এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the month “July, 2015”

‘এষণা’, জুলাই, ২০১৫

‘যুক্তি-বিকাশ সমিতি, অসম’ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। পূৰ্বৰ চাৰিটা সংখ্যাৰ দৰেই ‘এষণা’ৰ এই পঞ্চম সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। ‘বৰেণ্য যুক্তিবাদী বিশেষ’ এই সংখ্যাটিত অসম, ভাৰত তথা চুবুৰীয়া দেশৰ মুঠ ছজন যুক্তিবাদী কৰ্মী-চিন্তাবিদৰ জীৱন, কৰ্ম আৰু চিন্তাধাৰাৰ আলোচনা-বিশ্লেষণ দাঙি ধৰা হৈছে আৰু তাৰ মাধ্যমেৰে যুক্তিবাদী আন্দোলনৰ সমস্যা আৰু সম্ভাৱনাসমূহৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে। উক্ত ছ-টা লেখাৰ লগতে অন্যান্য দুটা লেখা তথা ‘যুক্তিবাদ আৰু ঐতিহ্য’ সম্পৰ্কীয় সম্পাদকীয়ক সামৰি ‘এষণা’ৰ পঞ্চম সংখ্যাৰ ৱেব সংস্কৰণটো আপোনাৰ অধ্যয়ন তথা বক্তব্যৰ বাবে মুকলি কৰি দিয়া হ’ল। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
যুক্তিবাদ আৰু ঐতিহ্য

বৰেণ্য যুক্তিবাদী বিশেষ
মানৱেন্দ্ৰনাথ ৰায়–সন্ধ্যা দেৱী
বিপ্লৱী ভগৎ সিং আৰু তেওঁৰ যুক্তিবাদী দৰ্শন–আৰহান ইনামূল
আব্ৰাহাম থোম্মা কোভুৰ : কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামী এক জীৱন–ডা: প্ৰবীণ কুমাৰ নেওগ
আৰজ আলি মাতুব্বৰ : স্ববীক্ষণ,যুক্তিজিজ্ঞাসা আৰু বিবেকী বিদ্ৰোহ–শৈলেন গোহাঁই
যুক্তিমনস্ক মানৱতাবাদী হৰেন্দ্ৰনাথ শৰ্মা–প্ৰসেনজিৎ চৌধুৰী
অভিজিৎ ৰায় : এক অনিৰ্বাণ বহ্নিশিখা–কৌশিক দাস

অন্যান্য প্ৰবন্ধ
পশ্চিমীয়া সমাজত জ্যোতিষ–পূৰৱী দেৱী

ব্যক্তিগত বিশেষ
ধৰ্মীয় অপচয়–কানাই গগৈ
……………………………..
সংবাদ
প্ৰকাশ পালে . . . প্ৰকাশ পালে . . .
যুক্তি-বিকাশ সমিতি,অসম-ৰ অনলাইন আলোচনী
মুক্ত চিন্তা
কৌশিক দাসৰ মুখ্য সম্পাদনা,
বৰ্ণালী বৰুৱা দাস আৰু জিতেন বেজবৰুৱাৰ সম্পাদনা
তথা শিতান আৰু বিষয় অনুযায়ী এক সুসংগঠিত সম্পাদনা গোটৰ সমূহীয়া উদ্যোগত প্ৰকাশিত
বিষয়-বৈচিত্ৰ্যৰে ভৰপূৰ আৰু ভিন্ন দৃষ্টিকোণেৰে সমৃদ্ধ
আলোচনীখনৰ বাবে আজিয়েই দৰ্শন কৰক আমাৰ ৱে’বছাইট
http://www.muktosinta.org

Advertisements

যুক্তিবাদ আৰু ঐতিহ্য

দীৰ্ঘদিনীয়া ঔপনিবেশিক শাসনে শাসিতৰ মনত দুইধৰণৰ বিপৰীতধৰ্মী মানসিকতাৰ জন্ম দিয়ে–এটা হ’ল আনুগত্য-অনুকৰণৰ মানসিকতা,আনটো হ’ল প্ৰতিৰোধ-প্ৰত্যাখ্যানৰ মানসিকতা। আমাৰ সমাজত সাংস্কৃতিক বশ্যতাক মহিমান্বিত কৰিব বিচৰা ৰক্ষণশীল মহলৰ চতুৰ নেতৃত্বই সাধাৰণতে দ্বিতীয়বিধ মানসিকতাক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰে। কোনো এটা ভাবাদৰ্শ তেওঁলোকৰ পছন্দ নহ’লে উদ্দাম কন্ঠে তেওঁলোকে চিঞৰিব ধৰে–এইবোৰ পশ্চিমৰপৰা আমদানি কৰা বস্তু,আমাৰ সমাজত একেবাৰে আচহুৱা,আমাৰ দেশৰ বাবে ক্ষতিকৰ। কোৱা বাহুল্য, ভাৰতীয় মানসত পাশ্চাত্যৰ লগত ঔপনিবেশিক শাসন তথা সাংস্কৃতিক আধিপত্যৰ ক্ষোভ-সঞ্চাৰকাৰী স্মৃতি জড়িত হৈ আছে। এই অনুষংগৰ ওপৰত ভেঁজা দি উত্তৰ-ঔপনিবেশিক কালতো সাংস্কৃতিক স্থিতাৱস্থাক ৰক্ষণাবেক্ষণ দিব বিচৰা শক্তিবোৰে কাম্য আধুনিকতাৰ বিপক্ষে নিজৰ যুক্তিবোৰ জাতীয়তাবাদৰ পৰিশুদ্ধ পোছাক পিন্ধাই সাধাৰণ মানুহৰ আগত দাঙি ধৰে। নাৰী-মুক্তিৰ বা ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শক নাকচ কৰোতে সাধাৰণতে এনে কৌশল সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰা হয়। জনসাধাৰণে ভাবে,ৰক্ষণশীলতাক ৰক্ষণাৱেক্ষণ দিয়া নাই,সাংস্কৃতিক সাম্ৰাজ্যবাদৰহে বিৰোধিতা কৰিছে। . . . . . . সম্পাদকীয়।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

মানৱেন্দ্ৰনাথ ৰায়

ঘটনাবহুল জীৱনৰ দীৰ্ঘ পৰিক্ৰমাৰ মূল্যায়ন কৰি আমি সহজেই সিদ্ধান্ত ল’ব পাৰো যে মানৱেন্দ্ৰনাথ ৰায় (১৮৮৭–১৯৫৪) মূলতঃ যুক্তিবাদীহে আছিল। ক’বলৈ গ’লে বিগত শতিকাৰ চিন্তাশীল ভাৰতীয়ৰ ভিতৰত মানৱেন্দ্ৰনাথ ৰায় অন্যতম। তেওঁৰ যুক্তিবাদী মনোভাব তৰল বা যান্ত্ৰিক চিন্তাৰপৰা অহা নাছিল। মানৱতন্ত্ৰী দৰ্শনত বিশ্বাসী এই মনীষীয়ে গভীৰভাৱে উপলব্ধি কৰিছিল যে বৈপ্লৱিক চিন্তাইহে মানুহৰ মনস্তত্ত্বৰপৰা মধ্যযুগীয় মূল্যবোধ মষিমূৰ কৰিব পাৰিব আৰু অতীতমুখী ভাবধাৰা বিসৰ্জন দিব পাৰিলেহে প্ৰকৃত যুক্তিবাদী চিন্তাৰ উন্মেষ সম্ভৱপৰ হ’ব। মানৱেন্দ্ৰনাথ ৰায়ৰ চিন্তাৰ এই দিশটোৰ ওপৰতহে এই ক্ষুদ্ৰ নিবন্ধত আলোকপাত কৰা হ’ব। . . . . . . লেখক : সন্ধ্যা দেৱী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বিপ্লৱী ভগৎ সিং আৰু তেওঁৰ যুক্তিবাদী দৰ্শন

ভাৰতৰ মূলসুঁতিৰ বুৰঞ্জীত ভাৰতীয় স্বাধীনতা আন্দোলনৰ মূল ঘটনাৱলী প্ৰায়েই গান্ধী-নেহৰু-কেন্দ্ৰিক হোৱা দেখা যায় আৰু প্ৰায়েই এই স্বাধীনতা সংগ্ৰামত বৰঙণি যোগোৱা অন্য বিপ্লৱী আৰু বিদ্ৰোহীসকলৰ জীৱনাদৰ্শ তথা চিন্তাধাৰাক বেছি গুৰুত্ব দিয়া নহয়,অৱশ্যেই ইংৰাজে তেওঁলোকৰ ওপৰত চলোৱা নিৰ্মম অত্যাচাৰৰ ব্যাখ্যা অথবা ইংৰাজৰ ওপৰত তেওঁলোকে চলোৱা প্ৰতিশোধমূলক বা কূটাঘাতমূলক কিছু ঘটনাক মছলা হিচাপে ব্যৱহাৰ কৰা দেখা যায়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এইসকল বিপ্লৱীৰ আদৰ্শৰ বিস্তৃত পৰ্যালোচনাৰ অভাৱৰ কাৰণেই বিভিন্ন ৰাজনৈতিক দলৰ মতাদৰ্শত,সাহিত্য-সংস্কৃতিত,চিনেমাত,নিজকে দেশপ্ৰেমমূলক বুলি দাবী কৰা বিভিন্ন ৱেবছাইট অথবা ছ’চিয়েল মিডিয়াত সচৰাচৰ এই ব্যক্তিসকলৰ প্ৰকৃত চিন্তা,বিপ্লৱ তথা ৰাজনীতিবিষয়ক দৰ্শন আৰু বিভিন্ন মৌলিক বিষয়বস্তুৰ ওপৰত প্ৰকৃত মতাদৰ্শৰ আচল ছবিখন দেখা নাযায়। উদাহৰণস্বৰূপে,ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বিপ্লৱীৰ নাম সকলোৰে মাজত জনপ্ৰিয়, তেওঁ হ’ল ছহিদ ভগৎ সিং। কিন্তু এই বিপ্লৱীজনৰ উপস্থাপন জনপ্ৰিয় মাধ্যমসমূহত প্ৰায়েই বিকৃত ৰূপতহে কৰা দেখা যায়। ইয়াৰ ফলশ্ৰুতিতেই ভগৎ সিং বুলিলে বাহুবলী,বন্ধুকধাৰী এজন যোদ্ধাৰ ছবিহে মনলৈ আহে যি এইটো বিশ্বাস কৰে যে স্বদেশক ব্ৰিটিছ শাসনৰপৰা মুক্ত কৰিবলৈ হ’লে গান্ধীৰ অহিংসা নীতিতকৈ তেওঁৰ বন্দুকে কোৱা হিংসাৰ নীতিহে যেন বেছি উপযোগী হ’ব। আমাৰ মানসপটত এই জনপ্ৰিয় মাধ্যমসমূহে যিজন ভগৎ সিঙৰ প্ৰতিচ্ছবি দাঙি ধৰে তেওঁ হ’ল লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধত আৰক্ষী বিষয়াক গুলিওৱা,ব্ৰিটিছৰ ওপৰত বোমা দলিওৱা এজন স্বদেশী বীৰ। এই মাধ্যমসমূহে ভগৎ সিঙৰ প্ৰকৃত ৰাজনৈতিক মতাদৰ্শ আৰু দৰ্শনক প্ৰকৃত ৰূপত উপস্থাপন কৰাত কৃপণালি কৰা যেন লাগে। বিদেশী সাম্ৰাজ্যবাদৰ হাতোৰাৰপৰা মাতৃভূমিক মুক্ত কৰিবলৈ ভগৎ সিঙে যি পন্থা লৈছিল সেয়া অকল হিংসাৰ ওপৰত প্ৰতিষ্ঠিত নাছিল,তেওঁ এটা বৈপ্লৱিক দৰ্শন আৰু কাৰ্যপন্থা নিধাৰণ কৰিবলৈ চেষ্টা কৰিছিল যাৰ যোগেদি শোষণকাৰী সাম্ৰাজ্যবাদক শিপাসহ উভালি পেলাব পাৰি। আনহাতেদি,তেওঁ আভ্যন্তৰীণ শোষণ (দেশীয় পুঁজিবাদ) আৰু শ্ৰেণীসংঘাতৰ প্ৰকৃত চৰিত্ৰৰ বিচাৰ কৰি ৰ্নিমূল কৰাৰ পথ নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰিছিল। . . . . . . লেখক : আৰহান ইনামূল।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

আব্ৰাহাম থোম্মা কোভুৰ : কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামী এক জীৱন

‘‘আনসকলৰ নিচিনাকৈ আমি আমাৰ মা-দেউতাৰ ক্ষণিক সময়ৰ জৈৱ ক্ৰিয়াকলাপৰ আকস্মিক ফচল (accidental byproduct) হিচাপে জন্ম গ্ৰহণ কৰিছো। ইয়াৰ ওপৰত আমাৰ কোনো মতামত বা নিয়ন্ত্ৰণ নাছিল। আমাৰ মা-দেউতা কোন হ’ব,তাৰ ওপৰত যেনেকৈ আমাৰ কোনো মতামত নাছিল,তেনেকৈ আমাৰ মাতৃভাষা,জাতি,ধৰ্ম আৰু জন্মৰ সময় আৰু স্থানৰ ওপৰতো কোনো মতামত নাছিল। . . .

‘‘তৰুণ বয়সত আমি আছিলো খ্ৰিষ্টান,কাৰণ খ্ৰিষ্টান মা-দেউতাৰদ্বাৰা এটা খ্ৰিষ্টান পৰিয়ালত আমি ডাঙৰ-দীঘল হৈছো। আমাৰ মাজৰ অধিকাংশ ব্যক্তিয়েই তেওঁলোকৰ মাক-দেউতাকৰ ধৰ্মকে নিজৰ ধৰ্ম বুলি গ্ৰহণ কৰে;কাৰণ মাক-দেউতাকে সৰু কালৰপৰাই নিজৰ সন্তানক নিজৰ ধৰ্ম সম্পৰ্কে শিক্ষা প্ৰদান কৰে। কিন্তু ডাঙৰ হৈ আমি যেতিয়া স্বাধীনভাৱে চিন্তা কৰিবলৈ আৰু কাম কৰিবলৈ শিকিলো তেতিয়া আমি খ্ৰিষ্টান ধৰ্ম পৰিত্যাগ কৰি এজন যুক্তিবাদী হৈ উঠিলো। বাইবেলক এজন সৰ্বদৰ্শী ঈশ্বৰৰ বাণী বুলি আমি গ্ৰহণ কৰিব নোৱাৰিলো।”. . . . . . লেখক : ডা: প্ৰবীণ কুমাৰ নেওগ।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

আৰজ আলি মাতুব্বৰ : স্ববীক্ষণ, যুক্তিজিজ্ঞাসা আৰু বিবেকী বিদ্ৰোহ

যুক্তিবাদী মহলত দুঃসাহসী লেখকৰূপে বিশ্ববিদিত টমাছ পেইনে এটা সময়ত উত্থাপন কৰা কিছুমান প্ৰথাবিৰোধী যুক্তিনিষ্ঠ প্ৰশ্নই খ্ৰিষ্টান ধৰ্মৰ যাজক-পুৰোহিত শ্ৰেণীৰ মাজত একপ্ৰকাৰ ত্ৰাসৰ সূত্ৰপাত ঘটাইছিল। বাইবেলৰ সৰ্বগ্ৰাসী আধিপত্যৰ বিৰুদ্ধে যুদ্ধংদেহি মনোভাব পোষণ কৰা টমাছ পেইনে সত্য, দয়া আৰু কৰুণাৰ অক্ষয় ভাণ্ডাৰস্বৰূপ বাইবেলৰ সত্যতাৰ ওপৰতে সন্দেহৰ আঙুলি টোঁৱাই প্ৰশ্ন কৰিছিল : It has often been said that anything may be proved from the Bible; but before anything can be admitted as proved by the Bible, the Bible itself must be proved to be true.’ (Thomas Pain, The Age of Reason, p. 64). প্ৰাতিষ্ঠানিক ধৰ্ম, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিৰোধী পেইনৰ এনে নিৰ্ভীক যুক্তিবাদী মন্তব্য আৰু আপোচবিহীন অৱস্থানে নিঃসন্দেহে পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ বিশ্বতে স্বাধীন আৰু মুক্ত চিন্তাৰ এক বিবেকী পৰম্পৰা নিৰ্মাণ কৰাত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছিল।

যুক্তিনিষ্ঠ আৰু বিজ্ঞানমনস্ক চিন্তা-চৰ্চাৰ ইতিহাসত টমাছ পেইন, বাৰ্ট্ৰাণ্ড ৰাছেল, পেৰিয়াৰ আদি খ্যাতিমান ব্যক্তিৰ নাম বহুলভাৱে পৰিচিত, কিন্তু আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ বিস্ময়কৰ ব্যক্তিত্ব আৰজ আলি মাতুব্বৰ (১৯০০–১৯৮৫)ৰ নাম হয়তো আজিও বহুতৰ বাবে অজ্ঞাত। স্বশিক্ষিত, স্বাধীনচেতা, জিজ্ঞাসু, পৰমতসহিষ্ণু, যুক্তিবাদী, প্ৰগতিশীল আদি অভিধাসমূহ সঁচা অৰ্থত যাৰ ক্ষেত্ৰত প্ৰযোজ্য দৰাচলতে বাংলাদেশৰ আৰজ আলি মাতুব্বৰ আছিল তাৰ এক অনুপম নিদৰ্শন। ১৯০০ চনত বাংলাদেশৰ বৰিশাল চহৰৰ নাতিদূৰত অৱস্থিত লামচাৰি গাঁৱত জন্মগ্ৰহণ কৰা আৰজ আলি মাতুব্বৰৰ জীৱন পৰিক্ৰমা আছিল নানান দুখ-যন্ত্ৰণা, অভাৱ-অনাটন আৰু ঘাত-প্ৰতিঘাতেৰে ভাৰাক্ৰান্ত। মাত্ৰ চাৰি বছৰ বয়সতে পিতৃক হেৰুৱাই ভয়ংকৰ মানসিক দুৰ্যোগ আৰু দৰিদ্ৰতাৰ মাজেৰে জীৱন অতিবাহিত কৰা আৰজ আলি মাতুব্বৰে কোনোদিন পঢ়াশালিৰ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ নাপালে। গাঁৱৰে ধৰ্মপ্ৰাণ ব্যক্তি এজনে স্থাপন কৰা মক্তব এখনতে কেৱল স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ শিকাৰ সুযোগকণ লাভ কৰা আৰজ আলি জীৱনৰ অধিকাংশ সময় কৃষিকাৰ্য আৰু আন জীৱিকা উপাৰ্জনৰ কাৰ্যতে ব্যস্ত থাকিবলগা হৈছিল। জীৱনৰ এনে চৰম সংকটকালীন সময়তে ১৯৩২ চনত আৰজ আলিয়ে তেওঁৰ প্ৰাণাধিক মৰমৰ মাতৃক হেৰুৱাবলগা হয়। . . . . . . লেখক : শৈলেন গোহাঁই।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

যুক্তিমনস্ক মানৱতাবাদী হৰেন্দ্ৰনাথ শৰ্মা

যুক্তিৰ সনিষ্ঠ অনুশীলন অসমত কোনে আৰম্ভ কৰে? প্ৰশ্নটোৱে অৱলীলাক্ৰমে এগৰাকী স্বনামধন্য মনীষীৰ নাম মনত পেলাই দিয়ে–হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰৰ সীমাবদ্ধতা নাছিল বুলি ক’ব নোৱাৰি যদিও তেওঁক সংগতভাৱেই আধুনিকতাৰ অগ্ৰদূত বুলি অভিহিত কৰা হয়। ‘ইলোৰা বিজ্ঞান মঞ্চ’ই অলপীয়া সামৰ্থ্যেৰে এইগৰাকী মনীষীক শ্ৰদ্ধা জনাবলৈ আৰু তেওঁৰ ভাবধাৰাৰ প্ৰসাৰ ঘটাবলৈ চেষ্টা কৰি আহিছে। পিছে পৰিতাপৰ কথা হ’ল, প্ৰতিকূল পৰিবেশত হেমচন্দ্ৰই আৰম্ভ কৰা যুক্তি-চৰ্চাৰ অশানুৰূপ বিকাশ তথা সম্প্ৰসাৰণ পৰৱৰ্তী কালত দেখা নগ’ল। বোধহয় লক্ষ্মীধৰ শৰ্মাইহে উল্লেখনীয়ভাৱে এই বন্ধুৰ বাটেৰে আগ বাঢ়ি যাবলৈ যত্ন কৰিছিল। তেওঁৰ ‘ঈশ্বৰ’ শীৰ্ষক কবিতাটোত ইয়াৰ নমুনা আছে :
মানুহৰ স্বাধীনতা পূৰ্ণ হ’ব পাৰে
নিৰ্বাসন লয় যদি কল্পিত ঈশ্বৰ (ঈশ্বৰে)।

খুব বেছি পঁচিশ বছৰমানৰপৰাহে অসমত যুক্তিবাদী চিন্তা-চৰ্চাৰ কিছু প্ৰসাৰ দেখা গৈছে। সম্প্ৰতি যুক্তিৰ যষ্টিৰে অন্ধবিশ্বাসক আক্ৰমণ কৰিবলৈ বা বিজ্ঞানৰ সঁজুলিৰে ব্যৱেচ্ছদ কৰি ঈশ্বৰৰ স্বৰূপ অনুধাৱন কৰিবলৈ এচাম লেখক-লেখিকা আগ বাঢ়ি আহিছে পৰম নিষ্ঠাৰে। এই অগতানুগতিক নব্য ধাৰাটোৰ এগৰাকী অটল-অচ্যুত অগ্ৰপথিক হ’ল যুক্তিমনস্ক মানৱতাবাদী হৰেন্দ্ৰনাথ শৰ্মা (১৯২২–২০১৫)। প্ৰচাৰবিমুখ এই নীৰৱ সাধকজনৰ লেখা-মেলাই এতিয়াও যথোচিত প্ৰচাৰ লাভ কৰা নাই। বিজ্ঞানমনস্কতাৰ ধ্বজা ঊৰ্ধ্বলৈ তুলি ধৰিব বিচৰা সংগঠনে তেওঁৰ ৰচনাসমূহ প্ৰকাশ কৰাত উদ্দ্যোগ ল’ব বুলি আমি আশা কৰিছোঁ। ছেগা-চোৰোকাকৈ হ’লেও অসমত আজি যুক্তিবাদৰ যি অনুশীলন আৰম্ভ হৈছে তাৰ অন্তৰালত হৰেন্দ্ৰনাথ শৰ্মাৰ দৰে আপোচহীন মুক্তচিন্তকৰ প্ৰত্যক্ষ উদগনি বা পৰোক্ষ প্ৰভাৱ বিদ্যমান বুলি অনায়াসে অনুমান কৰিব পাৰি। . . . . . . লেখক : প্ৰসেনজিৎ চৌধুৰী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

অভিজিৎ ৰায় : এক অনিৰ্বাণ বহ্নিশিখা

১.
যোৱা ২৬ ফেব্ৰুৱাৰি, ২০১৫ তাৰিখে এক মৰ্মান্তিক ঘটনা সংঘটিত হ’ল। বাংলাদেশৰ ৰাজধানী ঢাকা চহৰৰ মাজমজিয়াত ধৰ্মীয় মৌলবাদী ঘাতকৰ চোকা অস্ত্ৰৰ আঘাতে এগৰাকী তীক্ষ্ণধী যুক্তিবাদী লিখকৰ প্ৰাণ কাঢ়ি লৈ গ’ল। অতি প্ৰতিভাৱান এই যুক্তিবাদী চিন্তাবিদগৰাকীৰ নাম অভিজিৎ ৰায়।
সেইদিনা ঢাকাৰ গ্ৰন্থমেলাৰপৰা ওলাই আহিছিল অভিজিৎ ৰায়। লগত আছিল তেওঁৰ পত্নী, যুক্তিবাদী লেখিকা বন্যা ৰাফিদা আহমেদ। তেতিয়াই ধৰ্মীয় মৌলবাদী ঘাতকে চোকা, দা-জাতীয় অস্ত্ৰৰে ঘপিয়াই কাঢ়ি ল’লে এইগৰাকী অদম্য যুক্তিবাদীৰ প্ৰাণ। বন্যা আহমেদ গুৰুতৰভাৱে আহত হয়। অভিজিৎ ৰায়ৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰায় দুই ঘণ্টাৰ পাছত দিয়া টুইটাৰ বাৰ্তাত ‘আনছাৰ বাংলা ছেভেন’ নামৰ এটা মৌলবাদী গোটে সেই পৈশাচিক ঘটনাটোত উল্লাস প্ৰকাশ কৰি হত্যাকাণ্ডটোৰ দায়িত্ব স্বীকাৰ কৰে।
২.
অভিজিৎ ৰায়ৰ লিখনি আৰু চিন্তা-চৰ্চাৰ পৰিসৰ আছিল বিস্তৃত আৰু বৈচিত্ৰ্যময়। বিজ্ঞানৰ ক্ষেত্ৰত নিউটনৰ ক্লাছিকেল মহাকৰ্ষণৰ সূত্ৰৰপৰা আৰম্ভ কৰি অত্যাধুনিক ষ্ট্ৰিং তত্ত্বলৈকে, কোৱাণ্টাম ফ্লাক্সুৱেচনৰপৰা ডাৰ্ক এনাৰ্জিলৈকে, আণৱিক জীৱবিজ্ঞানৰপৰা বিৱৰ্তনীয় মনোবিজ্ঞানলৈকে আছিল তেওঁৰ অধ্যয়ন আৰু ৰচনাৰ বিশাল ক্ষেত্ৰ। বিজ্ঞানৰ এনে এটা শাখা নাই যিটোত অভিজিৎ ৰায়ে কিবা নহয় কিবা লিখা নাছিল। মহাকাশবিজ্ঞান, জীৱবিজ্ঞান, পদাৰ্থবিজ্ঞান সকলোতে তেওঁৰ আছিল অনায়াস বিচৰণ। সাধাৰণতে চকুত পৰা বিজ্ঞান লিখকসকলৰ লেখা-মেলাৰ সৈতে তেওঁৰ সুলিখিত ৰচনাৰাজি কেইটিমান ক্ষেত্ৰত আছিল একেবাৰেই পৃথক। বেছ জোৰ দিয়েই ক’ব পাৰি, অভিজিতৰ দৰে ইমান সহজ-সৰলকৈ, বুদ্ধিদীপ্ত ৰসবোধেৰে, ইমান টান টান বস্তুবিলাক ইমান উজুকৈ বুজাই দিব পৰা দক্ষতা সাধাৰণতে চকুত নপৰে (আমাৰ সীমিত অভিজ্ঞতাৰপৰা কৈছো যদিও এই কথাটো বহু অভিজ্ঞ ব্যক্তিয়েও কোৱা শুনিছো)। কিন্তু এই কথাটোৰপৰা এনেদৰে ভাবিলে ভুল হ’ব যে বিজ্ঞানৰ সংক্ৰান্তত অভিজিতে লিখা প্ৰবন্ধ-পাতিসমূহ আছিল মাথোন অবিশেষজ্ঞৰ বাবে সহজ-সৰলকৈ উদ্দেশ্য কৰি ৰচনা কৰা। তেনে ৰচনাসমূহ আছিল নিশ্চয়কৈ সহজবোধ্য, কিন্তু লগে লগে সেইবোৰ আছিল গভীৰ জ্ঞানৰ খনিৰ দৰে। অৰ্থাৎ সেইসমূহ আছিল অতি কঠিন বিষয় আৰু প্ৰাঞ্জল ব্যাখ্যা-বৰ্ণনাৰ এক বিস্ময়কৰ সমাহাৰ। . . . . . . লেখক : কৌশিক দাস।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

পশ্চিমীয়া সমাজত জ্যোতিষ

ৰাতিপুৱাতে দৈনিক বাতৰিকাকতখন মেলি লৈ ভাবিলো–আজি সোমবাৰ, সাপ্তাহিক ৰাশিফলটো চোৱা যাওক। Taurus: Your ruler Venus continues to combine brilliantly with Saturn. Now these two are as different a chalk and cheese, but in this alliance anything to do with building blocks be it metaphorical, emotional or actual in your situation can make promising progress. . . Call for more advice 09062813825 (এইটো এটা premium number)

ইংলেণ্ডৰ নৰৱিচ নামৰ নগৰৰপৰা প্ৰকাশিত এই কাকতখন হ’ল Eastern Daily Express (Monday, June 8 2015). আপুনি আচৰিত হৈছে নেকি? তেন্তে ব’লক, ইয়াৰ ৰাজহুৱা পুথিভঁৰালত এপাক মাৰি আহো। . . . . . . লেখক: পূৰৱী দেৱী।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক Read more…

ধৰ্মীয় অপচয়

“পূজাৰ চান্দা বিচাৰি এই নাস্তিকক লাজ নিদিব।”
অৱশেষত একপ্ৰকাৰ বাধ্যত পৰিয়েই মই এই ফলকখন ঘৰৰ পদূলি-মূৰত আঁৰি দিবলগীয়া হ’ল। এতিয়া বছৰৰ সেই বিশেষ দিনকেইটাত ঘৰত অলপ শান্তিৰে থাকিব পৰা হৈছো। অলপ বুলি এইকাৰণেই কৈছো যে এতিয়াও পূজাৰ চান্দা সংগ্ৰহকাৰী অত্যুৎসাহী দুই-এটা দল মোৰ ঘৰলৈ আহে। তথাপি আগৰ ভিৰ নাই।

বছৰৰ সেই বিশেষ মাহকেইটা আহিলেই ঘৰে ঘৰে পূজাৰ চান্দা সংগ্ৰহকাৰী দলবোৰৰ আগমন ঘটিবলৈ ধৰে। সময় নাই, অসময় নাই। ৰাতি নাই, দিন নাই। কিতাপ এখন মেলি লৈ শান্তিৰে পঢ়িম বুলি বহিমহে, ঠিক তেনেতেই কলিং বেলটো বাজি উঠিব। দুৱাৰ খুলি দেখিম, চাৰি-পাঁচটা স্কুলীয়া ছাত্ৰ। কি লাগে? স্বৰস্বতী পূজাৰ চান্দা লাগে। আৰু কেৱল এটা দলেই নহয়, এনেকুৱা কেইটা দল আহিব, তাৰ ঠিকনা নাই। চুবুৰিয়ে চুবুৰিয়ে চাৰি-পাঁচখনকৈ স্বৰস্বতী পূজাৰ মণ্ডপ, আনকি একেখন স্কুলতে চাৰি-পাঁচখনকৈ মণ্ডপ। মই কওঁ : ‘মই নাস্তিক মানুহ, পূজা-টূজা নামানো। তদুপৰি তোমালোকে এনেকৈ পূজাৰ নামত চান্দা বিচাৰি ঘূৰি ফুৰাতকৈ এই সময়ত পঢ়া-শুনা কৰাহে ভাল আছিল। কাৰণ পঢ়া-শুনা নিজে নকৰিলে স্বৰস্বতীয়ে একো কৰি নিদিয়ে। সিহঁতে মোলৈ আচৰিত হৈ চায় : এইবোৰ আকৌ কেনেকুৱা কথা? অৱশ্যে মোৰ মুখমণ্ডলত দৃঢ়তা দেখিয়েই হ’বলা সিহঁতে দুনাই চান্দা বিচাৰিবলৈ সাহ নকৰি যায়গৈ। কেতিয়াবা আহে হিন্দী কথাছবিৰ নায়কৰ অনুকৰণত চুলি ৰখা আৰু পোছাক পিন্ধা চেঙেলীয়া ল’ৰাৰ একোটা দল। স্বভাৱ-আচৰণত পূজা-প্ৰাৰ্থনাৰ লক্ষণ সমূলি নাই। কি লাগে? মনসা পূজাৰ চান্দা লাগে। মোৰ একেটাই উত্তৰ : ‘মই নাস্তিক, পূজা-টূজা নামানো। সিহঁত যায়গৈ, চকুত সন্দেহ, অবিশ্বাস : পূজা-প্ৰাৰ্থনা নকৰাকৈও মানুহ থাকিব পাৰেনে?!. . . . . . লেখক : কানাই গগৈ।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation