এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the category “সম্পাদকীয়”

‘এষণা’, আগষ্ট, ২০১৬

‘যুক্তি-বিকাশ সমিতি, অসম’ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। পূৰ্বৰ ছয়োটা সংখ্যাৰ দৰেই ‘এষণা’ৰ এই সপ্তম সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। সম্পাদকীয়কে ধৰি মুঠ সাতটা লেখাৰে সমৃদ্ধ ‘এষণা’ৰ সপ্তম সংখ্যাৰ ৱেব সংস্কৰণটো আপোনাৰ অধ্যয়ন তথা বক্তব্যৰ বাবে মুকলি কৰি দিয়া হ’ল। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
কৰ্মফল তত্ত্ব : মনো- সামাজিক ভূমিকা

প্ৰবন্ধ
বৌদ্ধিক দাসত্ব বনাম বৌদ্ধিক স্বাধীনতা – টুনুজ্যোতি গগৈ
অন্ধবিশ্বাসৰ ৰাজনীতি – শৈলেন গোহাঁই
বিজ্ঞান নে বাণিজ্য? – অতনু কুমাৰ দত্ত
গণতন্ত্ৰ বনাম ধৰ্মতন্ত্ৰ – নিতুল চাংমাই
স্বাস্থ্য, সংস্কাৰ-অসজাগতা, ডাইনী বিশ্বাস আৰু সমাধানৰ পথ – ডা: নাট্যবীৰ দাস
আম্বেদকাৰৰ প্ৰাসংগিকতা : দুই-এটা দিশ – জিতেন বেজবৰুৱা

Advertisements

কৰ্মফল তত্ত্ব : মনো-সামাজিক ভূমিকা

জীৱনৰ সংকট-জঞ্জালে বিপন্ন-বিব্ৰত কৰা হিন্দুৰ মুখত প্ৰায়ে এষাৰ কথা শুনা যায় : পূৰ্বজন্মৰ পাপৰ ফল ভোগ কৰিছোঁ। জন্মান্তৰৰ ধাৰণা হিন্দু ধৰ্মত বেছ সুলভ। তত্ত্বগধুৰ ধৰ্মপুথিৰপৰা জনপ্ৰিয় পুৰাণ – সকলোতে পূৰ্বজন্ম/পৰজন্মৰ কথা পাওঁ। ইয়াৰ সৈতে অবিচ্ছেদ্যভাৱে যুক্ত হৈ থাকে পাপ-পুণ্যৰ ধাৰণাটো। এখন পুৰাণত থোৰতে আৰু স্পষ্টকৈ কৰ্মফল তত্ত্বৰ মূল মৰ্ম এইদৰে ব্যক্ত কৰা হৈছে : ‘মানুহে নিজ নিজ কৰ্ম অনুসাৰে শুভ আৰু অশুভ জন্ম লাভ কৰে।’ এই বহল প্ৰচাৰিত তত্ত্বৰ ভিত্তিত এটা কথা ক’ব পাৰি : হিন্দুৰ ইহ জীৱনৰ সৈতে আৰু দুটা জীৱন জড়িত – এটা অতিক্ৰান্ত (পূৰ্বজন্ম), আনটো অনাগত (পৰজন্ম)।

কৰ্মফল তত্ত্বৰ প্ৰভাৱ গভীৰ আৰু ব্যাপক। জীৱনৰ বহুতো ঘটনা তথা অভিজ্ঞতা ইয়াৰ আলমত ব্যাখ্যা কৰাটো সম্ভৱ। অৱশ্যে ইয়াৰ ব্যাখ্যাৰ ক্ষেত্ৰ ব্যক্তি-জীৱনতে সীমিত নহয়। সমাজ-গাঁথনিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশকো কৰ্মফল তত্ত্বই সাঙুৰি লয়। পণ্ডিতপ্ৰবৰ ৰাহুল সাংকৃত্যায়নে এঠাইত লিখিছে যে বেদত পৰলোকৰ কল্পনা আছে যদিও পূৰ্বজন্ম সম্বন্ধে কোনো কথা তাত নাই। কিন্তু পৰৱৰ্তী কালত সমাজত বিৰাজমান অৰ্থনৈতিক বৈষম্যক যুক্তিসন্মত ৰূপ দিয়াৰ উদ্দেশ্যে উপনিষদৰ ঋষিয়ে জন্মান্তৰৰ ধাৰণাটো উদ্ভাৱন কৰে। ৰাহুল সাংকৃত্যায়নৰ এই সূক্ষ্মদৰ্শী অৰ্থৱহ উক্তিৰপৰা বুজিব পাৰি যে জন্মান্তৰবাদ তথা কৰ্মফলৰ ধাৰণা আচলতে বৈষম্যমূলক সমাজ-ব্যৱস্থাক সুৰক্ষা প্ৰদান কৰা এবিধ অমোঘ অস্ত্ৰ। এই মতাদৰ্শগত অস্ত্ৰৰ শক্তি আৰু সাফল্যৰ প্ৰধান উৎস হ’ল – ইয়াৰ ধৰ্ম-নিৰপেক্ষ উদ্দেশ্য/ভূমিকাৰ সম্ভেদ নাপায় সাধাৰণ মানুহে, ধৰ্মৰ পোছাক পিন্ধি ই বিশ্বাসী মানুহৰ মনত থিতাপি লয়। মন কৰিবলগীয়া কথা হ’ল, কেৱল যুক্তি উদ্ভাৱন কৰাতে কৰ্মফল তত্ত্ব ক্ষান্ত নাথাকে। ই আপোচ আৰু আত্মসমৰ্পণৰ ভাব মানুহৰ মনৰ গহনত সুমুৱাই দিয়ে বিবিধ কৌশলেৰে। . . . সম্পাদকীয়, এষণা, আগষ্ট, ২০১৬।

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

‘এষণা’, জানুৱাৰি, ২০১৬

‘যুক্তি-বিকাশ সমিতি, অসম’ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। পূৰ্বৰ পাঁচটা সংখ্যাৰ দৰেই ‘এষণা’ৰ এই ষষ্ঠ সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। মুঠ ন-টা লেখা সন্নিৱিষ্ট ‘এষণা’ৰ এই ‘পুৰুষতন্ত্ৰ বিশেষ’ ষষ্ঠ সংখ্যাৰ ৱেব সংস্কৰণটো আপোনাৰ অধ্যয়ন তথা বক্তব্যৰ বাবে মুকলি কৰি দিয়া হ’ল। – যুক্তি-বিকাশ সমিতি, অসম

পুৰুষতন্ত্ৰ বিশেষ সংখ্যা

সূচীপত্ৰ

সম্পাদকীয়
প্ৰসংগ পুৰুষতন্ত্ৰ – কৌশিক দাস

প্ৰবন্ধ
পৰম্পৰা আৰু পুৰুষতন্ত্ৰ – প্ৰসেনজিৎ চৌধুৰী
ক্ষমতা আৰু পুৰুষতন্ত্ৰ – সন্ধ্যা দেৱী
বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা – জিতেন বেজবৰুৱা
পুৰুষতান্ত্ৰিক পৃথিৱীত নাৰী – বৰ্ণালী বৰুৱা দাস
নাৰীৰ পিতৃতন্ত্ৰৰ বন্দনা : প্ৰসংগ ‘লক্ষ্মীৰ পাঁচালী’ ইত্যাদি – অঞ্জু বৰকটকী
মেঘালয়ৰ মাতৃপ্ৰধান সমাজ : কল্পনা, বাস্তৱ আৰু প্ৰত্যাহ্বান – সুজাতা হাতীবৰুৱা
নাৰীয়েই নাৰীৰ শত্ৰু – উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা

অনুবাদ
ইছলাম : নাৰী আৰু পুৰুষতন্ত্ৰ – মূল : কংকৰ সিংহ, অনুবাদ : শৈলেন গোহাঁই

সম্পাদকীয় : প্ৰসংগ পুৰুষতন্ত্ৰ

অনুন্নত জীৱৰ প্ৰজননৰ বাবে ভিন্ন লিংগৰ প্ৰয়োজন নহয়। কিন্তু জীৱৰ ক্ৰমবিৱৰ্তনৰ ফলত উদ্ভূত পৰৱৰ্তী পৰ্যায়ৰ উন্নত জীৱসমূহৰ বংশবিস্তাৰ ঘটে যৌন প্ৰজননৰ জৰিয়তে। দুটা পৃথক লিংগৰ উপস্থিতি জীৱৰ ক্ৰমবিৱৰ্তনৰেই পৰিণতি। মানৱ-প্ৰজাতিৰ মাজতো পুৰুষ আৰু নাৰী, এই দুই পৃথক লিংগৰ উপস্থিতি স্বাভাৱিকতেই বিদ্যমান। কথাটো প্ৰত্যক্ষভাৱে মানৱ-প্ৰজাতিটো পৃথিৱীত বৰ্তি থকাৰ সৈতে সম্পৰ্কিত। অৰ্থাৎ, দুই পৃথক লিংগৰ উপস্থিতি জৈৱিক দিশৰপৰা ইতিবাচক। – এই কথাটোৱে মানুহৰ বাদে অন্যান্য জীৱকুলত তেনেকৈ একো বেমেজালিৰ সৃষ্টি নকৰে। কিন্তু মানুহৰ বেলিকা দুটা পৃথক লিংগৰ উপস্থিতিৰ কথাটো কিছুমান অতি তাৎপৰ্যপূৰ্ণ ঘটনাৰ সৈতে সম্পৰ্কিত হৈ পৰে। কিয়নো মানৱ-প্ৰজাতিৰ ক্ষেত্ৰত এটা একক আৰু অনন্য পৰিঘটনা সংঘটিত হৈ আহিছে। সেইটো হ’ল, মানৱ-সমাজৰ ঘটনাঘন আৰু জংগম সামাজিক বিৱৰ্তন। এই কথাটোৰ বাবেই প্ৰাকৃতিকভাৱে উদ্ভূত কিছুমান কথাই – যেনে, দুই পৃথক লিংগৰ উপস্থিতিৰ কথাটোৱে – মানৱ-সমাজত সুকীয়া ৰূপ ধাৰণ কৰে। মানৱ-সমাজখন যিহেতু অহৰহ সামাজিকভাৱে বিৱৰ্তিত হৈ আছে, সেইবাবেই দুই পৃথক লিংগৰ উপস্থিতিয়ে জন্ম দিয়া ঘটনাক্ৰমৰ সামাজিক অভিঘাতৰ ৰেহৰূপৰো পৰিবৰ্তন হৈ থাকে। মানৱ-সমাজখনৰ সামাজিক বিৱৰ্তনৰ সৈতে সংগতি ৰাখি তেনে পৰিবৰ্তন সংঘটিত হয়। মানৱ-সমাজখনৰ বাবে পৃথক লিংগ জৈৱিকভাৱে অপৰিহাৰ্য। কিন্তু এই অপৰিহাৰ্য আৰু ইতিবাচক কথাটো বেমেজালিৰ উৎস হৈ পৰিল মানৱ-সমাজখনৰেই সামাজিক বিৱৰ্তনৰ ফলত। কালক্ৰমত, সামাজিক বিৱৰ্তনৰ এটা পৰ্যায়ত পুৰুষ লিংগটোৱে সামাজিক কৰ্মকাণ্ডবোৰক নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। পুৰুষ-প্ৰাধান্যই ক্ৰমাৎ পুৰুষ-আধিপত্য আৰু পুৰুষ-প্ৰভুত্বৰ অবয়ব ধাৰণ কৰিলে। স্বাভাৱিকতেই মানুহৰ সামাজিক ৰীতি-নীতি, আচাৰ-অনুষ্ঠান আদিত পুৰুষৰ নিৰংকুশ আধিপত্য প্ৰতিফলিত হ’বলৈ ধৰিলে। প্ৰভুত্বৰ অস্তিত্ব সদায় দাস-নিৰ্ভৰ। গতিকে, স্বাভাৱিকতেই নাৰী-অৱদমন পুৰুষ-প্ৰভুত্বৰ অবিেচ্ছদ্য অংগ হৈ পৰিল। ক’বলৈ গ’লে, সমগ্ৰ মানৱীয় মূল্যবোধ সম্পৃক্ত হৈ পৰিল পুৰুষ-প্ৰভুত্বৰ সৈতে। এই কথাটোৱে পুৰুষৰ প্ৰভুত্বৰ লগতে নাৰী-অৱদমনক এটা সবল প্ৰাতিষ্ঠানিক ৰূপ প্ৰদান কৰিলে। এই কৰ্তৃত্ববাদী আৰু আধিপত্যধৰ্মী পুংলিংগভিত্তিক সামাজিক মূল্যবোধৰ প্ৰাতিষ্ঠানিক অবয়ব আৰু তৎজনিত সামাজিক ৰীতি-নীতিক আমি বহল ভিত্তিত পুৰুষতন্ত্ৰ বুলি ক’ব পাৰো। . . . লেখক : কৌশিক দাস।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

‘এষণা’, জুলাই, ২০১৫

‘যুক্তি-বিকাশ সমিতি, অসম’ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। পূৰ্বৰ চাৰিটা সংখ্যাৰ দৰেই ‘এষণা’ৰ এই পঞ্চম সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। ‘বৰেণ্য যুক্তিবাদী বিশেষ’ এই সংখ্যাটিত অসম, ভাৰত তথা চুবুৰীয়া দেশৰ মুঠ ছজন যুক্তিবাদী কৰ্মী-চিন্তাবিদৰ জীৱন, কৰ্ম আৰু চিন্তাধাৰাৰ আলোচনা-বিশ্লেষণ দাঙি ধৰা হৈছে আৰু তাৰ মাধ্যমেৰে যুক্তিবাদী আন্দোলনৰ সমস্যা আৰু সম্ভাৱনাসমূহৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে। উক্ত ছ-টা লেখাৰ লগতে অন্যান্য দুটা লেখা তথা ‘যুক্তিবাদ আৰু ঐতিহ্য’ সম্পৰ্কীয় সম্পাদকীয়ক সামৰি ‘এষণা’ৰ পঞ্চম সংখ্যাৰ ৱেব সংস্কৰণটো আপোনাৰ অধ্যয়ন তথা বক্তব্যৰ বাবে মুকলি কৰি দিয়া হ’ল। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
যুক্তিবাদ আৰু ঐতিহ্য

বৰেণ্য যুক্তিবাদী বিশেষ
মানৱেন্দ্ৰনাথ ৰায়–সন্ধ্যা দেৱী
বিপ্লৱী ভগৎ সিং আৰু তেওঁৰ যুক্তিবাদী দৰ্শন–আৰহান ইনামূল
আব্ৰাহাম থোম্মা কোভুৰ : কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামী এক জীৱন–ডা: প্ৰবীণ কুমাৰ নেওগ
আৰজ আলি মাতুব্বৰ : স্ববীক্ষণ,যুক্তিজিজ্ঞাসা আৰু বিবেকী বিদ্ৰোহ–শৈলেন গোহাঁই
যুক্তিমনস্ক মানৱতাবাদী হৰেন্দ্ৰনাথ শৰ্মা–প্ৰসেনজিৎ চৌধুৰী
অভিজিৎ ৰায় : এক অনিৰ্বাণ বহ্নিশিখা–কৌশিক দাস

অন্যান্য প্ৰবন্ধ
পশ্চিমীয়া সমাজত জ্যোতিষ–পূৰৱী দেৱী

ব্যক্তিগত বিশেষ
ধৰ্মীয় অপচয়–কানাই গগৈ
……………………………..
সংবাদ
প্ৰকাশ পালে . . . প্ৰকাশ পালে . . .
যুক্তি-বিকাশ সমিতি,অসম-ৰ অনলাইন আলোচনী
মুক্ত চিন্তা
কৌশিক দাসৰ মুখ্য সম্পাদনা,
বৰ্ণালী বৰুৱা দাস আৰু জিতেন বেজবৰুৱাৰ সম্পাদনা
তথা শিতান আৰু বিষয় অনুযায়ী এক সুসংগঠিত সম্পাদনা গোটৰ সমূহীয়া উদ্যোগত প্ৰকাশিত
বিষয়-বৈচিত্ৰ্যৰে ভৰপূৰ আৰু ভিন্ন দৃষ্টিকোণেৰে সমৃদ্ধ
আলোচনীখনৰ বাবে আজিয়েই দৰ্শন কৰক আমাৰ ৱে’বছাইট
http://www.muktosinta.org

যুক্তিবাদ আৰু ঐতিহ্য

দীৰ্ঘদিনীয়া ঔপনিবেশিক শাসনে শাসিতৰ মনত দুইধৰণৰ বিপৰীতধৰ্মী মানসিকতাৰ জন্ম দিয়ে–এটা হ’ল আনুগত্য-অনুকৰণৰ মানসিকতা,আনটো হ’ল প্ৰতিৰোধ-প্ৰত্যাখ্যানৰ মানসিকতা। আমাৰ সমাজত সাংস্কৃতিক বশ্যতাক মহিমান্বিত কৰিব বিচৰা ৰক্ষণশীল মহলৰ চতুৰ নেতৃত্বই সাধাৰণতে দ্বিতীয়বিধ মানসিকতাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰে। কোনো এটা ভাবাদৰ্শ তেওঁলোকৰ পছন্দ নহ’লে উদ্দাম কন্ঠে তেওঁলোকে চিঞৰিব ধৰে–এইবোৰ পশ্চিমৰপৰা আমদানি কৰা বস্তু,আমাৰ সমাজত একেবাৰে আচহুৱা,আমাৰ দেশৰ বাবে ক্ষতিকৰ। কোৱা বাহুল্য, ভাৰতীয় মানসত পাশ্চাত্যৰ লগত ঔপনিবেশিক শাসন তথা সাংস্কৃতিক আধিপত্যৰ ক্ষোভ-সঞ্চাৰকাৰী স্মৃতি জড়িত হৈ আছে। এই অনুষংগৰ ওপৰত ভেঁজা দি উত্তৰ-ঔপনিবেশিক কালতো সাংস্কৃতিক স্থিতাৱস্থাক ৰক্ষণাবেক্ষণ দিব বিচৰা শক্তিবোৰে কাম্য আধুনিকতাৰ বিপক্ষে নিজৰ যুক্তিবোৰ জাতীয়তাবাদৰ পৰিশুদ্ধ পোছাক পিন্ধাই সাধাৰণ মানুহৰ আগত দাঙি ধৰে। নাৰী-মুক্তিৰ বা ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শক নাকচ কৰোতে সাধাৰণতে এনে কৌশল সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা হয়। জনসাধাৰণে ভাবে,ৰক্ষণশীলতাক ৰক্ষণাৱেক্ষণ দিয়া নাই,সাংস্কৃতিক সাম্ৰাজ্যবাদৰহে বিৰোধিতা কৰিছে। . . . . . . সম্পাদকীয়।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

‘এষণা’, অক্টোবৰ-ডিচেম্বৰ, ২০১৪

‘যুক্তি-বিকাশ সমিতি, অসম’ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ দৰেই ‘এষণা’ৰ এই চতুৰ্থ সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। জ্যোতিষ-বিশেষ এই সংখ্যাত জ্যোতিষ-বিশ্বাস তথা ইয়াক কেন্দ্ৰ কৰি গঢ় লোৱা ব্যৱসায়ৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ লগতে ইয়াক প্ৰতিহত তথা নিৰ্মূল কৰাৰ পথ সম্পৰ্কেও আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে। তদুপৰি সদ্যপ্ৰয়াত বিশিষ্ট যুক্তিবাদী-মানৱতাবাদী লেখক হৰেন্দ্ৰ নাথ শৰ্মাৰ প্ৰতি আমাৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
জ্যোতিষ আৰু ৰাজনীতি

জ্যোতিষ বিশেষ
জ্যোতিষ সম্পৰ্কে যৎকিঞ্চিৎ – প্ৰসেনজিৎ চৌধুৰী
জ্যোতিষ বিশ্বাসৰ মনস্তত্ত্ব – উদ্দীপ তালুকদাৰ
জ্যোতিষ আৰু দেশৰ আইন – ৰক্তিম শৰ্মা
জ্যোতিষ-জ্যোতিৰ্বিজ্ঞান আদি – অতনু কুমাৰ দত্ত
অসম মুলুকৰ জ্যোতিষীৰ কথাৰে – নিতুল চাংমাই

অন্যান্য প্ৰবন্ধ
বিজ্ঞানমনস্কতা : ডাইনী বিশ্বাস নিৰ্মূলৰ একমাত্ৰ উপায় – শৈলেন্দ্ৰ মোহন দাস

শ্ৰদ্ধাঞ্জলি

বিশিষ্ট যুক্তিবাদী-মানৱতাবাদী লেখক তথা কৰ্মী হৰেন্দ্ৰ নাথ শৰ্মাৰ যোৱা ৮ জানুৱাৰিত দেহাৱসান ঘটে৷ মাৰ্ক্সবাদৰদ্বাৰা অনুপ্ৰাণিত প্ৰখৰভাৱে যুক্তিবাদী শৰ্মাই ওৰে জীৱনজুৰি অন্ধসংস্কাৰাচ্ছন্ন সমাজৰ ঈশ্বৰৰ ধাৰণাকে ধৰি প্ৰতিটো অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনাৰে কলম চলাই গৈছিল৷ যুক্তিবোধৰ উপৰি তেওঁৰ আছিল হাজাৰ প্ৰতিকূলতাৰ মাজতো নিজৰ প্ৰমূল্যক লৈ জীয়াই থকাৰ দুৰ্দান্ত সাহস৷ যুক্তিবোধ, সাহস আৰু সততাৰ এনে সমন্বয়ে তেওঁৰ লেখকসত্তাৰ লগতে ব্যক্তিত্বক প্ৰদান কৰিছিল অনুকৰণীয় আয়তন৷ শৰ্মাৰ নেতৃত্বতে পাঠশালাত ২০০৫ চনত ‘মানৱতাবাদী সমাজ’ নামৰ যুক্তিবাদী-মানৱতাবাদী সংগঠনৰ জন্ম হৈছিল৷ জীৱিত অৱস্থাতে তেওঁ মৰণোত্তৰ দেহদান কৰি থৈ গৈছিল, তদুপৰি তেওঁৰ মৃত্যুৰ পাছত যাতে মৃতকৰ লগত জড়িত কোনোধৰণৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰা নহয় তাৰ বাবেও জীৱিত অৱস্থাতে পৰিয়ালক সতৰ্ক কৰি গৈছিল৷

সংস্কৃত সাহিত্যৰো অগাধ পণ্ডিত শৰ্মাই ‘গীতা : নৱমূল্যায়ন’ পুথিত গীতাৰ বিজ্ঞানসন্মত ব্যাখ্যা দাঙি ধৰিছিল৷ প্ৰগতিশীল চিন্তাৰে সমৃদ্ধ শৰ্মাৰ আন কেইখনমান গুৰুত্বপূৰ্ণ পুথি হ’ল ‘ঈশ্বৰ নাই কিয়’, ‘মই কিয় নাস্তিক’ (অনুবাদ), ‘বিশ্বাসৰপৰা বিজ্ঞানলৈ’, ‘বৈদিক সাহিত্য আৰু আধুনিক বিজ্ঞান’, ‘নাৰী আৰু সমাজ’, ‘সংস্কৃতিৰ সংকট’ আদি৷
প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মাৰ চিন্তা তথা ব্যক্তিত্ব নতুন প্ৰজন্মৰ বাবে স্মৰণীয় আৰু পাথেয়৷ তেওঁলৈ ‘এষণা’ৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷ – সম্পাদনা সমিতি

গ্ৰন্থ-বাৰ্তা

‘যুক্তি-বিকাশ সমিতি, অসম’ৰদ্বাৰা ইতিপূৰ্বে প্ৰকাশিত ৬খন পুস্তিকা আৰু বিভিন্ন প্ৰসিদ্ধ লেখকৰ ধৰ্ম তথা অন্ধবিশ্বাস-সম্পৰ্কীয় ১২টা যুক্তিবাদী লেখাৰ অসমীয়া অনুবাদৰ (অন্যান্য সংযোজনসহ) মূল্যৱান সংকলন –

প্ৰসেনজিৎ চৌধুৰী আৰু ইন্দিবৰ দেউৰী সম্পাদিত

যুক্তিৰ পোহৰত সমাজ

প্ৰকাশক : অসম পাবলিচিং কোম্পানী৷ মূল্য : ২৫০ টকা৷

আপোনাৰ কপিটো সংগ্ৰহ কৰিলেনে?

ধন্যবাদ

জ্যোতিষ আৰু ৰাজনীতি

ভৱিষ্যৎ-ভাবনাই প্ৰাগৈতিহাসিক যুগৰপৰাই মানৱ-মনক উদ্বেগ-উৎকণ্ঠাৰে আচ্ছন্ন কৰি আহিছে৷ এই উদ্বেগ-উৎকণ্ঠাৰ চৰিত্ৰ সলনি হ’লেও তাৰ পীড়াদায়ক উপস্থিতিৰপৰা মানুহৰ মন-মেজাজ আজিও মুক্ত হ’ব পৰা নাই৷ জ্যোতিষৰ যি জনপ্ৰিয়তা তাৰ সৈতে মানুহৰ এই অস্বস্তিকৰ মানসিক অৱস্থাৰ ওতপ্ৰোত সম্পৰ্ক থকা বুলি অনায়াসে অনুমান কৰিব পাৰি৷ অনাগত কালৰ অচিন গৰ্ভত কি লুকাই আছে তাৰ সম্ভেদ পাবলৈ মানুহৰ আগ্ৰহ প্ৰায় সাৰ্বজনীন৷ ভৱিষ্যৎ-সন্ধিৎসু মানুহে সাধাৰণতে দুটা কাৰণে জ্যোতিষৰ শৰণাপন্ন হয় : (১) ভৱিষ্যৎ সম্বন্ধে তথ্য জানিবলৈ, (২) কেনেকৈ নিজৰ আকাংক্ষা অনুযায়ী ভৱিষ্যতক গঢ় দিব পাৰি তাৰ নিৰ্দিষ্ট নিৰ্দেশ পাবলৈ৷ জ্যোতিষ-বিশ্বাসীসকল সাধাৰণতে অতীতক লৈ বৰ বেছি চিন্তিত নহয়৷ বৰঞ্চ ‘ত্ৰিকালজ্ঞ’ জ্যোতিষীয়েহে কৌশলেৰে অতীতৰ কথা কৈ আত্ম-বিপণনৰ চেষ্টা চলায়৷ অৱশ্যে অতীত-বিমুখ হ’লেও জ্যোতিষ-বিশ্বাসীয়ে বৰ্তমানৰ সমস্যা-সংকটৰপৰা পৰিত্ৰাণ পাবলৈও জ্যোতিষীৰ কাষ চাপে৷ পিছে এই ক্ষেত্ৰতো বৰ্তমান-কেন্দ্ৰিক দুৰ্ভাবনা ভৱিষ্যতৰ সৈতে সম্পৃক্ত, কিয়নো বৰ্তমানৰ দুশ্চিন্তা নিৰসনৰ ওপৰতহে নিৰুদ্বেগ-নিশ্চিন্ত ভৱিষ্যতৰ অস্তিত্ব বহু পৰিমাণে নিৰ্ভৰ কৰে৷ . . . . . . সম্পাদকীয়

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

‘এষণা’, জুলাই-ছেপ্টেম্বৰ, ২০১৪

যুক্তি-বিকাশ সমিতি, অসম-ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ দৰেই ‘এষণা’ৰ এই তৃতীয় সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। সদ্যপ্ৰয়াত যশস্বী পণ্ডিত আৰু ইতিহাসবিদ সুকুমাৰী ভট্টাচাৰ্যৰ অৱদানক আলোকিত কৰাৰ উদ্দেশ্যৰে আমি এই সংখ্যাত তিনিটা লেখা আগ বঢ়াইছো। তদুপৰি সদ্যপ্ৰয়াত প্ৰসিদ্ধ ইতিহাসবিদ বিপান চন্দ্ৰৰ প্ৰতি আমাৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
প্ৰাচীন ভাৰত আৰু বৈজ্ঞানিক শ্ৰেষ্ঠতা

সুকুমাৰী ভট্টাচাৰ্য শ্ৰদ্ধাৰ্ঘ
সুকুমাৰী ভট্টাচাৰ্য : প্ৰতিবাদী প্ৰতিভা – চণ্ডী শেঠ
সুকুমাৰী ভট্টাচাৰ্যৰ এখন মনন-সমৃদ্ধ পুথি : ‘গীতা কেন?’ – মুনীন শৰ্মা
বেদৰ গৰল, বেদৰ অমৃত – সুকুমাৰী ভট্টাচাৰ্য, অনুবাদ : বিমলানন্দ বৰুৱা

অন্যান্য প্ৰবন্ধ
চিন্তাৰ স্বাধীনতা বনাম ঐতিহ্যপ্ৰীতি : ডনিজাৰ প্ৰসংগ – প্ৰসেনজিৎ চৌধুৰী
বিজ্ঞানৰ শিক্ষা – উদ্দীপ তালুকদাৰ
e-কুসংস্কাৰ আৰু ছদ্ম-অন্ধবিশ্বাসীসকল – গৌৰীশংকৰ ভূঞা
নাৰী স্বাধীনতা আৰু পুঁজিতন্ত্ৰ – আবিদ আজাদ
এন’ৰেক্সিয়া নাৰ্ভ’ছা – বৰ্ণালী বৰুৱা দাস

শ্ৰদ্ধাঞ্জলি

প্ৰসিদ্ধ ইতিহাসবিদ বিপান চন্দ্ৰ (১৯২৮-২০১৪)ৰ যোৱা ৩০ আগষ্টত দেহাৱসান ঘটে৷ ভাৰতৰ স্বাধীনতা সংগ্ৰাম, ঔপনিৱেশিক ভাৰতবৰ্ষত অৰ্থনৈতিক জাতীয়তাবাদৰ উত্থান, সাম্প্ৰদায়িকতাবাদ, মহাত্মা গান্ধী সম্পৰ্কত আলোকসন্ধানী ঐতিহাসিক চৰ্চাৰ বাট মুকলি কৰোতা বিপান চন্দ্ৰ আছিল ধৰ্মনিৰপেক্ষতাবাদ তথা বস্তুনিষ্ঠ ইতিহাসচেতনাৰ আজীৱন প্ৰবক্তা৷ তদুপৰি তেওঁ শিক্ষক হিচাপে নতুন প্ৰজন্মক প্ৰগতিশীল ইতিহাস চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰা তথা নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালকৰ দৰে বিভিন্ন ৰূপত সংগঠক হিচাপে এই ধাৰাৰ চিন্তা-চৰ্চাৰ প্ৰসাৰৰ ক্ষেত্ৰত মাৰ্গদৰ্শী ভূমিকা পালন কৰিছিল৷ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিস্থিতিত অতিকে প্ৰাসংগিক হৈ পৰা তেওঁৰ যুক্তিনিষ্ঠ চিন্তা-চৰ্চাই নতুন প্ৰজন্মৰ মাজত অধিক প্ৰসাৰ লাভ কৰক, সেই কামনাৰে প্ৰয়াত ইতিহাসবিদজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷ – সম্পাদনা সমিতি

প্ৰাচীন ভাৰত আৰু বৈজ্ঞানিক শ্ৰেষ্ঠতা

বিশ্ৰুত বিজ্ঞানী মেঘনাদ সাহাক এবাৰ এগৰাকী লব্ধপ্ৰতিষ্ঠ উকিলে তেওঁৰ বৈজ্ঞানিক কাম-কাজৰ বিষয়ে সুধিছিল৷ সাহাই উৎসাহসহকাৰে সূৰ্য আৰু নক্ষত্ৰৰ প্ৰাকৃতিক অৱস্থা সম্পৰ্কে তেওঁ কৰা গৱেষণাৰ বিষয়ে ক’ব ধৰিলে৷ দুই-এক মিনিট যোৱাৰ পাছত বিশিষ্ট উকিলজনে ক’লে – ‘এয়া কি নতুন কথা, এই সমস্ত বেদতেই আছে৷’ বিজ্ঞানী সাহাই নম্ৰভাৱে সুধিলে–‘এই তত্ত্ববোৰ বেদৰ কোন অংশত আছে অনুগ্ৰহকৈ জনাবনে?’ উত্তৰত উকিলজনে ক’লে – ‘মই কেতিয়াও বেদ পঢ়া নাই, কিন্তু মোৰ বিশ্বাস, তোমালোকে নতুন বিজ্ঞানে যি কৰিছে বুলি দাবী কৰা সেইবোৰ কথা বেদত আছে৷’ ব্যক্তিগত জীৱনৰ এই অভিজ্ঞতাৰ বৰ্ণনা দিয়াৰ পাছত সত্য-সন্ধিৎসু মেঘনাদ সাহাই লিখিছে যে কুৰি বছৰ ধৰি বেদ, উপনিষদ, পুৰাণ আৰু জ্যোতিষ তথা অন্যান্য বিজ্ঞান-সম্বন্ধীয় গ্ৰন্থ তন্ন তন্নকৈ পঢ়ি তেওঁ আৱিষ্কাৰ কৰিব নোৱাৰিলে যে ‘এইবোৰ প্ৰাচীন গ্ৰন্থত বৰ্তমান বিজ্ঞানৰ মূলতত্ত্ব নিহিত আছে৷’

বিজ্ঞানী সাহাক বেদৰ বৈজ্ঞানিক মাহাত্ম্যৰ কল্পকাহিনী শুনোৱা উকিলজন কোনো ব্যতিক্ৰমী মানুহ নহয়৷ তেওঁ আচলতে বিশেষ এটা ভাবাদৰ্শৰ প্ৰতিভূ৷ ঊনৈছ শতিকাৰ শিক্ষিত সমাজত প্ৰাচীন ভাৰতৰ গৌৰৱ-গাথা গাই আত্মহাৰা হৈ পৰা লোক দুৰ্লভ নাছিল৷ ব্ৰিটিছাধীন ভাৰতত আধুনিক বিজ্ঞানৰ আগমন আৰু প্ৰযুক্তিৰ চমকপ্ৰদ কাৰ্যকাৰিতা দেখি এচাম মানুহৰ মন-মনন আক্ৰান্ত হৈছিল হীনমন্যতাৰদ্বাৰা৷ আনহাতে, ঔপনিবেশিক শক্তিৰ আত্মশ্ৰেষ্ঠতাবোধ আৰু ঔদ্ধত্যই শিক্ষিত সম্প্ৰদায়ক কৰিছিল অসন্তুষ্ট, ক্ষোভিত৷ ধাৰণা হয়, বহুলাংশে এই হীনমন্যতাবোধ আৰু ক্ষোভৰ কাৰণেই প্ৰাচীন ভাৰতৰ স্বৰ্ণযুগৰ ‘মিথ’টো মানুহৰ মনত গঢ় লৈ উঠিছিল৷ জাতীয় চেতনা তীব্ৰতৰ হোৱাৰ লগে লগে ইয়াৰ ৰাজনৈতিক মাত্ৰাও স্পষ্টতৰ হয়৷ . . . . . . সম্পাদকীয়

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation

%d bloggers like this: