এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the category “গ্ৰন্থ পৰ্যালোচনা”

সুকুমাৰী ভট্টাচাৰ্যৰ এখন মনন-সমৃদ্ধ পুথি : ‘গীতা কেন?’

শ্ৰীমদ্ভাগৱত গীতা স্বয়ং শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণীৰ সমাহাৰ বুলি প্ৰচলিত বিশ্বাসৰ সুবাদতেই হয়তো পুথিখনি হিন্দু ধৰ্মৰ এখন প্ৰধান ধৰ্মগ্ৰন্থ হিচাপে স্বীকৃত৷ পিছে মূল সংস্কৃতত লিখা এই গ্ৰন্থখনি পঢ়িবলৈ আমাৰ মাজৰ বহুতেই সমৰ্থ নহয়৷ তথাকথিত জনপ্ৰিয়তাৰ আধিক্য সত্ত্বেও, ঐতিহাসিক কৌশম্বীৰ মতানুসাৰে, ‘গীতা যি পৰিমাণে সন্মানিত, সিমান পৰিমাণে পঠিত বা বুদ্ধিৰদ্বাৰা আত্মসাৎ কৰা নহয়৷’ দৰাচলতে আজিৰ তাৰিখত গীতাৰ ভজন-পূজন-গুণানুকীৰ্তনৰ বিশেষ অভাৱ নাই যদিও ইয়াৰ পঠনৰ প্ৰসাৰ নিতান্তই উৎসাহব্যঞ্জক নহয় ৷ ইয়াৰ এটা অন্যতম কাৰণ হৈছে যে গীতা সম্পৰ্কে স্বচ্ছ আৰু ব্যাখ্যাসমৃদ্ধ আলাপ-আলোচনাৰ অভাৱ তথা ধৰ্মশাস্ত্ৰসমূহৰ সকলো কথাকেই সততে স্থান-কাল-পাত্ৰৰ ঊৰ্ধ্বত অধিষ্ঠিত একপ্ৰকাৰৰ স্বতন্ত্ৰ, স্বতঃসিদ্ধ আধ্যাত্মিক দৰ্শনৰ আকৰ হিচাপে গ্ৰহণ কৰি লোৱা পৰম্পৰাগত জনবিশ্বাস ৷ . . . . . . লেখক : মুনীন শৰ্মা

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Advertisements

প্ৰসংগ : ‘দেওধনী’

গ্ৰন্থকাৰ : ড০ দিগন্ত গগৈ
প্ৰকাশক : অংকুৰ এজেন্সি

একে বহাতে পঢ়ি শেষ কৰি দিব পৰা ‘দেওধনী’ নামৰ নাতিদীৰ্ঘ উপন্যাসখনি তিনিওটা প্ৰজন্মৰ বাবেই অৱশ্যপঠনীয় গ্ৰন্থ৷ মনোৰঞ্জনৰ দিশৰপৰা ঠিক শ্বাসৰুদ্ধকাৰী উৎকণ্ঠা নহয়, অথবা নহয় মাথোন কৃত্ৰিম ৰোমাঞ্চৰ শিহৰণ : ‘দেওধনী’ৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ইয়াৰ জীৱনমুখী বস্তুনিষ্ঠতাৰ লগত মানুহৰ স্বভাৱজাত মানৱীয়তাৰ প্ৰত্যয়জনক সংশ্লেষণ৷

“আন্ধাৰ হোৱাৰ পাছতে শামুকভঙা গাঁৱৰ বীৰছা, বুধুৱা আৰু লেংৰাই চুপে-চাপে আহি কালীথানত সোমালহি৷ সিহঁতে থানখনৰ কাষতে থকা চম্ভু বাবাৰ বহাত সোমাই নিজে নিজে ঢাৰি-কঠ, মূঢ়া, পীৰা, থৈলা আদি বিচাৰি ল’লে৷ কোঠাটোৰ মাজত কেৰাচিন তেলৰ চাকি এটা আগৰেপৰা জ্বলি আছিল৷ … … বীৰছাহঁতৰ পাছতে শামুকভঙা গাঁৱৰ খামিডাঠ চেঙেলীয়া ডেকা ৰামুৱে বাছি বাছি তাৰ লগৰ আটাইতকৈ অঘাইতং বাঘৰ আগতেল খোৱা দিজু, বিঘ্না, ৰূপচিং, কালীয়া আৰু নন্দক লগত লৈ ওলালহি৷ সিহঁতৰ হাতত এটা ৰঙা ডাকুৱা কুকুৰা, ডাঙৰ জগ এটাত এজগ লাওপানী আৰু এবটল ফুলি মদ৷ ফুলি বাবাৰ বাবে, তেওঁ লাওপানী নাখায়৷” … … … লেখক : মুনীন শৰ্মা

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation

%d bloggers like this: