এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

বৌদ্ধিক দাসত্ব বনাম বৌদ্ধিক স্বাধীনতা

‘যি জাতিৰ সভ্যতা যিমানেই পুৰণি, সেই জাতিৰ মানসিক দাসত্বও সিমানেই পুৰণি। ভাৰতবৰ্ষৰ সভ্যতা যে প্ৰাচীন, তাত সন্দেহ নাই আৰু সেয়েহে ইয়াৰ গতিপথত বাধাৰ প্ৰাচীৰো অলেখ। প্ৰগতিৰ পথত সবাতোকৈ ডাঙৰ অন্তৰায় হ’ল বৌদ্ধিক দাসত্ব।’

প্ৰখ্যাত সমাজবিজ্ঞানী, সাম্যবাদী আন্দোলনৰ বাটকটীয়া ৰাহুল সাংকৃত্যায়ন (১৮৯৩-১৯৬৩)ৰ এই মন্তব্যৰ খেও ধৰি ভাৰতীয় সভ্যতাৰ প্ৰাচীনত্ব আৰু ইয়াৰ গতিপথত আহি পৰা বিভিন্ন বাধাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে এয়া স্পষ্ট হৈ লোৱা ভাল হ’ব যে সাংকৃত্যায়নে গৰিষ্ঠসংখ্যক ভাৰতবাসীযে যুগ যুগ ধৰি মন-মগজুত পোষণ কৰি অহা প্ৰগতিবিৰোধী, পশ্চাদগামী, অযৌক্তিক আৰু অবৈজ্ঞানিক ধ্যান-ধাৰণাকে বৌদ্ধিক দাসত্ব বুলি ক’ব বিচাৰিছিল। ভাৰতীয় সভ্যতাৰ বৰ্ণবাদ, ধৰ্মীয় গোড়ামি, অন্ধ ঐতিহ্যপ্ৰীতি, শোষণ-বঞ্চনা আদিৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰি এখন বৈষম্যহীন সুন্দৰ-সুস্থিৰ সাম্যৰ সমাজ গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰা সাংকৃত্যায়নে সৌ তাহানিতে যৰ্থাৰ্থভাৱেই কৈছিল যে ভাৰতবাসীয়ে মানসিক দাসত্বৰ বন্ধন সমূলঞ্চে ভঙি ধূলিসাৎ কৰিবলৈ প্ৰস্তুত হ’ব লাগিব। তেওঁৰ মতে, ভাৰতবাসীক বহিৰ্জগতৰ বিপ্লৱতকৈ অন্তৰ্জগতৰ বিপ্লৱ অধিক প্ৰয়োজন হৈ পৰিছে। ভাৰতবাসীয়ে দুই হাতৰ খোলা তৰোৱাল চতুৰ্দিশে নচুৱাই সমগ্ৰ ধৰ্মীয় গোড়ামি আৰু মৌলবাদ মষিমূৰ কৰি আগুৱাই যাব লাগিব।

ৰাহুল সাংকৃত্যায়নৰ মৃত্যুৰ পাছত বিগত পাঁচটা দশকত ভাৰতৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক ক্ষেত্ৰখনত বিপুল পৰিৱৰ্তনৰ সূচনা হ’ল। সাম্ৰাজ্যবাদৰ বোকোচাত উঠি অহা বিশ্বায়নৰ বতাহজাকে ভাৰতৰ কেতবোৰ পুৰাতন মূল্যবোধত আঘাত হানি একাংশ তৰুণ প্ৰজন্মক শিপাবিচ্ছিন্ন আৰু ভোগসৰ্বস্ব জীৱনৰ প্ৰতি লালায়িত কৰি তুলিলে। পুঁজিবাদৰ অৱশ্যম্ভাৱী পৰিণতিত দেশত যোত্ৰৱানৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে যোত্ৰহীনৰ সংখ্যাও বৃদ্ধি পালে। কিন্তু গভীৰ উদ্বেগ আৰু পৰিতাপৰ বিষয় যে এই সময়ছোৱাত গৰিষ্ঠসংখ্যক ভাৰতবাসীৰ মনোজগতত বিশেষ গতিশীল আৰু ৰূপান্তৰকামী চিন্তা-চেতনাৰ সৃষ্টি নহ’ল। বাহ্যিকভাৱে তেওঁলোক এক অত্যাধুনিক জীৱনশৈলীত অভ্যস্ত হৈ পৰিলেও মানসিকভাৱে পুৰণিকলীয়া সংস্কাৰ আৰু পশ্চাদগামী ধ্যান-ধাৰণাকে খামোচ মাৰি থাকিল। সন্দেহ নাই যে ক্ষমতাসীন ৰাষ্ট্ৰযন্ত্ৰই ন্যস্ত স্বাৰ্থ পূৰণৰ বাবেই ৰাহুল সাংকৃত্যায়ন, কাৰ্ল মাৰ্ক্স, প্ৰেম চন্দৰ দৰে ৰূপান্তৰকামী সমাজবিজ্ঞানীসকলৰ বস্তুনিষ্ঠ মতবাদ বা জীৱন দৰ্শনৰ প্ৰচাৰ-প্ৰসাৰত বিভিন্ন কৌশলেৰে হেঙাৰ সৃষ্টি কৰি আহিছে। শেহতীয়াভাৱে উগ্ৰ হিন্দুত্ববাদী দলটোৱে দেশৰ শাসনভাৰ হস্তগত কৰিয়েই ভাৰতবাসীক আৰ্থিক, সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিকভাৱে বৌদ্ধিক দাসত্বৰ শিকলিৰে নিকপকপীয়াকৈ বান্ধি পেলোৱাৰ সকলো ষড়যন্ত্ৰই সম্পূৰ্ণ কৰি তুলিছে; যাৰ ফলত বাঁও গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিবোৰৰ প্ৰতিয়েই হওক বা বৌদ্ধিক স্বাধীনতাৰ প্ৰতিয়েই হওক, চৰম প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। . . . লেখক : টুনুজ্যোতি গগৈ

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

Advertisements

Single Post Navigation

One thought on “বৌদ্ধিক দাসত্ব বনাম বৌদ্ধিক স্বাধীনতা

  1. Pingback: ‘এষণা’, আগষ্ট, ২০১৬ | এষণা exona

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: