এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the month “January, 2015”

‘এষণা’, অক্টোবৰ-ডিচেম্বৰ, ২০১৪

‘যুক্তি-বিকাশ সমিতি, অসম’ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় সংখ্যাৰ দৰেই ‘এষণা’ৰ এই চতুৰ্থ সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। জ্যোতিষ-বিশেষ এই সংখ্যাত জ্যোতিষ-বিশ্বাস তথা ইয়াক কেন্দ্ৰ কৰি গঢ় লোৱা ব্যৱসায়ৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ লগতে ইয়াক প্ৰতিহত তথা নিৰ্মূল কৰাৰ পথ সম্পৰ্কেও আলোকপাত কৰিবলৈ যত্ন কৰা হৈছে। তদুপৰি সদ্যপ্ৰয়াত বিশিষ্ট যুক্তিবাদী-মানৱতাবাদী লেখক হৰেন্দ্ৰ নাথ শৰ্মাৰ প্ৰতি আমাৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
জ্যোতিষ আৰু ৰাজনীতি

জ্যোতিষ বিশেষ
জ্যোতিষ সম্পৰ্কে যৎকিঞ্চিৎ – প্ৰসেনজিৎ চৌধুৰী
জ্যোতিষ বিশ্বাসৰ মনস্তত্ত্ব – উদ্দীপ তালুকদাৰ
জ্যোতিষ আৰু দেশৰ আইন – ৰক্তিম শৰ্মা
জ্যোতিষ-জ্যোতিৰ্বিজ্ঞান আদি – অতনু কুমাৰ দত্ত
অসম মুলুকৰ জ্যোতিষীৰ কথাৰে – নিতুল চাংমাই

অন্যান্য প্ৰবন্ধ
বিজ্ঞানমনস্কতা : ডাইনী বিশ্বাস নিৰ্মূলৰ একমাত্ৰ উপায় – শৈলেন্দ্ৰ মোহন দাস

শ্ৰদ্ধাঞ্জলি

বিশিষ্ট যুক্তিবাদী-মানৱতাবাদী লেখক তথা কৰ্মী হৰেন্দ্ৰ নাথ শৰ্মাৰ যোৱা ৮ জানুৱাৰিত দেহাৱসান ঘটে৷ মাৰ্ক্সবাদৰদ্বাৰা অনুপ্ৰাণিত প্ৰখৰভাৱে যুক্তিবাদী শৰ্মাই ওৰে জীৱনজুৰি অন্ধসংস্কাৰাচ্ছন্ন সমাজৰ ঈশ্বৰৰ ধাৰণাকে ধৰি প্ৰতিটো অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনাৰে কলম চলাই গৈছিল৷ যুক্তিবোধৰ উপৰি তেওঁৰ আছিল হাজাৰ প্ৰতিকূলতাৰ মাজতো নিজৰ প্ৰমূল্যক লৈ জীয়াই থকাৰ দুৰ্দান্ত সাহস৷ যুক্তিবোধ, সাহস আৰু সততাৰ এনে সমন্বয়ে তেওঁৰ লেখকসত্তাৰ লগতে ব্যক্তিত্বক প্ৰদান কৰিছিল অনুকৰণীয় আয়তন৷ শৰ্মাৰ নেতৃত্বতে পাঠশালাত ২০০৫ চনত ‘মানৱতাবাদী সমাজ’ নামৰ যুক্তিবাদী-মানৱতাবাদী সংগঠনৰ জন্ম হৈছিল৷ জীৱিত অৱস্থাতে তেওঁ মৰণোত্তৰ দেহদান কৰি থৈ গৈছিল, তদুপৰি তেওঁৰ মৃত্যুৰ পাছত যাতে মৃতকৰ লগত জড়িত কোনোধৰণৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান পালন কৰা নহয় তাৰ বাবেও জীৱিত অৱস্থাতে পৰিয়ালক সতৰ্ক কৰি গৈছিল৷

সংস্কৃত সাহিত্যৰো অগাধ পণ্ডিত শৰ্মাই ‘গীতা : নৱমূল্যায়ন’ পুথিত গীতাৰ বিজ্ঞানসন্মত ব্যাখ্যা দাঙি ধৰিছিল৷ প্ৰগতিশীল চিন্তাৰে সমৃদ্ধ শৰ্মাৰ আন কেইখনমান গুৰুত্বপূৰ্ণ পুথি হ’ল ‘ঈশ্বৰ নাই কিয়’, ‘মই কিয় নাস্তিক’ (অনুবাদ), ‘বিশ্বাসৰপৰা বিজ্ঞানলৈ’, ‘বৈদিক সাহিত্য আৰু আধুনিক বিজ্ঞান’, ‘নাৰী আৰু সমাজ’, ‘সংস্কৃতিৰ সংকট’ আদি৷
প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মাৰ চিন্তা তথা ব্যক্তিত্ব নতুন প্ৰজন্মৰ বাবে স্মৰণীয় আৰু পাথেয়৷ তেওঁলৈ ‘এষণা’ৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷ – সম্পাদনা সমিতি

গ্ৰন্থ-বাৰ্তা

‘যুক্তি-বিকাশ সমিতি, অসম’ৰদ্বাৰা ইতিপূৰ্বে প্ৰকাশিত ৬খন পুস্তিকা আৰু বিভিন্ন প্ৰসিদ্ধ লেখকৰ ধৰ্ম তথা অন্ধবিশ্বাস-সম্পৰ্কীয় ১২টা যুক্তিবাদী লেখাৰ অসমীয়া অনুবাদৰ (অন্যান্য সংযোজনসহ) মূল্যৱান সংকলন –

প্ৰসেনজিৎ চৌধুৰী আৰু ইন্দিবৰ দেউৰী সম্পাদিত

যুক্তিৰ পোহৰত সমাজ

প্ৰকাশক : অসম পাবলিচিং কোম্পানী৷ মূল্য : ২৫০ টকা৷

আপোনাৰ কপিটো সংগ্ৰহ কৰিলেনে?

ধন্যবাদ

Advertisements

জ্যোতিষ আৰু ৰাজনীতি

ভৱিষ্যৎ-ভাবনাই প্ৰাগৈতিহাসিক যুগৰপৰাই মানৱ-মনক উদ্বেগ-উৎকণ্ঠাৰে আচ্ছন্ন কৰি আহিছে৷ এই উদ্বেগ-উৎকণ্ঠাৰ চৰিত্ৰ সলনি হ’লেও তাৰ পীড়াদায়ক উপস্থিতিৰপৰা মানুহৰ মন-মেজাজ আজিও মুক্ত হ’ব পৰা নাই৷ জ্যোতিষৰ যি জনপ্ৰিয়তা তাৰ সৈতে মানুহৰ এই অস্বস্তিকৰ মানসিক অৱস্থাৰ ওতপ্ৰোত সম্পৰ্ক থকা বুলি অনায়াসে অনুমান কৰিব পাৰি৷ অনাগত কালৰ অচিন গৰ্ভত কি লুকাই আছে তাৰ সম্ভেদ পাবলৈ মানুহৰ আগ্ৰহ প্ৰায় সাৰ্বজনীন৷ ভৱিষ্যৎ-সন্ধিৎসু মানুহে সাধাৰণতে দুটা কাৰণে জ্যোতিষৰ শৰণাপন্ন হয় : (১) ভৱিষ্যৎ সম্বন্ধে তথ্য জানিবলৈ, (২) কেনেকৈ নিজৰ আকাংক্ষা অনুযায়ী ভৱিষ্যতক গঢ় দিব পাৰি তাৰ নিৰ্দিষ্ট নিৰ্দেশ পাবলৈ৷ জ্যোতিষ-বিশ্বাসীসকল সাধাৰণতে অতীতক লৈ বৰ বেছি চিন্তিত নহয়৷ বৰঞ্চ ‘ত্ৰিকালজ্ঞ’ জ্যোতিষীয়েহে কৌশলেৰে অতীতৰ কথা কৈ আত্ম-বিপণনৰ চেষ্টা চলায়৷ অৱশ্যে অতীত-বিমুখ হ’লেও জ্যোতিষ-বিশ্বাসীয়ে বৰ্তমানৰ সমস্যা-সংকটৰপৰা পৰিত্ৰাণ পাবলৈও জ্যোতিষীৰ কাষ চাপে৷ পিছে এই ক্ষেত্ৰতো বৰ্তমান-কেন্দ্ৰিক দুৰ্ভাবনা ভৱিষ্যতৰ সৈতে সম্পৃক্ত, কিয়নো বৰ্তমানৰ দুশ্চিন্তা নিৰসনৰ ওপৰতহে নিৰুদ্বেগ-নিশ্চিন্ত ভৱিষ্যতৰ অস্তিত্ব বহু পৰিমাণে নিৰ্ভৰ কৰে৷ . . . . . . সম্পাদকীয়

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

জ্যোতিষ সম্পৰ্কে যৎকিঞ্চিৎ

বহুতে ভাবে, আধুনিক যুক্তিবাদৰ কুপ্ৰভাৱৰপৰা নিজকে মুক্ত কৰিব নোৱৰাৰ বাবেই এচাম ঐতিহ্যদ্ৰোহী মানুহ জ্যোতিষশাস্ত্ৰৰ সমালোচনাত মুখৰ হয়৷ কথাষাৰ যে সঁচা নহয় তাৰ প্ৰমাণ হিচাপে আমি বুদ্ধৰ এটা উক্তিলৈ আঙুলিয়াব পাৰো৷ বুদ্ধই কৈছিল – ‘যিসকলে গ্ৰহ-নক্ষত্ৰৰ হিচাপ কৰি সুখ-দুখৰ নানা ঘটনাৰ পূৰ্বাভাস দিবলৈ সক্ষম বুলি দাবী কৰে আৰু তাৰ ভিত্তিত জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ সংস্পৰ্শলৈ নহাই শ্ৰেয়৷’ এই উক্তি জ্যোতিষ সম্পৰ্কে বুদ্ধৰ সংশয়ৰ এক প্ৰাঞ্জল অভিব্যক্তি৷ অথচ জ্যোতিষৰ উদগ্ৰ সমৰ্থকেও নিশ্চয় বুদ্ধক আধুনিক যুক্তিবাদৰ অনুগামী বুলি ক’বলৈ সাহস নকৰিব৷ আমাৰ ধাৰণা, জ্যোতিষৰ যুক্তি-প্ৰণোদিত সমালোচনাক কেৱল আধুনিকতাৰ কুপৰিণাম বুলি তুচ্ছ জ্ঞান কৰাৰ চেষ্টা জ্যোতিষ-বিশ্বাসী/-ব্যৱসায়ীসকলৰ সুচিন্তিত কৌশল বা অজ্ঞতাপ্ৰসূত প্ৰতিক্ৰিয়া৷ . . . . . . লেখক : প্ৰসেনজিৎ চৌধুৰী

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

জ্যোতিষ বিশ্বাসৰ মনস্তত্ত্ব

প্ৰথমেই জ্যোতিষ শব্দটো এই লেখাত কি অৰ্থত ব্যৱহাৰ কৰা হৈছে, তাৰ বিষয়ে অকণমান কৈ লোৱা উচিত হ’ব৷ জ্যোতিষ বহু প্ৰাচীন কালৰে পৰা চলি অহা ‘ভৱিষ্যৎ দৰ্শন’ৰ বিষয়৷ সমস্যাটো হৈছে, ইয়াক বিজ্ঞান বুলিবতো নোৱাৰিয়েই, কলাও বুলিব নোৱাৰি৷ সেয়ে সদ্যহতে বিষয় বুলিয়েই শেষ কৰি থ’লো৷ জ্যোতিষশাস্ত্ৰৰ মূল ব্যৱহাৰ দুই প্ৰকাৰৰ৷ প্ৰথমটো, গ্ৰহ-নক্ষত্ৰ আদিৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিৰ জীৱনৰ ঘটনাৱলী ব্যাখ্যা কৰাৰ লগতে ভৱিষ্যতৰ বিষয়ে কোৱাটো৷ আনটো হৈছে,গ্ৰহ-নক্ষত্ৰ প্ৰভাৱ আদিৰে ব্যক্তি এজনৰ স্বভাৱ-চৰিত্ৰ কেনে হ’ব সেয়া নিৰ্ণয় কৰাটো৷ যদিও দুয়োটা দিশতে ভৱিষ্যৎবাণী কৰাৰ প্ৰৱণতা আছে, তথাপি প্ৰথমটোত আকৌ সেই ভৱিষ্যতক সলনি কৰিব পৰাৰো বিভিন্ন উপায় দিয়া হয়৷ . . . . . . লেখক : উদ্দীপ তালুকদাৰ

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

জ্যোতিষ আৰু দেশৰ আইন

জ্যোতিষ আৰু বিজ্ঞান সম্পৰ্কীয় আলোচনা, বিতৰ্ক বিগত কেইটামান দশকৰপৰা বাতৰিকাকত, টেলিভিছনৰ অনুষ্ঠানসমূহত প্ৰায়েই দেখা যায়৷ প্ৰতিটো অনুষ্ঠানতে বিজ্ঞানে নিজৰ যুক্তিৰে জ্যোতিষক নস্যাৎ কৰি আহিছে৷ বিদ্যালয়ৰ পাঠ্যপুথিতো বিজ্ঞানমনস্কতা বৃদ্ধিৰ বাবে জ্যোতিষক সমালোচনা কৰি লেখা, ৰচনা আদি অন্তৰ্ভুক্ত কৰা হৈছে৷ কিন্তু ইমানৰ পিছতো এইবোৰ অনুষ্ঠান বা লেখা-মেলাই সাধাৰণ লোকৰ মনোজগতত কিমান দূৰ ৰেখাপাত কৰিব পাৰিছে সন্দেহ৷ এতিয়াও বহু সাধাৰণ লোকৰ নিচিনাকৈ বিজ্ঞান শিক্ষাৰে শিক্ষিতৰ বাবেও জ্যোতিষ এক বিজ্ঞান৷ এই ধাৰণা অতি সাধাৰণ খেতিয়কজনৰপৰা আৰম্ভ কৰি বেছিভাগ বিয়াগোম আমোলা, পুলিচ বিষয়া, ৰাজনৈতিক নেতা, আনকি ন্যায়ালয়ৰ বিচাৰপতিলৈকে সকলোৱে বিশ্বাস কৰে৷ কিন্তু সঁচাকৈয়ে বাৰু জ্যোতিষ এক বিজ্ঞাননে? বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰবোৰে সঁচাকৈ মানুহৰ ভাগ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰেনে? জ্যোতিষ-বিশ্বাসীসকলে যিমানেই অপযুক্তি নিদিয়ক কিয়, বিশ্বৰ আগশাৰীৰ বিজ্ঞানীসকলে একমুখে কৈছে যে ই মাত্ৰ এক বিশ্বাস যাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷ . . . . . . লেখক : ৰক্তিম শৰ্মা

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

জ্যোতিষ-জ্যোতিৰ্বিজ্ঞান আদি

যোৱা ১৭ ছেপ্টেম্বৰত ‘অভিযন্তাৰ দিন’ৰ লগত সংগতি ৰাখি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিদ্যুৎ অভিযান্ত্ৰিকী বিভাগৰ ছেমিনাৰ-কক্ষত, মহাবিদ্যালয়ৰে পদাৰ্থবিজ্ঞান বিভাগৰ উদ্যোগত আৰু সৰ্বভাৰতীয় অভিযান্ত্ৰিক শিক্ষা পৰিষদৰ এন-ই কিউ-আই-পি আঁচনিৰ পৃষ্ঠপোষকতাত কলকাতাৰ বিৰলা তাৰকামণ্ডলৰ গৱেষণা আৰু বিদ্যায়তনিক কামকাজৰ সঞ্চালক দেৱীপ্ৰসাদ দুৱাৰীৰ এক মনোগ্ৰাহী বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷ বক্তৃতাটোৰ মূল উদ্দেশ্য আছিল আধুনিক মহাকাশ বিজ্ঞানৰ প্ৰয়োগাত্মক দিশত অভিযন্তাৰ গুৰুত্ব সৰ্ম্পকে ছাত্ৰ-ছাত্ৰীক অৱগত কৰা আৰু তাৰদ্বাৰা এই আকৰ্ষণীয় বিষয়টোলৈ ন-অভিযন্তাক আৰ্কষিত কৰা৷ মহাকাশ বিজ্ঞানৰ লগত দশকজোৰা সাধনাৰে মৌলিক অৱদান আগ বঢোৱা আৰু এই বিভাগৰ প্ৰায়োগিক দিশৰ লগত সুপৰিচিত দুৱাৰীদেৱে মূল বিষয়টোৰ লগত সংগতি ৰাখি এনে বহু কথা কৈছিল যিবোৰ যুক্তিবাদী চিন্তাৰ লগত একাত্ম৷ ‘এষণা’ৰ পাঠক-পাঠিকাৰ লগত এই কথাবোৰ ভাগ বটাই লোৱা আৰু আনুষংগিক বিষয়ৰ আলোচনা কৰাই এই লেখাৰ মূল উদ্দেশ্য৷ . . . . . . লেখক : অতনু কুমাৰ দত্ত

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

অসম মুলুকৰ জ্যোতিষীৰ কথাৰে

“জ্যোতিষশাস্ত্ৰৰ লগত পঞ্জিকাৰ ওতপ্ৰোত সম্বন্ধ আছে৷ আজিকালি বছৰি বছৰি নতুন নতুন পঞ্জিকা ওলাইছে৷ প্ৰত্যেকখন পঞ্জিকাৰে ভিন্ন মত আৰু ভিন্ন ভৱিষ্যদ্বাণী৷ মানুহে নতুন বছৰ সোমোৱাৰ লগে লগে বছৰটোৰ বাবে ভাল-বেয়া চাবলৈ ইচ্ছা কৰে৷ তেতিয়া এজন অভিজ্ঞ জ্যোতিষীৰ ওচৰলৈ যায়৷ জ্যোতিষীজনেও তেখেতে ব্যৱহাৰ কৰা পঞ্জিকাখনৰ মতেই বিধান লিখি দিয়ে৷ কিন্তু বৰ দুখৰ বিষয় যে প্ৰত্যেক পঞ্জিকাৰে বিধান বেলেগ বেলেগ হয়৷ এইদৰে পঞ্জিকাই মানুহক বিভ্ৰান্ত কৰিছে৷ উদাহৰণস্বৰূপে বৰ্ষচক্ৰ গণনাৰ বিষয়ে অসমীয়া কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাত এটা, বিশুদ্ধ সিদ্ধান্ত পঞ্জিকাত এটা, পি এম বাকচিৰ ডাইৰেক্টৰী পঞ্জিকাত এটা ইত্যাদি৷ এটাৰো মিল নাই আৰু প্ৰত্যেকেই নিজৰটো শুদ্ধ বুলি কয়৷ আমি কোনখন পঞ্জিকা মানিম? সাধাৰণ মানুহক বিভ্ৰান্ত কৰিবলৈহে পঞ্জিকাবিলাক উলিয়াইছে নেকি? সেই কাৰণেই বোধহয় জ্যোতিষশাস্ত্ৰৰ প্ৰতি মানুহৰ ক্ৰমে আস্থা হেৰাই গৈছে৷ সাধাৰণ মানুহক বিভ্ৰান্ত নকৰিবৰ বাবে সকলো দিশ চালিজাৰি চাই যিটো শুদ্ধ সেইটোহে সকলোতে একেধৰণে লিখা উচিত৷” – ‘পঞ্জিকাই বিপদত পেলাইছে’ শিৰোনামৰ এই চিঠিখন ‘দৈনিক জনমভূমি’ৰ ‘সম্পাদকলৈ চিঠি’ৰ (২০১২ৰ ২৮ এপ্ৰিল) শিতানত প্ৰকাশ পাইছিল৷ চিঠিখন লিখিছিল গুৱাহাটীৰ জ্যোতিষী অনিল কুমাৰ নেওগে৷ জ্যোতিষী নেওগৰ এই চিঠিখনৰপৰা এটা কথা প্ৰমাণ হয় যে অসমৰ জ্যোতিষীসকলে ছল-চাতুৰীৰে আভুৱা ভাঁৰি অসমীয়াক কেৱল ঠগিহে আহিছে৷ . . . . . . লেখক : নিতুল চাংমাই

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বিজ্ঞানমনস্কতা : ডাইনী বিশ্বাস নিৰ্মূলৰ একমাত্ৰ উপায়

সাম্প্ৰতিক অসমৰ সংবাদ মাধ্যমসমূহত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ জনগোষ্ঠীয় সমাজত ডাইনী হত্যা সংঘটিত হৈ থকা খবৰ সঘনাই প্ৰকাশ পাবলৈ ধৰিছে৷ বহু লোকক ডাইনী সন্দেহত অত্যাচাৰ চলাই গাঁৱৰপৰা খেদি পঠোৱা হৈছে৷ আকৌ বহুতে অত্যাচাৰত জৰ্জৰিত হৈ প্ৰাণ বচাই পলাই গৈছে৷ বিশেষকৈ নামনি অসমৰ বড়ো সমাজত, উজনি অসমৰ মিচিং সমাজত আৰু চাহ বাগিচা অঞ্চলৰ চাহ জনজাতীয় সমাজত ডাইনী বিশ্বাসে এক ভয়াৱহ সামাজিক ব্যাধিৰূপে গা কৰি উঠিছে৷ বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাবনীয় উন্নতি সাধনৰ পাছতো বৈজ্ঞানিক মানসিকতাৰ অভাৱৰ ফলত একোখন সমাজত ডাইনী হত্যাৰ দৰে জঘন্য অপৰাধ চলি থকাটো সভ্য সমাজৰ বাবে অত্যন্ত লজ্জাজনক৷ আজি ডাইনী বিশ্বাসে সমাজত এনে পৰ্যায় পাইছেগৈ যে ডাইনী প্ৰসংগ আহিলেই অন্ধবিশ্বাসত নিমজ্জিত এচাম লোক উন্মাদ হৈ পৰে, হিতাহিত জ্ঞানশূন্য হৈ দেশৰ আইন হাতত তুলি ল’বলৈও কুণ্ঠাবোধ নকৰে৷ বৰঞ্চ বহু সময়ত ডাইনী হত্যাৰ নামত নিৰীহ ব্যক্তিক হত্যা কৰি তেনে লোকে সমাজক মুক্ত কৰা বুলি গৌৰৱ কৰাও পৰিলক্ষিত হয়৷ এইচাম লোকৰ দুৰ্বলতাক এমুঠি ধুৰন্ধৰ মানুহে প্ৰায়ে নিজৰ কু-অভিপ্ৰায় চৰিতাৰ্থ কৰিবলৈ সততে ব্যৱহাৰ কৰে৷ এইদৰেই তাহানিৰেপৰা আমাৰ সমাজত ডাইনী সজাই বহুতো লোকক হত্যা কৰা হৈছে৷ কিন্তু প্ৰকৃততে ডাইনী বুলি জানো কিবা আছে? . . . . . . লেখক : শৈলেন্দ্ৰ মোহন দাস

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation

%d bloggers like this: