এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the category “প্ৰবন্ধ”

বৌদ্ধিক দাসত্ব বনাম বৌদ্ধিক স্বাধীনতা

‘যি জাতিৰ সভ্যতা যিমানেই পুৰণি, সেই জাতিৰ মানসিক দাসত্বও সিমানেই পুৰণি। ভাৰতবৰ্ষৰ সভ্যতা যে প্ৰাচীন, তাত সন্দেহ নাই আৰু সেয়েহে ইয়াৰ গতিপথত বাধাৰ প্ৰাচীৰো অলেখ। প্ৰগতিৰ পথত সবাতোকৈ ডাঙৰ অন্তৰায় হ’ল বৌদ্ধিক দাসত্ব।’

প্ৰখ্যাত সমাজবিজ্ঞানী, সাম্যবাদী আন্দোলনৰ বাটকটীয়া ৰাহুল সাংকৃত্যায়ন (১৮৯৩-১৯৬৩)ৰ এই মন্তব্যৰ খেও ধৰি ভাৰতীয় সভ্যতাৰ প্ৰাচীনত্ব আৰু ইয়াৰ গতিপথত আহি পৰা বিভিন্ন বাধাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে এয়া স্পষ্ট হৈ লোৱা ভাল হ’ব যে সাংকৃত্যায়নে গৰিষ্ঠসংখ্যক ভাৰতবাসীযে যুগ যুগ ধৰি মন-মগজুত পোষণ কৰি অহা প্ৰগতিবিৰোধী, পশ্চাদগামী, অযৌক্তিক আৰু অবৈজ্ঞানিক ধ্যান-ধাৰণাকে বৌদ্ধিক দাসত্ব বুলি ক’ব বিচাৰিছিল। ভাৰতীয় সভ্যতাৰ বৰ্ণবাদ, ধৰ্মীয় গোড়ামি, অন্ধ ঐতিহ্যপ্ৰীতি, শোষণ-বঞ্চনা আদিৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰি এখন বৈষম্যহীন সুন্দৰ-সুস্থিৰ সাম্যৰ সমাজ গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰা সাংকৃত্যায়নে সৌ তাহানিতে যৰ্থাৰ্থভাৱেই কৈছিল যে ভাৰতবাসীয়ে মানসিক দাসত্বৰ বন্ধন সমূলঞ্চে ভঙি ধূলিসাৎ কৰিবলৈ প্ৰস্তুত হ’ব লাগিব। তেওঁৰ মতে, ভাৰতবাসীক বহিৰ্জগতৰ বিপ্লৱতকৈ অন্তৰ্জগতৰ বিপ্লৱ অধিক প্ৰয়োজন হৈ পৰিছে। ভাৰতবাসীয়ে দুই হাতৰ খোলা তৰোৱাল চতুৰ্দিশে নচুৱাই সমগ্ৰ ধৰ্মীয় গোড়ামি আৰু মৌলবাদ মষিমূৰ কৰি আগুৱাই যাব লাগিব।

ৰাহুল সাংকৃত্যায়নৰ মৃত্যুৰ পাছত বিগত পাঁচটা দশকত ভাৰতৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক ক্ষেত্ৰখনত বিপুল পৰিৱৰ্তনৰ সূচনা হ’ল। সাম্ৰাজ্যবাদৰ বোকোচাত উঠি অহা বিশ্বায়নৰ বতাহজাকে ভাৰতৰ কেতবোৰ পুৰাতন মূল্যবোধত আঘাত হানি একাংশ তৰুণ প্ৰজন্মক শিপাবিচ্ছিন্ন আৰু ভোগসৰ্বস্ব জীৱনৰ প্ৰতি লালায়িত কৰি তুলিলে। পুঁজিবাদৰ অৱশ্যম্ভাৱী পৰিণতিত দেশত যোত্ৰৱানৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে যোত্ৰহীনৰ সংখ্যাও বৃদ্ধি পালে। কিন্তু গভীৰ উদ্বেগ আৰু পৰিতাপৰ বিষয় যে এই সময়ছোৱাত গৰিষ্ঠসংখ্যক ভাৰতবাসীৰ মনোজগতত বিশেষ গতিশীল আৰু ৰূপান্তৰকামী চিন্তা-চেতনাৰ সৃষ্টি নহ’ল। বাহ্যিকভাৱে তেওঁলোক এক অত্যাধুনিক জীৱনশৈলীত অভ্যস্ত হৈ পৰিলেও মানসিকভাৱে পুৰণিকলীয়া সংস্কাৰ আৰু পশ্চাদগামী ধ্যান-ধাৰণাকে খামোচ মাৰি থাকিল। সন্দেহ নাই যে ক্ষমতাসীন ৰাষ্ট্ৰযন্ত্ৰই ন্যস্ত স্বাৰ্থ পূৰণৰ বাবেই ৰাহুল সাংকৃত্যায়ন, কাৰ্ল মাৰ্ক্স, প্ৰেম চন্দৰ দৰে ৰূপান্তৰকামী সমাজবিজ্ঞানীসকলৰ বস্তুনিষ্ঠ মতবাদ বা জীৱন দৰ্শনৰ প্ৰচাৰ-প্ৰসাৰত বিভিন্ন কৌশলেৰে হেঙাৰ সৃষ্টি কৰি আহিছে। শেহতীয়াভাৱে উগ্ৰ হিন্দুত্ববাদী দলটোৱে দেশৰ শাসনভাৰ হস্তগত কৰিয়েই ভাৰতবাসীক আৰ্থিক, সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিকভাৱে বৌদ্ধিক দাসত্বৰ শিকলিৰে নিকপকপীয়াকৈ বান্ধি পেলোৱাৰ সকলো ষড়যন্ত্ৰই সম্পূৰ্ণ কৰি তুলিছে; যাৰ ফলত বাঁও গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিবোৰৰ প্ৰতিয়েই হওক বা বৌদ্ধিক স্বাধীনতাৰ প্ৰতিয়েই হওক, চৰম প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। . . . লেখক : টুনুজ্যোতি গগৈ

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

Advertisements

অন্ধবিশ্বাসৰ ৰাজনীতি

আলস্য, অজ্ঞতা, অভ্যাসাশ্ৰয়ী অসহায়বোধ, নিয়তি-নিৰ্ভৰতা, আচাৰসৰ্বস্বতা আদি বহু বিচিত্ৰ মানসিক মায়াজালৰ পিতনিত সমাজৰ গৰিষ্ঠসংখ্যক লোক আজিও নিমজ্জিত/মোহাবিষ্ট। উদ্বেগৰ কথাটো হ’ল, এনে পুৰাতনীয়া পিতনিৰপৰা পুনৰ উদ্ধাৰৰ প্ৰচেষ্টা-প্ৰস্তুতি জোৰদাৰ হোৱাৰ সলনি দুৰ্বল আৰু নিশকতীয়া হোৱাহে আমাৰ চকুত পৰিছে। ইয়াৰ কাৰণো অৱশ্যে অতি পৰিষ্কাৰ। চিন্তনীয় কথাটো হ’ল, এনে মানসিক স্বাস্থ্যৰ গৰাকী ব্যক্তি/সমষ্টিৰদ্বাৰা পৰিবেষ্টিত সমাজ এখনৰ সামাজিক চৰিত্ৰ (social character) কোনো প্ৰকাৰেই সুৰক্ষিত বা শংকামুক্ত নহয়। সন্দেহ, অবিশ্বাস, হিংসা-প্ৰতিহিংসা, বিচাৰবিমুখতাই সামাজিক চৰিত্ৰক কৰি তোলে অধিক আৱেগিক আৰু আগ্ৰাসী (aggressive)। ব্যক্তিৰ পক্ষে যুক্তিতকৈ আৱেগ, ন্যায়তকৈ অন্যায়, সহিষ্ণুতাতকৈ হিংস্ৰতা, প্ৰচাৰতকৈ অপপ্ৰচাৰ হৈ পৰে অধিক পছন্দৰ। স্বাৰ্থচতুৰ সুবিধাবাদী কিছু ব্যক্তিৰ ব্যাপক চক্ৰান্ত আৰু অপকৰ্মৰ ফলত পৰিস্থিতি-পৰিবেশ হৈ পৰে অধিক স্পৰ্শকাতৰ আৰু আতংকময়। মানসিকভাৱে মুমূৰ্ষুপ্ৰায় আৱেগসব্বস্ব, ভীতিগ্ৰস্ত এচাম লোকৰ মাজত এনেদৰেই সূত্ৰপাত ঘটে গণ-উন্মাদনা (mass hysteria)ৰ দৰে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ। ইয়াৰ পৰিণাম কিমান ভয়াৱহ, অমানৱীয় তাক ডাইনী অন্ধবিশ্বাসৰ নামত নিৰীহ, অসহায়, দুৰ্বলজনৰ ওপৰত চলি থকা বিচাৰ মধ্যযুগীয়সুলভ পৈশাচিক হত্যাকাণ্ডবোৰেই প্ৰমাণ কৰে। উল্লেখ্য যে যোৱা তিনিটা মাহত (মে’, জুন, জুলাই, ২০১৬) ডাইনী অন্ধবিশ্বাসৰ নামত যিমানবোৰ উৎপীড়ন, নিৰ্যাতন আৰু হত্যাকাণ্ড সংঘটিত হ’ল তাৰ হিচাপ দিবলৈয়ো আমি চৰম লজ্জিত, সংকুচিত।

প্ৰশ্ন হয়, মানুহৰ ক্ৰমোন্নতিৰ এইটো স্তৰত অবিশ্বাস-অপসংস্কাৰৰ নামত সমাজৰ সাধাৰণ লোকৰ ওপৰত চলাই অহা এনে বৰ্বৰ অত্যাচাৰ-অবিচাৰ আমি এনেদৰেই উপভোগ কৰি যাম নে ইয়াৰ প্ৰতিৰোধৰ কথা ভাবিম? ৰাষ্ট্ৰযন্ত্ৰই সাধাৰণ শ্ৰেণীৰ লোকক এনেবোৰ কৰ্ম-কাণ্ডতে মছগুল, মোহমুগ্ধ কৰি, ৰাষ্ট্ৰৰ বিকাশ-বিশ্বায়ন নিষ্কন্টক/নিৰাপদ হ’ব বুলি ভবা নাইতো? ‘গোমাতা’, ‘গংগাজল’ক লৈ ৰাষ্ট্ৰযন্ত্ৰৰ যি দৌৰাত্ম্য, আস্ফালন, সিয়ে জনসমাজত বৈজ্ঞানিক চিন্তা-চেতনা, যুক্তিসিদ্ধ বিচাৰ-বিশ্লেষণৰ প্ৰসাৰৰ কথা সূচায় নে বিৰোধিতাৰ কথাটো প্ৰমাণ কৰে? . . . লেখক : শৈলেন গোহাঁই

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

বিজ্ঞান নে বাণিজ্য?

সম্প্ৰতি ভাৰত চৰকাৰে মূধাফুটা চৰকাৰী শিক্ষা আৰু গৱেষণা অনুষ্ঠানৰ কাম-কাজৰ স্বাধীনতা খৰ্ব কৰাৰ প্ৰচেষ্টা চলোৱাটোৱে আমাক চিন্তিত কৰিছে। ভাৰতীয় জাতীয় বিজ্ঞান মহাসভাৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে গৱেষণাপত্ৰ উলিওৱাতকৈ পেটেণ্ট উলিওৱাটোহে বিজ্ঞানীৰ সফলতাৰ মাপকাঠি বুলি মত প্ৰকাশ কৰিছে। চৰকাৰী বিজ্ঞান-প্ৰযুক্তিৰ প্ৰতিষ্ঠানত কাম কৰা বিজ্ঞানীক কোৱা হৈছে বোলে, তেওঁলোকৰ দৰমহা প্ৰযুক্তিৰ হস্তান্তৰৰ আয়ৰপৰাহে আহিব। এক কথাত, বিজ্ঞান চৰ্চাৰ বাণিজ্যিকীকৰণৰ এক কাৰ্যক্ৰমণিকা প্ৰস্তুত হৈ গৈছে। এনে এক প্ৰেক্ষাপটত দেশৰ বিজ্ঞান চৰ্চাৰ পৰিবেশত হ’ব পৰা বিৰূপ ফল সম্পৰ্কে আলোচনা কৰাটো খুবেই প্ৰাসংগিক।

প্ৰথমতেই বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজৰ পাৰ্থক্যৰ কথা আমি মনত ৰাখিব লাগিব। বাণিজ্যৰ সম্পৰ্ক প্ৰযুক্তিৰ সৈতেহে। কেতিয়াবা বাণিজ্যৰ প্ৰসাৰত প্ৰযুক্তিয়ে সহায় কৰে। জে ডি বাৰ্নালৰ ‘হিষ্ট্ৰি অব ছাইন্স’ গ্ৰন্থত ইয়াৰ বহুতো উদাহৰণ আছে। তেওঁৰ মতে বিশ্ব বাণিজ্যৰ প্ৰসাৰ কম্পাছৰ আৱিষ্কাৰৰ বাবেহে সম্ভৱপৰ হৈছিল। আনহাতে, বাণিজ্য/সামৰিক প্ৰয়োজনৰ বাবেও বহুত প্ৰযুক্তিৰ জন্ম হয়। অনাতাঁৰ, এণ্টিবায়’টিক, উৰাজাহাজৰ প্ৰযুক্তিৰ বিকাশ প্ৰথম বিশ্বযুদ্ধই দিয়া চাহিদাৰ বাবেহে হৈছিল। এটা তুলনামূলকভাৱে নতুন উদাহৰণো এইখিনিতে দিব পাৰি। ভিয়েটনামত যুদ্ধত আমেৰিকান যুঁজাৰুৰ পেয় জলৰ সমস্যা সমাধানৰ বাবেই আমেৰিকাৰ সামৰিক অনুদানেৰে আৱিষ্কাৰ হৈছিল আজিৰ একোৱাগাৰ্ডৰ। আজিৰ তাৰিখত ষ্টেনফ’ৰ্ডৰ স্পন্সৰ্ড ৰিছাৰ্চত মুখ্য অৰ্থ আহে আমেৰিকাৰ সামৰিক বিভাগৰপৰা। এইবোৰ প্ৰযুক্তি হ’লেও পিছে বিজ্ঞান অবিহনে এইবোৰ অসম্ভৱ। বিজ্ঞান বেপাৰ বা সামৰিক প্ৰয়োজনত ব্যৱহাৰ কৰাৰপৰাই আজিৰ বহু যুগান্তকাৰী আৱিষ্কাৰ হৈছিল। সেই কথা উপৰিউক্ত উদাহৰণকেইটাই প্ৰমাণ কৰে। বোধহয় এনে উদাহৰণৰ আলমতে আজিৰ ভাৰত চৰকাৰে প্ৰায়োগিক গৱেষণাত গুৰুত্ব দিছে। প্ৰায়োগিক গৱেষণাৰ প্ৰয়োজন অনস্বীকাৰ্য। কিন্তু চৰকাৰে যদি দেশৰ সমস্ত গৱেষণা প্ৰতিষ্ঠানক হুকুম দিয়ে – “প্ৰযুক্তি উলিওৱা, বিক্ৰী কৰা আৰু নিজৰ দৰমহা তাৰপৰাই লোৱা।”, তেনে কথাৰ এক সুদূৰপ্ৰসাৰী প্ৰতিক্ৰিয়া হোৱাটো খাটাং। কেৱল প্ৰায়োগিক গৱেষণাই বিজ্ঞানৰ বিকাশ কৰিব পাৰিবনে; নে এনে গুৰুত্বই বিজ্ঞানৰ পৰিসৰ ক্ৰমে ঠেক কৰি আনিব? . . . লেখক : অতনু কুমাৰ দত্ত

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

গণতন্ত্ৰ বনাম ধৰ্মতন্ত্ৰ

‘সব কা সাথ, সব কা বিকাশ’ শ্ল’গান দি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়া নৰেন্দ্ৰ মোদী-নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে যোৱা দুটা বছৰত কিমান বিকাশ ঘটালে, তাৰ খতিয়ান ল’বলৈ নগৈও এটা কথা দৃঢ়তাৰে ক’ব পাৰি যে দলটোৱে আন একো কৰিব নোৱাৰিলেও হিন্দুত্বক প্ৰতিষ্ঠা কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা চলাই আহিছে। যোৱা দুটা বছৰত সংঘটিত হোৱা ধৰ্মীয় সংঘাত ইয়াৰ প্ৰমাণ হিচাপে উল্লেখ কৰিব পাৰি। বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতে গীৰ্জাত আক্ৰমণ চলিল; কোনো কোনো ঠাইত নানসকলকো অত্যাচাৰ চলোৱাৰ বাতৰি পোৱা গ’ল। ইংলেণ্ড, আমেৰিকাই এই আক্ৰমণৰ বিৰুদ্ধে সৰৱ হৈ পৰাত আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই সংঘৰ্ষক কঠোৰ ভাষাৰে গৰিহণা দি ‘হিন্দু তালিবানী’ বুলি আখ্যা দিয়াত,– আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱাৰ ভয়ত সংঘাতসমূহৰ নিয়ন্ত্ৰণৰ চেষ্টা চলিল। তাৰ পাছত আহিল গো-মাংস নিষিদ্ধকৰণ। কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যত গো-মাংস নিষিদ্ধ কৰাৰ অভিযান চলিল; কোনোবাখনত আইনো প্ৰণয়ন কৰা হ’ল। দলটোৱে এতিয়া সমগ্ৰ ভাৰততে গো-হত্যা নিষিদ্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা বছৰ ২৮ ছেপ্টেম্বৰৰ নিশা লক্ষ্নৌৰ (উত্তৰ প্ৰদেশ) বিসাৰা গাঁৱত গো-মাংস খোৱা বুলি এটা মন্দিৰৰপৰা ৰাজহুৱা ঘোষণা (উৰা-বাতৰি) কৰাৰ পাছত প্ৰায় দুশ লোকে ৫০ বছৰীয়া মহম্মদ আকলাখ নামৰ এজন লোকক হত্যা কৰে। অথচ লোকজনে তেওঁৰ ঘৰত ৰখা মাংসখিনি ছাগলীৰ মাংস বুলিহে ফৰেনছিক লেবৰেটৰিয়ে প্ৰমাণ কৰি দেখুৱালে। গজল গায়ক জগজিৎ সিঙৰ স্মৃতিত মুম্বাইত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা পাকিস্তানৰ গজল গায়ক গোলাম আলীক অনুষ্ঠান পৰিৱেশন কৰাত শিৱ সেনাই বাধা দিলে। এই ঘটনাবোৰে উগ্ৰ হিন্দুত্ব ধাৰণাটোকে প্ৰতিপন্ন কৰে। তদুপৰি হায়দৰাবাদ বিশ্ববিদ্যালয়ত ৰোহিত ভেমুলাৰ আত্মহত্যা, জে এন ইউৰ কানহাইয়া কুমাৰকে ধৰি আন কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰ কৰা, তেওঁলোকৰ মুক্তিৰ দাবীত আহ্বান জনোৱা প্ৰতিবাদী সভাত অংশ ল’বলৈ অহা এজন সাংসদক শিলগুটি মাৰি আঘাত কৰা, পাটিয়ালা হাউছৰ আদালতত বিজেপি বিধায়ক সমন্বিতে উকীলৰ সাজ পিন্ধা লোকে প্ৰতিবাদকাৰী শিক্ষক-শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ কৰা আদি ঘটনাবোৰেও উগ্ৰ হিন্দুত্বৰ পৰিচয়কে দাঙি ধৰে। এই উগ্ৰ হিন্দু ধ্যান-ধাৰণাই দলটোৰ সাম্প্ৰদায়িক স্বৰূপটো উদঙাই দেখুৱাইছে। কোনো কোনো ৰাজ্যত ইয়াৰ বিৰুদ্ধে ক্ষোভৰো বহিঃপ্ৰকাশ ঘটিছে। শেহতীয়াভাৱে শ্ৰীনগৰত ঘটা কাশ্মীৰ আৰু অকাশ্মীৰ ছাত্ৰৰ মাজত হোৱা সংঘৰ্ষ ইয়াৰ এক উদাহৰণ। এই সংঘৰ্ষত আনকি আৰক্ষীয়েও অকাশ্মীৰ ছাত্ৰক কঠোৰ হাতেৰে দমন কৰিলে। . . . লেখক : নিতুল চাংমাই

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

স্বাস্থ্য, সংস্কাৰ-অসজাগতা, ডাইনী বিশ্বাস আৰু সমাধানৰ পথ

সমগ্ৰ বিশ্বত সৰহসংখ্যক বিশ্বাস কিম্বা অন্ধবিশ্বাস সমূহীয়া বা নিজৰ মংগল কামনা অথবা সম্ভাব্য দুৰ্যোগ নিৰসনৰ বাবে কৰা অহৰহ প্ৰচেষ্টাত সৃষ্ট। এই প্ৰচেষ্টাত যুগ যুগ ধৰি চলি অহা বিভিন্ন আদব-কায়দাবোৰৰ ৰূপ যুগে যুগে ৰূপান্তৰ হৈ আহিছে। খুব সন্তৰ্পনে এই ৰূপান্তৰত মুখ্যতঃ আগভাগ লৈছে অৰ্থনৈতিক সমাজব্যৱস্থাই। মানুহৰ লোভ, মোহ, ক্ষুধা, পিয়াহৰ সীমনা নাই। এফালে দৰিদ্ৰ শ্ৰেণীৰ মাথোঁ নিজৰ ক্ষুধা, বেমাৰ-আজাৰ, ভাত-কাপোৰৰ বাবে সন্তানক দুবেলা দুমুঠি খুৱাই নিজেও জীয়াই থকাৰ চিন্তা। আনফালে বিত্তৱান প্ৰভাৱশালী দমনপ্ৰিয় চতুৰ ব্যক্তিসকল ভোহ-বিলাস সংগ্ৰহ, ব্যৱসায় বৃদ্ধিত ইমানেই নিমগ্ন যে নিজৰ অট্টালিকাৰ তলতেই বাস কৰা ক্ষুধাতুৰ, আৰ্তজনক সহায় কৰা দূৰৰ কথা, তেওঁলোককেই বিজ্ঞাপনেৰে কিনি লৈ নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্য বঢ়াই গৈছে। অনগ্ৰসৰতা আৰু অশিক্ষাই যে পৃথিৱীত ডাইনী কাণ্ডক জীয়াই ৰাখিছে সেয়া আপেক্ষিকভাৱে সত্য। অশিক্ষা-অনগ্ৰসৰতাক এক প্ৰভাৱশালীয়ে নিজৰ সুবিধা ভোগ কৰিবলৈ ৰক্ষাকৱচ হিচাপে ব্যৱহাৰ কৰি নিজৰ লালসা পূৰণ কৰিছে সেয়া মন কৰিবলগীয়া সত্য। . . . লেখক : ডা: নাট্যবীৰ দাস

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

আম্বেদকাৰৰ প্ৰাসংগিকতা : দুই-এটা দিশ

হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অলপতে ঘটা দলিত স্কলাৰ ৰোহিত ভেমুলাৰ আত্মহত্যাৰ ঘটনাই ইতিমধ্যে দেশজুৰি প্ৰতিবাদৰ জোৱাৰ তুলিছে। (এই লেখাটোৰ ৰচনাকাল : ২১-০১-২০১৬) হিন্দুত্ববাদী শাসনাসীন চৰকাৰ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ঘটা এই ঘটনাক আমি নিঃসন্দেহে প্ৰাতিষ্ঠানিক হত্যা আখ্যা দিব পাৰো। সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এয়া এক কেন্দ্ৰীয় আৰু অতিকে অৰ্থৱহ ঘটনা। জীৱন আৰু মতাদৰ্শ উভয় দিশৰপৰাই ৰোহিত ভেমুলা হ’ল আম্বেদকাৰৰ সন্তান। গতিকে প্ৰথমতে, সাম্প্ৰতিক ভাৰতবৰ্ষৰ সমাজ তথা ৰাজহুৱা প্ৰতিষ্ঠানসমূহত আধুনিকীকৃত আৰু ৰূপান্তৰিত ৰূপত বৰ্ণবাদ কিদৰে ব্যাপ্ত হৈ আছে তাৰ সাক্ষ্য এই ঘটনাৰাজিয়ে স্পষ্ট আৰু অধিক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰিছে। দ্বিতীয়তে, আম্বেদকাৰক লৈ বিভিন্ন সামাজিক শক্তিৰ মাজত চলি থকা অহৰহ টনা-আঁজোৰাও এই ঘটনাৰাজিয়ে প্ৰতিফলিত কৰিছে। তৃতীয়তে, বাহিৰৰ ধূলি-মাকতিয়ে ঢুকি নোপোৱা পৱিত্ৰ জ্ঞানচৰ্চাৰ থলী হিচাপে থকা বিশ্ববিদ্যালয়ৰ এলিটিষ্ট চৰিত্ৰক এই ঘটনাৰাজিয়ে পুনৰ্বাৰ প্ৰশ্ন কৰিছে। বিশ্ববিদ্যালয়ৰ প্ৰাতিষ্ঠানিক তথা মতাদৰ্শগত গাঁথনি আৰু বাহিৰৰ সমাজখনৰ সৈতে থকা ইয়াৰ সম্পৰ্ক – এই দুইটাৰে ৰাজনৈতিকীকৰণ কৰাটো যে জৰুৰী সেয়া ই সজোৰে সাব্যস্ত কৰিছে। আমি উপৰোক্ত দ্বিতীয়টো পইণ্ট সম্পৰ্কেহে দুই-এটা কথা ক’বলৈ যত্ন কৰিম। . . . লেখক : জিতেন বেজবৰুৱা

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

পৰম্পৰা আৰু পুৰুষতন্ত্ৰ

পৰম্পৰা-পৰায়ণতা এটা সুপ্ৰাচীন পৰম্পৰা। পৰম্পৰাৰ বন্ধন বা প্ৰভাৱৰপৰা একেবাৰে মুক্ত সমাজ নাই বুলিলেও বোধহয় অত্যুক্তি কৰা নহ’ব। এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ প্ৰৱাহিত হয় কিছুমান বিশ্বাস, ৰীতি-নীতি, আচৰণ-বিধি, মূল্যবোধ ইত্যাদি। এইবোৰেই পৰম্পৰা। ধাৰাবাহিকতাই – আৰু ক্ষেত্ৰবিশেষে প্ৰাচীনতাই – পৰম্পৰাবোৰক মান্যতা প্ৰদান কৰে, সৰ্বসাধাৰণৰ বাবে সেইসমূহ হৈ পৰে সন্মানীয়, অনুসৰণীয়। বহু ক্ষেত্ৰত পৰম্পৰাৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মীয় ঐতিহ্যৰ সংযোগ থাকে। ভাৰতীয় সমাজৰ এটা বৃহৎ অংশত বিধৱাৰ পুনৰ্বিবাহ নিন্দিত আৰু নিষিদ্ধ। এই পৰম্পৰাৰ সৈতে জানো শাস্ত্ৰীয় অনুশাসনৰ সম্পৰ্ক নাই? মনুসংহিতাত লিখা আছে : ‘বিবাহ সম্বন্ধীয় শাস্ত্ৰত এনে বিধি নাই যে বিধৱাসকলৰ পুনৰ্বিবাহ হ’ব পাৰে।’ (৯/৬৫) এইজাতীয় নিৰ্দেশ দীৰ্ঘকাল অনুসৃত হোৱাৰ ফলত একোটা প্ৰতাপী পৰম্পৰাৰ সূচনা হয়। আনহাতে, পৰম্পৰাৰ ধৰ্মনিৰপেক্ষ উৎসও থাকে। উদাহৰণ হিচাপে ক’ব পাৰি, ৰাজহুৱা অনুষ্ঠানত মহিলাই জাতীয় সাজ-পোছাক পিন্ধি অবিমিশ্ৰ সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ যি অৰ্বাচীন পৰম্পৰা তাৰ সৈতে সম্পৃক্ত জাতীয়তাবাদী চেতনা। এই চেতনাৰ সৈতে ধৰ্মীয় ঐতিহ্যৰ সম্পৰ্ক নাথাকিবও পাৰে।

বিদ্যাচৰ্চাৰপৰা বিজ্ঞাপনলৈকে – আধুনিক সমাজজীৱনৰ ভিন ভিন দিশত পুৰুষতন্ত্ৰৰ প্ৰভাৱ পৰিলক্ষিত হয়। পিছে এইবোৰক পুৰুষতন্ত্ৰৰ প্ৰাথমিক বাহক বুলিব নোৱাৰি। পক্ষান্তৰে, সাংস্কৃতিক ধাৰাবাহিকতা ৰক্ষা কৰা পুৰণি পৰম্পৰাবোৰক পুৰুষতন্ত্ৰৰ বিশ্বস্ত বাহকৰূপে চিহ্নিত কৰা যায় কোনো সংশয় নোহোৱাকৈ। দৰাচলতে পুৰুষন্ত্ৰৰ হৃদপিণ্ড নিৰাপদে লুকাই থাকে মান্য পৰম্পৰাৰ বুকুত। সেই গতিকে কোনোবাই পৰম্পৰা-পৰাঙ্মুখ চিন্তা বা আচৰণৰ পৰিচয় দিলে ততালিকে পৰম্পৰা সংৰক্ষণৰ নামত সাংস্কৃতিক বিসম্বাদৰ কণ্ঠৰোধ কৰিবলৈ উগ্ৰচিত্ত পুৰুষ প্ৰভুত্বপন্থীসকল তৎপৰ হয়। এই প্ৰসংগত গুৰুত্বসহকাৰে বিবেচ্য প্ৰশ্নটো হ’ল, পুৰুষতান্ত্ৰিক পৰম্পৰাৰ উদ্ভাৱক কোন? শাস্ত্ৰকাৰ আৰু অন্যান্য প্ৰতিপত্তিশালী পুৰুষেই জানো পুৰুষতন্ত্ৰৰ পুৰণি সৌধটো সযতনে নিৰ্মাণ কৰা নাই? . . . লেখক : প্ৰসেনজিৎ চৌধুৰী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

ক্ষমতা আৰু পুৰুষতন্ত্ৰ

মানুহ অভ্যাসৰ দাস। কিছুমান ৰীতি-নীতি বা ব্যৱস্থাৰ সৈতে আমি ওতপ্ৰোতভাৱে ইমানেই জড়িত হৈ পৰো বা অভ্যাসৰদ্বাৰা সম্পন্ন কৰোঁ যে সেইবোৰৰ যুক্তিযুক্ততাৰ বিষয়ে আমি প্ৰশ্ন কৰিবলৈ পাহৰি যাওঁ। আমাৰ অভ্যস্ত মানসিকতাৰে আমি ধৰি লওঁ যে এই ব্যৱস্থা বা ৰীতি-নীতিয়েই স্বাভাৱিক, স্মৰণাতীত কালৰপৰা ই এইদৰে চলি আহি আছে। পুৰুষতন্ত্ৰৰ প্ৰসংগতো এই একে কথাই প্ৰযোজ্য। আৱহমান কালৰপৰা চলি অহা এই তন্ত্ৰক আমি এক সন্মানীয় পৰম্পৰা বুলিয়েই মানি লওঁ আৰু তাৰ আঁৰত থকা সামাজিক শক্তিবোৰৰ বা মূল্যবোধবোৰৰ চেহেৰা-চৰিত্ৰ বুজিবলৈ অকণো যত্ন নকৰোঁ।

পুৰুষতন্ত্ৰৰ স্বৰূপ ফঁহিয়াই চালে এটা কথা স্পষ্টভাৱে ওলাই পৰে – ইয়াৰ মূল ভিত্তি হ’ল ক্ষমতা। এই ক্ষমতাৰ বাবেই পুৰুষসকল সমাজত অধিষ্ঠিত। তেওঁলোকৰ এই আধিপত্যক দৃঢ়তা প্ৰদান কৰে পুৰুষৰ শাৰীৰিক ক্ষমতাই। দৈহিক বল আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক পুৰুষসকলৰ কৰ্মক্ষমতা তেওঁলোকৰ তৎপৰতাত বিদ্যমান। এই বৈশিষ্ট্যবিলাক অৱশ্যে এনেয়ে অহা নাই। খাদ্য সামগ্ৰীৰ সন্ধানত ঘূৰি ফুৰোতে পুৰুষৰ এই বৈশিষ্ট্যসমূহ বিকশিত হৈছিল। লগতে বহিৰ্বিশ্বৰ সৈতে নানাভাৱে অহৰহ সম্পৰ্কিত হোৱাৰ বাবে তেওঁলোকৰ বুদ্ধি-বৃত্তি আৰু চিন্তা-চৰ্চাৰ পৰিধিও কিছু পৰিমাণে বাঢ়িল। সভ্যতাৰ উন্নতিৰ লগে লগে পুৰুষৰ হাতলৈ আহিল অৰ্থনৈতিক ক্ষমতা আৰু এই নৱলব্ধ অৰ্থনৈতিক ক্ষমতা তেওঁলোকৰ আধিপত্যৰ মূল আধাৰ হৈ পৰিল। অৰ্থনৈতিক আধিপত্যই পুৰুষসকলক দিলে সমাজখনক পৰিচালিত কৰাৰ অবাধ অধিকাৰ। এই অধিকাৰৰ বলত পুৰুষসকল হ’ল নৈতিকতাৰ গুৰিয়াল আৰু এই নৈতিকতাক প্ৰত্যাখ্যান কৰাটো হৈ পৰিল শাস্তিযোগ্য অপৰাধ। . . . লেখক : সন্ধ্যা দেৱী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বৰ্ণবাদ আৰু পুৰুষতন্ত্ৰ : এটি সংক্ষিপ্ত টোকা

১৯৯০ চনত পিছপৰা শ্ৰেণীসমূহৰ বাবে সংৰক্ষণৰ পোষকতা কৰা মণ্ডল আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কাৰ্যকৰী কৰিব খোজাৰ বিৰুদ্ধে বিশেষকৈ উত্তৰ ভাৰতত ব্যাপক ছাত্ৰ আন্দোলনে দেখা দিছিল। এই আন্দোলনে ৰাজপথৰ ধৰ্নাৰপৰা আত্মজাহলৈকে বিভিন্ন ৰূপ পৰিগ্ৰহ কৰিছিল। এই আন্দোলনৰ মাজতে এটা আচহুৱা দৃশ্য দেখিবলৈ পোৱা গ’ল : দিল্লীৰ কলেজীয়া ছাত্ৰীসকলৰ প্ৰতিবাদী সমদলত এখন বেনাৰত লিখা আছিল ‘আমি নিবনুৱা পতি নিবিচাৰো’। সাংবাদিকে যেতিয়া ছাত্ৰীগৰাকীক সুধিলে, তেওঁ উত্তৰ দিলে যে সংৰক্ষণে ‘তেওঁলোকৰ’ পুৰুষসকলক চাকৰি-বাকৰিৰপৰা বঞ্চিত কৰিব। তেনেহ’লে দেখোন ‘পিছপৰা’ পুৰুষলৈ বিয়া সোমালেই হ’ল? স্বাভাৱিকভাৱেই ছাত্ৰীগৰাকীয়ে এই প্ৰশ্নৰ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে। এইটো উক্ত বিশাল আন্দোলনটোৰ এটা সৰু দৃশ্যাংশ মাত্ৰ, কিন্তু ইয়াৰ মাধ্যমেৰে আন্দোলনটোৰ এটা অনালোকিত দিশৰ ওপৰত আলোকপাত কৰিব পাৰি যিটো সেই সময়ৰ উদাৰনৈতিক-মানৱতাবাদী পৰ্যবেক্ষকসকলৰ চকুত পৰা নাছিল। মণ্ডল আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰীকৰণে ছেকুলাৰ, আধুনিক আৰু মানৱতাবাদী ৰাজহুৱা পৰিসৰ আৰু নতুন প্ৰজন্মটোৰ ওপৰত জোৰ-জবৰদস্তি বৰ্ণবাদ জাপি দিছে বুলি অভিযোগ কৰা হৈছিল। বৰ্ণ, সম্প্ৰদায় আৰু লৈংগিক পৰিচয়ৰ ঊৰ্ধ্বত যাব পাৰিলেহে যে সমতা স্থাপন সম্ভৱ মণ্ডল-বিৰোধী আন্দোলনটোৱে সেয়া সজোৰে উত্থাপন কৰিছিল। মণ্ডল-বিৰোধী আন্দোলনকাৰীসকল প্ৰকৃত জাতীয়তাবাদ, ছেকুলাৰবাদ আৰু মানৱতাবাদৰ সাৰ্থক প্ৰতিনিধিৰূপে উদ্ভাসিত হৈ উঠিছিল; তাৰ বিপৰীতে সংৰক্ষণৰ সমৰ্থনকাৰীসকল পৰিগণিত হৈছিল সংকীৰ্ণ বৰ্ণবাদৰ সমৰ্থক হিচাপে। এনে প্ৰেক্ষাপটত উক্ত আচহুৱা দৃশ্যটোৰ ব্যাখ্যা কৰা যায় কেনেকৈ? . . . লেখক : জিতেন বেজবৰুৱা।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

পুৰুষতান্ত্ৰিক পৃথিৱীত নাৰী

“ম’ৰা চৰাইৰ ধুনীয়া দীঘল নেজডালত চকু পৰিলেই মই অসুখী হৈ পৰো।” – নিজৰ এজন সহকৰ্মীৰ আগত কথাষাৰ কৈছিল জীৱৰ বিবৰ্তনৰ সূত্ৰেৰে যুগান্তকাৰী চিন্তা আগ বঢ়োৱা বৈজ্ঞানিক চাৰ্লছ ডাৰউইনে। অসংখ্য কবি-সাহিত্যিকক চিৰদিন মোহমুগ্ধ কৰি ৰখা সেই উজ্জ্বল পালকগুচ্ছৰ প্ৰতি ডাৰউইনৰ এই উক্তিয়ে নিশ্চয় আমাৰ মনত এক স্বাভাৱিক উৎসুকতাৰ জন্ম দিয়ে। মনোৰম প্ৰকৃতিৰ অপাৰ সৌন্দৰ্য পান কৰিব নোৱৰাকৈ ডাৰউইন ইমান নিৰস আছিলনে? কিন্তু ডাৰউইনৰ এই উক্তিৰ স’তে সৌন্দৰ্য পান কৰা-নকৰাৰ কোনো সম্পৰ্ক নাছিল। এই দুখ প্ৰকাশৰ কাৰণ আছিল অন্য। . . . লেখক : বৰ্ণালী বৰুৱা দাস।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation

%d bloggers like this: