এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

গণতন্ত্ৰ বনাম ধৰ্মতন্ত্ৰ

‘সব কা সাথ, সব কা বিকাশ’ শ্ল’গান দি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিয়া নৰেন্দ্ৰ মোদী-নেতৃত্বাধীন বিজেপিৰ চৰকাৰখনে যোৱা দুটা বছৰত কিমান বিকাশ ঘটালে, তাৰ খতিয়ান ল’বলৈ নগৈও এটা কথা দৃঢ়তাৰে ক’ব পাৰি যে দলটোৱে আন একো কৰিব নোৱাৰিলেও হিন্দুত্বক প্ৰতিষ্ঠা কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা চলাই আহিছে। যোৱা দুটা বছৰত সংঘটিত হোৱা ধৰ্মীয় সংঘাত ইয়াৰ প্ৰমাণ হিচাপে উল্লেখ কৰিব পাৰি। বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতে গীৰ্জাত আক্ৰমণ চলিল; কোনো কোনো ঠাইত নানসকলকো অত্যাচাৰ চলোৱাৰ বাতৰি পোৱা গ’ল। ইংলেণ্ড, আমেৰিকাই এই আক্ৰমণৰ বিৰুদ্ধে সৰৱ হৈ পৰাত আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই সংঘৰ্ষক কঠোৰ ভাষাৰে গৰিহণা দি ‘হিন্দু তালিবানী’ বুলি আখ্যা দিয়াত,– আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱাৰ ভয়ত সংঘাতসমূহৰ নিয়ন্ত্ৰণৰ চেষ্টা চলিল। তাৰ পাছত আহিল গো-মাংস নিষিদ্ধকৰণ। কাশ্মীৰকে ধৰি কেইবাখনো ৰাজ্যত গো-মাংস নিষিদ্ধ কৰাৰ অভিযান চলিল; কোনোবাখনত আইনো প্ৰণয়ন কৰা হ’ল। দলটোৱে এতিয়া সমগ্ৰ ভাৰততে গো-হত্যা নিষিদ্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা বছৰ ২৮ ছেপ্টেম্বৰৰ নিশা লক্ষ্নৌৰ (উত্তৰ প্ৰদেশ) বিসাৰা গাঁৱত গো-মাংস খোৱা বুলি এটা মন্দিৰৰপৰা ৰাজহুৱা ঘোষণা (উৰা-বাতৰি) কৰাৰ পাছত প্ৰায় দুশ লোকে ৫০ বছৰীয়া মহম্মদ আকলাখ নামৰ এজন লোকক হত্যা কৰে। অথচ লোকজনে তেওঁৰ ঘৰত ৰখা মাংসখিনি ছাগলীৰ মাংস বুলিহে ফৰেনছিক লেবৰেটৰিয়ে প্ৰমাণ কৰি দেখুৱালে। গজল গায়ক জগজিৎ সিঙৰ স্মৃতিত মুম্বাইত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা পাকিস্তানৰ গজল গায়ক গোলাম আলীক অনুষ্ঠান পৰিৱেশন কৰাত শিৱ সেনাই বাধা দিলে। এই ঘটনাবোৰে উগ্ৰ হিন্দুত্ব ধাৰণাটোকে প্ৰতিপন্ন কৰে। তদুপৰি হায়দৰাবাদ বিশ্ববিদ্যালয়ত ৰোহিত ভেমুলাৰ আত্মহত্যা, জে এন ইউৰ কানহাইয়া কুমাৰকে ধৰি আন কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰ কৰা, তেওঁলোকৰ মুক্তিৰ দাবীত আহ্বান জনোৱা প্ৰতিবাদী সভাত অংশ ল’বলৈ অহা এজন সাংসদক শিলগুটি মাৰি আঘাত কৰা, পাটিয়ালা হাউছৰ আদালতত বিজেপি বিধায়ক সমন্বিতে উকীলৰ সাজ পিন্ধা লোকে প্ৰতিবাদকাৰী শিক্ষক-শিক্ষাৰ্থীৰ ওপৰত আক্ৰমণ কৰা আদি ঘটনাবোৰেও উগ্ৰ হিন্দুত্বৰ পৰিচয়কে দাঙি ধৰে। এই উগ্ৰ হিন্দু ধ্যান-ধাৰণাই দলটোৰ সাম্প্ৰদায়িক স্বৰূপটো উদঙাই দেখুৱাইছে। কোনো কোনো ৰাজ্যত ইয়াৰ বিৰুদ্ধে ক্ষোভৰো বহিঃপ্ৰকাশ ঘটিছে। শেহতীয়াভাৱে শ্ৰীনগৰত ঘটা কাশ্মীৰ আৰু অকাশ্মীৰ ছাত্ৰৰ মাজত হোৱা সংঘৰ্ষ ইয়াৰ এক উদাহৰণ। এই সংঘৰ্ষত আনকি আৰক্ষীয়েও অকাশ্মীৰ ছাত্ৰক কঠোৰ হাতেৰে দমন কৰিলে। . . . লেখক : নিতুল চাংমাই

সম্পূৰ্ণ লেখাটো পঢ়ক তলৰ লিংকত

Single Post Navigation

One thought on “গণতন্ত্ৰ বনাম ধৰ্মতন্ত্ৰ

  1. Pingback: ‘এষণা’, আগষ্ট, ২০১৬ | এষণা exona

Leave a comment