণতা এটা সুপ্ৰাচীন পৰম্পৰা। পৰম্পৰাৰ বন্ধন বা প্ৰভাৱৰপৰা একেবাৰে মুক্ত সমাজ নাই বুলিলেও বোধহয় অত্যুক্তি কৰা নহ’ব। এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ প্ৰৱাহিত হয় কিছুমান বিশ্বাস, ৰীতি-নীতি, আচৰণ-বিধি, মূল্যবোধ ইত্যাদি। এইবোৰেই পৰম্পৰা। ধাৰাবাহিকতাই – আৰু ক্ষেত্ৰবিশেষে প্ৰাচীনতাই – পৰম্পৰাবোৰক মান্যতা প্ৰদান কৰে, সৰ্বসাধাৰণৰ বাবে সেইসমূহ হৈ পৰে সন্মানীয়, অনুসৰণীয়। বহু ক্ষেত্ৰত পৰম্পৰাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মীয় ঐতিহ্যৰ সংযোগ থাকে। ভাৰতীয় সমাজৰ এটা বৃহৎ অংশত বিধৱাৰ পুনৰ্বিবাহ নিন্দিত আৰু নিষিদ্ধ। এই পৰম্পৰাৰ সৈতে জানো শাস্ত্ৰীয় অনুশাসনৰ সম্পৰ্ক নাই? মনুসংহিতাত লিখা আছে : ‘বিবাহ সম্বন্ধীয় শাস্ত্ৰত এনে বিধি নাই যে বিধৱাসকলৰ পুনৰ্বিবাহ হ’ব পাৰে।’ (৯/৬৫) এইজাতীয় নিৰ্দেশ দীৰ্ঘকাল অনুসৃত হোৱাৰ ফলত একোটা প্ৰতাপী পৰম্পৰাৰ সূচনা হয়। আনহাতে, পৰম্পৰাৰ ধৰ্মনিৰপেক্ষ উৎসও থাকে। উদাহৰণ হিচাপে ক’ব পাৰি, ৰাজহুৱা অনুষ্ঠানত মহিলাই জাতীয় সাজ-পোছাক পিন্ধি অবিমিশ্ৰ সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ যি অৰ্বাচীন পৰম্পৰা তাৰ সৈতে সম্পৃক্ত জাতীয়তাবাদী চেতনা। এই চেতনাৰ সৈতে ধৰ্মীয় ঐতিহ্যৰ সম্পৰ্ক নাথাকিবও পাৰে।

বিদ্যাচৰ্চাৰপৰা বিজ্ঞাপনলৈকে – আধুনিক সমাজজীৱনৰ ভিন ভিন দিশত পুৰুষতন্ত্ৰৰ প্ৰভাৱ পৰিলক্ষিত হয়। পিছে এইবোৰক পুৰুষতন্ত্ৰৰ প্ৰাথমিক বাহক বুলিব নোৱাৰি। পক্ষান্তৰে, সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰা পুৰণি পৰম্পৰাবোৰক পুৰুষতন্ত্ৰৰ বিশ্বস্ত বাহকৰূপে চিহ্নিত কৰা যায় কোনো সংশয় নোহোৱাকৈ। দৰাচলতে পুৰুষন্ত্ৰৰ হৃদপিণ্ড নিৰাপদে লুকাই থাকে মান্য পৰম্পৰাৰ বুকুত। সেই গতিকে কোনোবাই পৰম্পৰা-পৰাঙ্মুখ চিন্তা বা আচৰণৰ পৰিচয় দিলে ততালিকে পৰম্পৰা সংৰক্ষণৰ নামত সাংস্কৃতিক বিসম্বাদৰ কণ্ঠৰোধ কৰিবলৈ উগ্ৰচিত্ত পুৰুষ প্ৰভুত্বপন্থীসকল তৎপৰ হয়। এই প্ৰসংগত গুৰুত্বসহকাৰে বিবেচ্য প্ৰশ্নটো হ’ল, পুৰুষতান্ত্ৰিক পৰম্পৰাৰ উদ্ভাৱক কোন? শাস্ত্ৰকাৰ আৰু অন্যান্য প্ৰতিপত্তিশালী পুৰুষেই জানো পুৰুষতন্ত্ৰৰ পুৰণি সৌধটো সযতনে নিৰ্মাণ কৰা নাই? . . . লেখক : প্ৰসেনজিৎ চৌধুৰী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Advertisements

ক্ষমতা আৰু পুৰুষতন্ত্ৰ

মানুহ অভ্যাসৰ দাস। কিছুমান ৰীতি-নীতি বা ব্যৱস্থাৰ সৈতে আমি ওতপ্ৰোতভাৱে ইমানেই জড়িত হৈ পৰো বা অভ্যাসৰদ্বাৰা সম্পন্ন কৰোঁ যে সেইবোৰৰ যুক্তিযুক্ততাৰ বিষয়ে আমি প্ৰশ্ন কৰিবলৈ পাহৰি যাওঁ। আমাৰ অভ্যস্ত মানসিকতাৰে আমি ধৰি লওঁ যে এই ব্যৱস্থা বা ৰীতি-নীতিয়েই স্বাভাৱিক, স্মৰণাতীত কালৰপৰা ই এইদৰে চলি আহি আছে। পুৰুষতন্ত্ৰৰ প্ৰসংগতো এই একে কথাই প্ৰযোজ্য। আৱহমান কালৰপৰা চলি অহা এই তন্ত্ৰক আমি এক সন্মানীয় পৰম্পৰা বুলিয়েই মানি লওঁ আৰু তাৰ আঁৰত থকা সামাজিক শক্তিবোৰৰ বা মূল্যবোধবোৰৰ চেহেৰা-চৰিত্ৰ বুজিবলৈ অকণো যত্ন নকৰোঁ।

পুৰুষতন্ত্ৰৰ স্বৰূপ ফঁহিয়াই চালে এটা কথা স্পষ্টভাৱে ওলাই পৰে – ইয়াৰ মূল ভিত্তি হ’ল ক্ষমতা। এই ক্ষমতাৰ বাবেই পুৰুষসকল সমাজত অধিষ্ঠিত। তেওঁলোকৰ এই আধিপত্যক দৃঢ়তা প্ৰদান কৰে পুৰুষৰ শাৰীৰিক ক্ষমতাই। দৈহিক বল আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক পুৰুষসকলৰ কৰ্মক্ষমতা তেওঁলোকৰ তৎপৰতাত বিদ্যমান। এই বৈশিষ্ট্যবিলাক অৱশ্যে এনেয়ে অহা নাই। খাদ্য সামগ্ৰীৰ সন্ধানত ঘূৰি ফুৰোতে পুৰুষৰ এই বৈশিষ্ট্যসমূহ বিকশিত হৈছিল। লগতে বহিৰ্বিশ্বৰ সৈতে নানাভাৱে অহৰহ সম্পৰ্কিত হোৱাৰ বাবে তেওঁলোকৰ বুদ্ধি-বৃত্তি আৰু চিন্তা-চৰ্চাৰ পৰিধিও কিছু পৰিমাণে বাঢ়িল। সভ্যতাৰ উন্নতিৰ লগে লগে পুৰুষৰ হাতলৈ আহিল অৰ্থনৈতিক ক্ষমতা আৰু এই নৱলব্ধ অৰ্থনৈতিক ক্ষমতা তেওঁলোকৰ আধিপত্যৰ মূল আধাৰ হৈ পৰিল। অৰ্থনৈতিক আধিপত্যই পুৰুষসকলক দিলে সমাজখনক পৰিচালিত কৰাৰ অবাধ অধিকাৰ। এই অধিকাৰৰ বলত পুৰুষসকল হ’ল নৈতিকতাৰ গুৰিয়াল আৰু এই নৈতিকতাক প্ৰত্যাখ্যান কৰাটো হৈ পৰিল শাস্তিযোগ্য অপৰাধ। . . . লেখক : সন্ধ্যা দেৱী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা

১৯৯০ চনত পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণৰ পোষকতা কৰা মণ্ডল আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কাৰ্যকৰী কৰিব খোজাৰ বিৰুদ্ধে বিশেষকৈ উত্তৰ ভাৰতত ব্যাপক ছাত্ৰ আন্দোলনে দেখা দিছিল। এই আন্দোলনে ৰাজপথৰ ধৰ্নাৰপৰা আত্মজাহলৈকে বিভিন্ন ৰূপ পৰিগ্ৰহ কৰিছিল। এই আন্দোলনৰ মাজতে এটা আচহুৱা দৃশ্য দেখিবলৈ পোৱা গ’ল : দিল্লীৰ কলেজীয়া ছাত্ৰীসকলৰ প্ৰতিবাদী সমদলত এখন বেনাৰত লিখা আছিল ‘আমি নিবনুৱা পতি নিবিচাৰো’। সাংবাদিকে যেতিয়া ছাত্ৰীগৰাকীক সুধিলে, তেওঁ উত্তৰ দিলে যে সংৰক্ষণে ‘তেওঁলোকৰ’ পুৰুষসকলক চাকৰি-বাকৰিৰপৰা বঞ্চিত কৰিব। তেনেহ’লে দেখোন ‘পিছপৰা’ পুৰুষলৈ বিয়া সোমালেই হ’ল? স্বাভাৱিকভাৱেই ছাত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে। এইটো উক্ত বিশাল আন্দোলনটোৰ এটা সৰু দৃশ্যাংশ মাত্ৰ, কিন্তু ইয়াৰ মাধ্যমেৰে আন্দোলনটোৰ এটা অনালোকিত দিশৰ ওপৰত আলোকপাত কৰিব পাৰি যিটো সেই সময়ৰ উদাৰনৈতিক-মানৱতাবাদী পৰ্যবেক্ষকসকলৰ চকুত পৰা নাছিল। মণ্ডল আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণে ছেকুলাৰ, আধুনিক আৰু মানৱতাবাদী ৰাজহুৱা পৰিসৰ আৰু নতুন প্ৰজন্মটোৰ ওপৰত জোৰ-জবৰদস্তি বৰ্ণবাদ জাপি দিছে বুলি অভিযোগ কৰা হৈছিল। বৰ্ণ, সম্প্ৰদায় আৰু লৈংগিক পৰিচয়ৰ ঊৰ্ধ্বত যাব পাৰিলেহে যে সমতা স্থাপন সম্ভৱ মণ্ডল-বিৰোধী আন্দোলনটোৱে সেয়া সজোৰে উত্থাপন কৰিছিল। মণ্ডল-বিৰোধী আন্দোলনকাৰীসকল প্ৰকৃত জাতীয়তাবাদ, ছেকুলাৰবাদ আৰু মানৱতাবাদৰ সাৰ্থক প্ৰতিনিধিৰূপে উদ্ভাসিত হৈ উঠিছিল; তাৰ বিপৰীতে সংৰক্ষণৰ সমৰ্থনকাৰীসকল পৰিগণিত হৈছিল সংকীৰ্ণ বৰ্ণবাদৰ সমৰ্থক হিচাপে। এনে প্ৰেক্ষাপটত উক্ত আচহুৱা দৃশ্যটোৰ ব্যাখ্যা কৰা যায় কেনেকৈ? . . . লেখক : জিতেন বেজবৰুৱা।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

পুৰুষতান্ত্ৰিক পৃথিৱীত নাৰী

“ম’ৰা চৰাইৰ ধুনীয়া দীঘল নেজডালত চকু পৰিলেই মই অসুখী হৈ পৰো।” – নিজৰ এজন সহকৰ্মীৰ আগত কথাষাৰ কৈছিল জীৱৰ বিবৰ্তনৰ সূত্ৰেৰে যুগান্তকাৰী চিন্তা আগ বঢ়োৱা বৈজ্ঞানিক চাৰ্লছ ডাৰউইনে। অসংখ্য কবি-সাহিত্যিকক চিৰদিন মোহমুগ্ধ কৰি ৰখা সেই উজ্জ্বল পালকগুচ্ছৰ প্ৰতি ডাৰউইনৰ এই উক্তিয়ে নিশ্চয় আমাৰ মনত এক স্বাভাৱিক উৎসুকতাৰ জন্ম দিয়ে। মনোৰম প্ৰকৃতিৰ অপাৰ সৌন্দৰ্য পান কৰিব নোৱৰাকৈ ডাৰউইন ইমান নিৰস আছিলনে? কিন্তু ডাৰউইনৰ এই উক্তিৰ স’তে সৌন্দৰ্য পান কৰা-নকৰাৰ কোনো সম্পৰ্ক নাছিল। এই দুখ প্ৰকাশৰ কাৰণ আছিল অন্য। . . . লেখক : বৰ্ণালী বৰুৱা দাস।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

নাৰীৰ পিতৃতন্ত্ৰৰ বন্দনা : প্ৰসংগ ‘লক্ষ্মীৰ পাঁচালী’ ইত্যাদি

নাৰীৰ মূল সামাজিক অৱস্থানক বিভিন্ন শৃংখলেৰে কটকটীয়া কৰাত বিভিন্ন ধৰ্মৰ ভূমিকা অপৰিসীম। সম্পূৰ্ণ পিতৃতান্ত্ৰিক চিন্তাৰে পুষ্ট ধৰ্মীয় চিন্তা-চৰ্চাৰদ্বাৰা অধিকাংশ নাৰীৰ জীৱন পৰিচালিত আৰু নাৰীয়ে নিজেই নিজৰ অৱমাননাকৰ নীতি-নিয়মক শিৰ পাতি শ্ৰদ্ধাৰে গ্ৰহণ কৰিছে। পিতৃতন্ত্ৰই অতি কৌশলেৰে এনে এক অৱস্থা গঢ়ি তুলিছে। পুৰুষৰদ্বাৰা আৱিষ্কৃত ধৰ্মই নিৰ্ধাৰিত কৰি দিছে নাৰীৰ কৰণীয়। কেৱল সেয়ে নহয়, ‘সুলক্ষণী নাৰী’, ‘কুলক্ষণী নাৰী’ৰো সূত্ৰ নিৰ্ধাৰণ কৰি দিছে নাৰীৰ নামত নাৰীৰ বাবে। এই দিশৰপৰাই আলোচনা কৰিব পাৰি নাৰীসকলৰ একাংশৰ ‘আপোন’, সঘনাই শ্ৰৱণ-কীৰ্তন হৈ থকা নাৰীৰ বাবে অৱশ্যপঠনীয় বুলি গণ্য কৰা ‘লক্ষ্মীৰ পাঁচালী’ত উল্লেখ থকা কিছু বিষয়।

হিন্দু ধৰ্মত আমি দেখা পাওঁ দেৱ-দেৱীৰ প্ৰাধান্য। নাৰীক উচ্চ আসন দিয়াৰ উদাহৰণস্বৰূপে দেখুওৱা হয়, কিদৰে লক্ষ্মী, সৰস্বতী, দুৰ্গা, কালী আদিক পূজ্য স্থানত ৰখা হৈছে। একে সময়তে কিন্তু নাৰীক দেখুওৱা হৈছে পুৰুষৰ অধীন, নিজস্ব চিন্তাশক্তিহীন এক সত্তা হিচাপে। এই ক্ষেত্ৰত মনুৱে কৈছে – ‘সৰ্বগুণহীন পুৰুষো সৰ্বগুণযুক্তা নাৰীৰ পূজ্য’। যিহেতু নাৰীৰ জীৱনৰ লক্ষ্য কন্যা, পত্নী আৰু মাতৃৰূপে আনৰ সেৱা কৰা, সেয়ে সৰ্বত্ৰ উপদেশ বিবাহৰ বাবে নিজকে উপযুক্ত কৰিবলৈ আৰু সুন্দৰভাৱে সংসাৰধৰ্ম পালন কৰিবলৈ। নিৰ্দেশ আছে ফকৰা-যোজনাত, ডাকৰ বচনত আৰু ‘লক্ষ্মীৰ পাঁচালী’ত। স্বামীৰ প্ৰতি বিশ্বস্ত হ’বলৈ পৰামৰ্শৰ লগতে ‘অসতী’, ‘কুলক্ষণা’ নাৰীৰ লক্ষণ সন্নিৱিষ্ট হৈছে এইসমূহত। ‘সতী’ শব্দটোৰ কিন্তু পুংলিংগ নাই। সতীত্ব নাৰীৰ বাবে যিমান ডাঙৰ এক শব্দ, কিমান ‘মহান’ তথা ‘অত্যাৱশ্যকীয়’ নাৰীৰ বাবে সেই কথা ৰামায়ণ, মহাভাৰত, পুৰাণ সমস্ত পুথিতে স্পষ্টভাৱেই দেখুওৱা হৈছে। . . . লেখক : অঞ্জু বৰকটকী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

মেঘালয়ৰ মাতৃপ্ৰধান সমাজ : কল্পনা, বাস্তৱ আৰু প্ৰত্যাহ্বান

পুৰুষতান্ত্ৰিক সমাজখনত নাৰীৰ অৱস্থানৰ বিপৰীতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খাচী-জয়ন্তীয়া-গাৰোসকলৰ মাতৃপ্ৰধান সমাজৰ কেতবোৰ দিশ চোৱা যাওক। মাতৃপ্ৰধান সমাজত স্বাভাৱিকতেই সন্তানসকলে আহৰণ কৰে মাতৃৰ বংশ পৰিচয়। সেয়া মেঘালয়ৰ খাচী, গাৰো আৰু জয়ন্তীয়াসকলৰ মাজত চলি অহা পাৰম্পৰিক প্ৰথা। পিছে অলপ ফঁহিয়াই চালে দেখা যায় যে মাতৃপ্ৰধান হ’লেও এইকেইখন সমাজ মাতৃতান্ত্ৰিক নহয়। – এইটো সত্য যে খাচী, গাৰো সমাজত যৌতুক প্ৰথা নাই, খাচীসকলৰ ‘খাটডু’ আৰু গাৰোসকলৰ ‘নক্ৰম’ (ঘৰৰ কনিষ্ঠ কন্যা সন্তান)সকলে পৈতৃক সম্পত্তি আৰু পৈতৃক গৃহৰ মালিকীস্বত্ব পায়। আনকি বিয়াৰ পাছত সচৰাচৰ দেখাৰ বিপৰীত চিত্ৰ পুৰুষসকলহে মহিলাৰ ঘৰলৈ থাকিবলৈ যোৱা দেখা যায়। স্বাভাৱিকতেই সামাজিক জীৱনত ভাৰতৰ আন ঠাইৰ তুলনাত অধিক সবলভাৱে আত্মপ্ৰকাশৰ সুবিধা পায়। ঘৰ-দুৱাৰ চম্ভলাৰ উপৰিও ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰখনতো বিশেষকৈ খাচী মহিলাসকল আগৰণুৱা। . . . লেখক : সুজাতা হাতীবৰুৱা।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

নাৰীয়েই নাৰীৰ শত্ৰু

সাধাৰণতেই নাৰী স্বাধীনতা, নাৰীৰ অধিকাৰ জাতীয় তৰ্ক-বিতৰ্কসমূহ হ’লে কেনেবাকৈ আমি এনেকুৱা সিদ্ধান্তলৈ আহি পৰোঁ – “নাৰীয়েই নাৰীৰ প্ৰধান শত্ৰু, গতিকে এই সম্পৰ্কে আৰু কথা পাতি, বিতৰ্ক কৰি লাভ নাই।” এনে বাক্যৰ আবিৰ্ভাৱৰ লগে লগে সৰহসংখ্যক পুৰুষেই স্বস্তিৰ নিশ্বাস এৰে। নাৰীবাদৰ কথা ওলালেই যেন সেয়া পুৰুষবিৰোধী কোনো প্ৰপাগাণ্ডা। পিছে নাৰীবাদে পুৰুষৰ বিৰোধিতা নকৰে, পুৰুষতন্ত্ৰৰহে বিৰোধী। – হয়, সৰহসংখ্যক পুৰুষ আৰু নাৰীয়ে ভবাৰ দৰে পুৰুষতন্ত্ৰৰ অৰ্থ পুৰুষ নহয়। ই এক ব্যৱস্থা। আমি এই ব্যৱস্থাত জন্ম গ্ৰহণ কৰোঁ, জীৱন যাপন কৰোঁ আৰু মৃত্যুবৰণ কৰোঁ। কথাবোৰ চিৰশ্বাশ্বত, ইউনিভাৰ্ছেল যেনেই লাগে। সৰু এটা উদাহৰণ, “ছোৱালী বিয়া হৈ পৰৰ ঘৰলৈ যোৱাটোৱেই প্ৰকৃতিৰ নিয়ম।” কিন্তু প্ৰকৃতিয়ে এনে কোনো নিয়মৰ প্ৰৱৰ্তন কৰা নাছিল। ই মানুহে সজা নিয়মহে। . . . লেখক : উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

ইছলাম : নাৰী আৰু পুৰুষতন্ত্ৰ

ইছলামপূৰ্ব আৰব জগতত নাৰী আছিল সৰ্বস্তৰতে নিগৃহীতা আৰু বঞ্চিতা – এই কথাটো ইছলামৰ ইতিহাসত ব্যাপক আৰু সবিস্তাৰে প্ৰচাৰিত। ইছলামৰ আবিৰ্ভাবত সেই নাৰীয়ে মুক্তি পালে; ইছলামৰ আগমনত সপ্তম শতিকাতে আৰবত নাৰীয়ে লাভ কৰিলে প্ৰথম সামাজিক অধিকাৰ – এইবোৰ কথা যে সত্য নহয় তাৰ বিষয়ে আমি বহু আলোচনা কৰিছো, ইছলামৰ একমাত্ৰ আৰু পৱিত্ৰতম ধৰ্মগ্ৰন্থ কোৰানৰপৰা বহু আয়াত-উদ্ধৃতিসহ। ইছলাম ধৰ্মৰ প্ৰবৰ্তক হজৰত মহম্মদৰ মহান উত্তৰাধিকাৰ যি হদিছ, যাৰ মৰ্যাদা ইছলামত কোৰানৰ পিছতেই, তাৰপৰাও কিছু নিৰ্বাচিত হদিছ তুলি ধৰি আমি দেখুৱাইছো যে সকলো হদিছ নাৰীৰ বাবে নহয়। কোৰানৰ বহু আয়াত আৰু ৰচুল-পয়গম্বৰৰ অনেক হদিছো নাৰীৰ পক্ষে ৰীতিমতে অসন্মানজনক। তাৰ অৰ্থ এইটো নহয় যে সমগ্ৰ কোৰান আৰু হদিছত নাৰীৰ পক্ষে কোনো নিৰ্দেশ-উপদেশ, বিধি-বিধান নাই। আমি অৱশ্যে কথাটো তেনেদৰে ক’ব বিচৰা নাই। কিন্তু কোৰানৰ যিবোৰ আয়াত বা হদিছ নাৰীৰ প্ৰতিকূল তাক উপেক্ষা কৰাও উচিত নহয়। সকলো ধৰ্মৰ ধৰ্মগ্ৰন্থতে নাৰীৰ অনুকূলে কিছু অমৃততুল্য সুন্দৰ সুন্দৰ কথা থাকে, কিন্তু তাৰ বাহিৰে আন সকলোখিনিয়েই গৰল। তাৰ বিৰুদ্ধে মাত মাতিলেই বিপদ, সকলো জাঙুৰ খাই উঠে। কোনো ধৰ্মই নাৰীক নিজৰ জীৱন নিৰ্ধাৰণ কৰাৰ অধিকাৰ প্ৰদান কৰা নাই। ইছলাম ধৰ্মই দাবী কৰে – এই ধৰ্মই নাৰী-পুৰুষৰ সাম্য প্ৰতিষ্ঠা কৰিছে, এই দাবী দৰাচলতে ভিত্তিহীন। . . . মূল : কংকৰ সিংহ, অনুবাদ : শৈলেন গোহাঁই

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

‘এষণা’, জুলাই, ২০১৫

‘যুক্তি-বিকাশ সমিতি, অসম’ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। পূৰ্বৰ চাৰিটা সংখ্যাৰ দৰেই ‘এষণা’ৰ এই পঞ্চম সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। ‘বৰেণ্য যুক্তিবাদী বিশেষ’ এই সংখ্যাটিত অসম, ভাৰত তথা চুবুৰীয়া দেশৰ মুঠ ছজন যুক্তিবাদী কৰ্মী-চিন্তাবিদৰ জীৱন, কৰ্ম আৰু চিন্তাধাৰাৰ আলোচনা-বিশ্লেষণ দাঙি ধৰা হৈছে আৰু তাৰ মাধ্যমেৰে যুক্তিবাদী আন্দোলনৰ সমস্যা আৰু সম্ভাৱনাসমূহৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে। উক্ত ছ-টা লেখাৰ লগতে অন্যান্য দুটা লেখা তথা ‘যুক্তিবাদ আৰু ঐতিহ্য’ সম্পৰ্কীয় সম্পাদকীয়ক সামৰি ‘এষণা’ৰ পঞ্চম সংখ্যাৰ ৱেব সংস্কৰণটো আপোনাৰ অধ্যয়ন তথা বক্তব্যৰ বাবে মুকলি কৰি দিয়া হ’ল। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
যুক্তিবাদ আৰু ঐতিহ্য

বৰেণ্য যুক্তিবাদী বিশেষ
মানৱেন্দ্ৰনাথ ৰায়–সন্ধ্যা দেৱী
বিপ্লৱী ভগৎ সিং আৰু তেওঁৰ যুক্তিবাদী দৰ্শন–আৰহান ইনামূল
আব্ৰাহাম থোম্মা কোভুৰ : কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামী এক জীৱন–ডা: প্ৰবীণ কুমাৰ নেওগ
আৰজ আলি মাতুব্বৰ : স্ববীক্ষণ,যুক্তিজিজ্ঞাসা আৰু বিবেকী বিদ্ৰোহ–শৈলেন গোহাঁই
যুক্তিমনস্ক মানৱতাবাদী হৰেন্দ্ৰনাথ শৰ্মা–প্ৰসেনজিৎ চৌধুৰী
অভিজিৎ ৰায় : এক অনিৰ্বাণ বহ্নিশিখা–কৌশিক দাস

অন্যান্য প্ৰবন্ধ
পশ্চিমীয়া সমাজত জ্যোতিষ–পূৰৱী দেৱী

ব্যক্তিগত বিশেষ
ধৰ্মীয় অপচয়–কানাই গগৈ
……………………………..
সংবাদ
প্ৰকাশ পালে . . . প্ৰকাশ পালে . . .
যুক্তি-বিকাশ সমিতি,অসম-ৰ অনলাইন আলোচনী
মুক্ত চিন্তা
কৌশিক দাসৰ মুখ্য সম্পাদনা,
বৰ্ণালী বৰুৱা দাস আৰু জিতেন বেজবৰুৱাৰ সম্পাদনা
তথা শিতান আৰু বিষয় অনুযায়ী এক সুসংগঠিত সম্পাদনা গোটৰ সমূহীয়া উদ্যোগত প্ৰকাশিত
বিষয়-বৈচিত্ৰ্যৰে ভৰপূৰ আৰু ভিন্ন দৃষ্টিকোণেৰে সমৃদ্ধ
আলোচনীখনৰ বাবে আজিয়েই দৰ্শন কৰক আমাৰ ৱে’বছাইট
http://www.muktosinta.org

যুক্তিবাদ আৰু ঐতিহ্য

দীৰ্ঘদিনীয়া ঔপনিবেশিক শাসনে শাসিতৰ মনত দুইধৰণৰ বিপৰীতধৰ্মী মানসিকতাৰ জন্ম দিয়ে–এটা হ’ল আনুগত্য-অনুকৰণৰ মানসিকতা,আনটো হ’ল প্ৰতিৰোধ-প্ৰত্যাখ্যানৰ মানসিকতা। আমাৰ সমাজত সাংস্কৃতিক বশ্যতাক মহিমান্বিত কৰিব বিচৰা ৰক্ষণশীল মহলৰ চতুৰ নেতৃত্বই সাধাৰণতে দ্বিতীয়বিধ মানসিকতাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰে। কোনো এটা ভাবাদৰ্শ তেওঁলোকৰ পছন্দ নহ’লে উদ্দাম কন্ঠে তেওঁলোকে চিঞৰিব ধৰে–এইবোৰ পশ্চিমৰপৰা আমদানি কৰা বস্তু,আমাৰ সমাজত একেবাৰে আচহুৱা,আমাৰ দেশৰ বাবে ক্ষতিকৰ। কোৱা বাহুল্য, ভাৰতীয় মানসত পাশ্চাত্যৰ লগত ঔপনিবেশিক শাসন তথা সাংস্কৃতিক আধিপত্যৰ ক্ষোভ-সঞ্চাৰকাৰী স্মৃতি জড়িত হৈ আছে। এই অনুষংগৰ ওপৰত ভেঁজা দি উত্তৰ-ঔপনিবেশিক কালতো সাংস্কৃতিক স্থিতাৱস্থাক ৰক্ষণাবেক্ষণ দিব বিচৰা শক্তিবোৰে কাম্য আধুনিকতাৰ বিপক্ষে নিজৰ যুক্তিবোৰ জাতীয়তাবাদৰ পৰিশুদ্ধ পোছাক পিন্ধাই সাধাৰণ মানুহৰ আগত দাঙি ধৰে। নাৰী-মুক্তিৰ বা ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শক নাকচ কৰোতে সাধাৰণতে এনে কৌশল সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা হয়। জনসাধাৰণে ভাবে,ৰক্ষণশীলতাক ৰক্ষণাৱেক্ষণ দিয়া নাই,সাংস্কৃতিক সাম্ৰাজ্যবাদৰহে বিৰোধিতা কৰিছে। . . . . . . সম্পাদকীয়।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation

%d bloggers like this: