এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the month “September, 2014”

‘এষণা’, জুলাই-ছেপ্টেম্বৰ, ২০১৪

যুক্তি-বিকাশ সমিতি, অসম-ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ দৰেই ‘এষণা’ৰ এই তৃতীয় সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। সদ্যপ্ৰয়াত যশস্বী পণ্ডিত আৰু ইতিহাসবিদ সুকুমাৰী ভট্টাচাৰ্যৰ অৱদানক আলোকিত কৰাৰ উদ্দেশ্যৰে আমি এই সংখ্যাত তিনিটা লেখা আগ বঢ়াইছো। তদুপৰি সদ্যপ্ৰয়াত প্ৰসিদ্ধ ইতিহাসবিদ বিপান চন্দ্ৰৰ প্ৰতি আমাৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয়
প্ৰাচীন ভাৰত আৰু বৈজ্ঞানিক শ্ৰেষ্ঠতা

সুকুমাৰী ভট্টাচাৰ্য শ্ৰদ্ধাৰ্ঘ
সুকুমাৰী ভট্টাচাৰ্য : প্ৰতিবাদী প্ৰতিভা – চণ্ডী শেঠ
সুকুমাৰী ভট্টাচাৰ্যৰ এখন মনন-সমৃদ্ধ পুথি : ‘গীতা কেন?’ – মুনীন শৰ্মা
বেদৰ গৰল, বেদৰ অমৃত – সুকুমাৰী ভট্টাচাৰ্য, অনুবাদ : বিমলানন্দ বৰুৱা

অন্যান্য প্ৰবন্ধ
চিন্তাৰ স্বাধীনতা বনাম ঐতিহ্যপ্ৰীতি : ডনিজাৰ প্ৰসংগ – প্ৰসেনজিৎ চৌধুৰী
বিজ্ঞানৰ শিক্ষা – উদ্দীপ তালুকদাৰ
e-কুসংস্কাৰ আৰু ছদ্ম-অন্ধবিশ্বাসীসকল – গৌৰীশংকৰ ভূঞা
নাৰী স্বাধীনতা আৰু পুঁজিতন্ত্ৰ – আবিদ আজাদ
এন’ৰেক্সিয়া নাৰ্ভ’ছা – বৰ্ণালী বৰুৱা দাস

শ্ৰদ্ধাঞ্জলি

প্ৰসিদ্ধ ইতিহাসবিদ বিপান চন্দ্ৰ (১৯২৮-২০১৪)ৰ যোৱা ৩০ আগষ্টত দেহাৱসান ঘটে৷ ভাৰতৰ স্বাধীনতা সংগ্ৰাম, ঔপনিৱেশিক ভাৰতবৰ্ষত অৰ্থনৈতিক জাতীয়তাবাদৰ উত্থান, সাম্প্ৰদায়িকতাবাদ, মহাত্মা গান্ধী সম্পৰ্কত আলোকসন্ধানী ঐতিহাসিক চৰ্চাৰ বাট মুকলি কৰোতা বিপান চন্দ্ৰ আছিল ধৰ্মনিৰপেক্ষতাবাদ তথা বস্তুনিষ্ঠ ইতিহাসচেতনাৰ আজীৱন প্ৰবক্তা৷ তদুপৰি তেওঁ শিক্ষক হিচাপে নতুন প্ৰজন্মক প্ৰগতিশীল ইতিহাস চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰা তথা নেচনেল বুক ট্ৰাষ্টৰ সঞ্চালকৰ দৰে বিভিন্ন ৰূপত সংগঠক হিচাপে এই ধাৰাৰ চিন্তা-চৰ্চাৰ প্ৰসাৰৰ ক্ষেত্ৰত মাৰ্গদৰ্শী ভূমিকা পালন কৰিছিল৷ সাম্প্ৰতিক সামাজিক-ৰাজনৈতিক পৰিস্থিতিত অতিকে প্ৰাসংগিক হৈ পৰা তেওঁৰ যুক্তিনিষ্ঠ চিন্তা-চৰ্চাই নতুন প্ৰজন্মৰ মাজত অধিক প্ৰসাৰ লাভ কৰক, সেই কামনাৰে প্ৰয়াত ইতিহাসবিদজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷ – সম্পাদনা সমিতি

Advertisements

প্ৰাচীন ভাৰত আৰু বৈজ্ঞানিক শ্ৰেষ্ঠতা

বিশ্ৰুত বিজ্ঞানী মেঘনাদ সাহাক এবাৰ এগৰাকী লব্ধপ্ৰতিষ্ঠ উকিলে তেওঁৰ বৈজ্ঞানিক কাম-কাজৰ বিষয়ে সুধিছিল৷ সাহাই উৎসাহসহকাৰে সূৰ্য আৰু নক্ষত্ৰৰ প্ৰাকৃতিক অৱস্থা সম্পৰ্কে তেওঁ কৰা গৱেষণাৰ বিষয়ে ক’ব ধৰিলে৷ দুই-এক মিনিট যোৱাৰ পাছত বিশিষ্ট উকিলজনে ক’লে – ‘এয়া কি নতুন কথা, এই সমস্ত বেদতেই আছে৷’ বিজ্ঞানী সাহাই নম্ৰভাৱে সুধিলে–‘এই তত্ত্ববোৰ বেদৰ কোন অংশত আছে অনুগ্ৰহকৈ জনাবনে?’ উত্তৰত উকিলজনে ক’লে – ‘মই কেতিয়াও বেদ পঢ়া নাই, কিন্তু মোৰ বিশ্বাস, তোমালোকে নতুন বিজ্ঞানে যি কৰিছে বুলি দাবী কৰা সেইবোৰ কথা বেদত আছে৷’ ব্যক্তিগত জীৱনৰ এই অভিজ্ঞতাৰ বৰ্ণনা দিয়াৰ পাছত সত্য-সন্ধিৎসু মেঘনাদ সাহাই লিখিছে যে কুৰি বছৰ ধৰি বেদ, উপনিষদ, পুৰাণ আৰু জ্যোতিষ তথা অন্যান্য বিজ্ঞান-সম্বন্ধীয় গ্ৰন্থ তন্ন তন্নকৈ পঢ়ি তেওঁ আৱিষ্কাৰ কৰিব নোৱাৰিলে যে ‘এইবোৰ প্ৰাচীন গ্ৰন্থত বৰ্তমান বিজ্ঞানৰ মূলতত্ত্ব নিহিত আছে৷’

বিজ্ঞানী সাহাক বেদৰ বৈজ্ঞানিক মাহাত্ম্যৰ কল্পকাহিনী শুনোৱা উকিলজন কোনো ব্যতিক্ৰমী মানুহ নহয়৷ তেওঁ আচলতে বিশেষ এটা ভাবাদৰ্শৰ প্ৰতিভূ৷ ঊনৈছ শতিকাৰ শিক্ষিত সমাজত প্ৰাচীন ভাৰতৰ গৌৰৱ-গাথা গাই আত্মহাৰা হৈ পৰা লোক দুৰ্লভ নাছিল৷ ব্ৰিটিছাধীন ভাৰতত আধুনিক বিজ্ঞানৰ আগমন আৰু প্ৰযুক্তিৰ চমকপ্ৰদ কাৰ্যকাৰিতা দেখি এচাম মানুহৰ মন-মনন আক্ৰান্ত হৈছিল হীনমন্যতাৰদ্বাৰা৷ আনহাতে, ঔপনিবেশিক শক্তিৰ আত্মশ্ৰেষ্ঠতাবোধ আৰু ঔদ্ধত্যই শিক্ষিত সম্প্ৰদায়ক কৰিছিল অসন্তুষ্ট, ক্ষোভিত৷ ধাৰণা হয়, বহুলাংশে এই হীনমন্যতাবোধ আৰু ক্ষোভৰ কাৰণেই প্ৰাচীন ভাৰতৰ স্বৰ্ণযুগৰ ‘মিথ’টো মানুহৰ মনত গঢ় লৈ উঠিছিল৷ জাতীয় চেতনা তীব্ৰতৰ হোৱাৰ লগে লগে ইয়াৰ ৰাজনৈতিক মাত্ৰাও স্পষ্টতৰ হয়৷ . . . . . . সম্পাদকীয়

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

সুকুমাৰী ভট্টাচাৰ্য : প্ৰতিবাদী প্ৰতিভা

সদ্যপ্ৰয়াত সুকুমাৰী ভট্টাচাৰ্য আলোকপথৰ ক্লান্তিহীন যাত্ৰী৷ চিন্তা-চৰ্চাৰ যি জোঁৰ তেওঁ জ্বলাই গ’ল তাৰ পোহৰেৰে আলোকিত তেওঁৰ উত্তৰসূৰীসকল৷ পণ্ডিতা, যশস্বী শিক্ষাবিদ, অসামান্য সংগঠক, অন্যায়ৰ প্ৰতিবাদী, সাংসাৰিকভাৱে সমৃদ্ধা, নিৰহংকাৰী ব্যক্তিত্ব – তেওঁ আছিল অশেষ গুণাধিকাৰিণী৷ খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা মাইকেল মধুসূদন দত্তৰ উত্তৰসূৰী সুকুমাৰী ভট্টাচাৰ্যৰ জ্ঞানতৃষ্ণা আছিল অদম্য আৰু বহুমুখী৷ এইক্ষেত্ৰত তেওঁ সুপণ্ডিত দেউতাকৰপৰা পাইছিল পথনিৰ্দেশনা৷ পৰৱৰ্তী কালত আচাৰ্য সুনীতিকুমাৰ চট্টোপাধ্যায়ৰপৰা পায় প্ৰচুৰ প্ৰেৰণা৷ আত্মতুষ্টি অধ্যয়নৰ ভয়ংকৰ শত্ৰু – সুনীতিকুমাৰৰ এই কথাক পাথেয় হিচাপে লৈ তেওঁ জ্ঞান-এষণাৰ গভীৰতৰ বাটত খোজ দিয়ে৷ সুকুমাৰী ভট্টাচাৰ্যৰ জীৱনৰ অন্য এগৰাকী পথপ্ৰদৰ্শক হ’ল অধ্যাপক অমল ভট্টাচাৰ্য৷ ১৯৪৫ চনত এম এৰ ছাত্ৰী সুকুমাৰী মাৰ্ক্সীয় সাহিত্যৰ সৈতে ইতিমধ্যেই পৰিচিত হৈছিল৷ বিশিষ্ট কমিউনিষ্ট নেতা ভবানী সেনৰ লাইব্ৰেৰিৰপৰা পুথি আনি তেওঁ ৰুছ সাহিত্য, দেশ-বিদেশৰ বিপ্লৱৰ ইতিহাস, মাৰ্ক্সীয় তত্ত্ব আদিৰ বিষয়ে জ্ঞান আহৰণ কৰিছিল৷ ধৰ্মপ্ৰাণ খ্ৰীষ্টান সুকুমাৰীয়ে এই সময়ত শিক্ষকৰূপে পালে ব্ৰাহ্মণ পৰিয়ালৰ নাস্তিক জ্ঞানতপস্বী অমল ভট্টাচাৰ্যক৷ এই মানুহজনৰ সান্নিধ্যলৈ আহি তেওঁ নতুন পথৰ বাৰ্তা পালে–তেওঁৰ মন নাস্তিকতাৰ পিনে ঢাল খালে৷ পৰৱৰ্তী কালত ইয়েই মানৱতাবাদৰ ৰূপ লয়৷ . . . . . . লেখক : চণ্ডী শেঠ

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

সুকুমাৰী ভট্টাচাৰ্যৰ এখন মনন-সমৃদ্ধ পুথি : ‘গীতা কেন?’

শ্ৰীমদ্ভাগৱত গীতা স্বয়ং শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণীৰ সমাহাৰ বুলি প্ৰচলিত বিশ্বাসৰ সুবাদতেই হয়তো পুথিখনি হিন্দু ধৰ্মৰ এখন প্ৰধান ধৰ্মগ্ৰন্থ হিচাপে স্বীকৃত৷ পিছে মূল সংস্কৃতত লিখা এই গ্ৰন্থখনি পঢ়িবলৈ আমাৰ মাজৰ বহুতেই সমৰ্থ নহয়৷ তথাকথিত জনপ্ৰিয়তাৰ আধিক্য সত্ত্বেও, ঐতিহাসিক কৌশম্বীৰ মতানুসাৰে, ‘গীতা যি পৰিমাণে সন্মানিত, সিমান পৰিমাণে পঠিত বা বুদ্ধিৰদ্বাৰা আত্মসাৎ কৰা নহয়৷’ দৰাচলতে আজিৰ তাৰিখত গীতাৰ ভজন-পূজন-গুণানুকীৰ্তনৰ বিশেষ অভাৱ নাই যদিও ইয়াৰ পঠনৰ প্ৰসাৰ নিতান্তই উৎসাহব্যঞ্জক নহয় ৷ ইয়াৰ এটা অন্যতম কাৰণ হৈছে যে গীতা সম্পৰ্কে স্বচ্ছ আৰু ব্যাখ্যাসমৃদ্ধ আলাপ-আলোচনাৰ অভাৱ তথা ধৰ্মশাস্ত্ৰসমূহৰ সকলো কথাকেই সততে স্থান-কাল-পাত্ৰৰ ঊৰ্ধ্বত অধিষ্ঠিত একপ্ৰকাৰৰ স্বতন্ত্ৰ, স্বতঃসিদ্ধ আধ্যাত্মিক দৰ্শনৰ আকৰ হিচাপে গ্ৰহণ কৰি লোৱা পৰম্পৰাগত জনবিশ্বাস ৷ . . . . . . লেখক : মুনীন শৰ্মা

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বেদৰ গৰল, বেদৰ অমৃত

দুটা ভিন্ন ধৰণৰ ভুল ধাৰণাৰ প্ৰতিবাদ কৰা প্ৰয়োজন৷ প্ৰথমটো, প্ৰায়ে শুনা যায় – বেদৰ যুগত নাৰীৰ স্থান সন্মাজনক আছিল, তেতিয়া পুৰুষৰ আধিপত্যৰপৰা মুক্ত আছিল নাৰী৷ কথাষাৰ গোকাট মিছা৷ ঋকবেদৰ এঠাইত, মাত্ৰ এটা শাৰীত আছে – ‘স্বয়ং সা মিত্ৰং বনুতে জনে চিৎ’ – সমাজত নাৰীয়েই নিজে নিজৰ বন্ধু (বা সংগী) নিৰ্বাচন কৰে৷ কিম্বা গৌণ ব্যাখ্যাৰে আন এশাৰীত পাওঁ বধূৰ স্থান – ‘উষো মাতি স্বসৰস্য পত্নী’ – সূৰ্যৰ পত্নী উষা যায় কেনি? সূৰ্যৰ আগে আগে৷ কিন্তু নাৰীৰ এই সম অৱস্থানৰ দিন ঋকবেদতেই অন্ত পৰিছে৷ নাৰী শহুৰেকৰ ঘৰলৈ যোৱাৰ সময়ৰ আশীৰ্বাদ : ‘তুমি শহুৰ, শাহু, ননদ, দেওৰেক সকলোৰে সম্ৰাজ্ঞী হোৱা৷’ কোৱা বাহুল্য, এই প্ৰাৰ্থনা ইচ্ছাপূৰক৷ অথৰ্ববেদে কয় : ‘সূৰ্যোদয়ত ভূত-প্ৰেতবোৰে তেনেদৰেই পলায়, যেনেদৰে শহুৰেকৰ আগৰপৰা পুত্ৰবধূ পলায়৷’ এয়া কোনো সম্ৰাজ্ঞীৰ আচৰণ নহয়৷ পৰৱৰ্তী সমস্ত বৈদিক সাহিত্যত নাৰীৰ স্থান নিম্ন আৰু অপমানজনক৷ . . . . . . সুকুমাৰী ভট্টাচাৰ্য,অনুবাদ : বিমলানন্দ বৰুৱা

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

চিন্তাৰ স্বাধীনতা বনাম ঐতিহ্যপ্ৰীতি : ডনিজাৰ প্ৰসংগ

ক’ব নোৱৰাকৈয়ে বহুতেই মনত এটা ধাৰণা পুহি ৰাখে : আশৈশৱ শুনি, পঢ়ি বা দেখি অহা কাহিনীটোৱেই ৰামায়ণৰ একমাত্ৰ বৃত্তান্ত৷ অথচ ৰামায়ণৰ যে কিমান সংস্কৰণ আছে তাৰ সীমা-সংখ্যা নাই৷ এই সংস্কৰণবোৰৰ বৈচিত্ৰ্যও বিস্ময়কৰ৷ যেনে, জৈন ৰামায়ণত ৰাৱণক লক্ষ্মণেহে বধ কৰে, ৰামে নহয়৷ শাক্ত ভাবাপন্ন অদ্ভুত ৰামায়ণত আকৌ সহস্ৰশীৰ্ষ ৰাৱণ নিহত হয় সীতাৰ হাতত৷ ৰামায়ণ সম্পৰ্কীয় আমাৰ বদ্ধমূল ধাৰণাক জোকাৰি দিয়া এইবিধ তথ্যই আচলতে ৰামায়ণী ঐতিহ্যৰ বহুত্বৰেই আভাস দিয়ে৷ বিশ্ৰুত বিদ্বান এ’. কে. ৰামানুজনে ‘Three Hundred Ramayanas: Five Examples and Three Thoughts on Translations’ নামৰ ৰচনাখনত এই বহুত্বৰেই ছবিখন দাঙি ধৰিছে৷ কিন্তু ৰামানুজনৰ এই তথ্যসমৃদ্ধ ৰচনাখন কেইবছৰমানৰ আগতে দিল্লী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ পাঠ্যক্ৰমৰপৰা বাদ দিয়া হ’ল৷ কিয়? কাৰণটো বিদ্যায়তনিক নহয়৷ উগ্ৰ হিন্দুত্বপন্থী শক্তিয়ে ৰামানুজনৰ ৰচনাখনৰ বিৰুদ্ধে যি আন্দোলন-আস্ফালন আৰম্ভ কৰিছিল তাৰ ওচৰত সেও মানিহে দিল্লী বিশ্ববিদ্যালয়ে এনে এটা লজ্জাজনক সিদ্ধান্ত ল’বলগীয়া হ’ল৷ . . . . . . লেখক : প্ৰসেনজিৎ চৌধুৰী

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বিজ্ঞানৰ শিক্ষা

বিজ্ঞানৰ শিক্ষাৰ আলোচনা কৰাৰ আগতে বিজ্ঞান কি তাৰ এটা সংজ্ঞা নিশ্চিত কৰি লোৱাটো প্ৰয়োজনীয়৷ আমি সাধাৰণতে ভাবো, বিজ্ঞান এটা বিষয়৷ সেয়ে সৰুতে আমি মাটিৰ তলৰপৰা পানী কেনেকৈ দমকলেৰে ওপৰলৈ উঠাব পাৰি, নিউটনৰ বলবিজ্ঞানৰ সংজ্ঞা, সমীকৰণ বা জাইলেম-ফ্ল’ৱেম কাক বোলে, পোহৰৰ প্ৰতিসৰণৰ সংজ্ঞা আদিকহে বিজ্ঞান বোলে বুলি শিকি আহিছো৷ বা অলপ ডাঙৰ হ’লে কম্পিউটাৰৰ ছôটৱেৰ লিখা, বা গৱেষণা কৰি প্ৰকাশ কৰা, বা নতুন কিবা এটা আৱিষ্কাৰ কৰা আদিকে বিজ্ঞান বুলি ভাবিবলৈ লওঁ৷ আচৰিতধৰণে, আমি প্ৰথম-দ্বিতীয় শ্ৰেণীৰপৰা উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীলৈ বিজ্ঞান পঢ়ি আহিলো, কিন্তু কোনেও কেতিয়াও নক’লে, বিজ্ঞান মানে কি৷ সেয়ে বিজ্ঞানৰ সংজ্ঞা সোধোতে যদি ভাবিবলগীয়া হৈছে তেন্তে তাৰ বাবে নিজৰ গাত দোষ পাতি ল’বলগীয়া নাই৷

আমাৰ শিক্ষাব্যৱস্থাত এটা ডাঙৰ আসোঁৱাহ হৈছে দশম শ্ৰেণীৰ পাছত হঠাতেই বিজ্ঞান আৰু কলা দুটা বেলেগ শাখাত বিভাজন হৈ যোৱাটো৷ বিজ্ঞান শিক্ষা শব্দটোৱে কেইটামান বিষয়ক বিজ্ঞানৰ আওতালৈ আনিলে আৰু সিয়েই আমাৰ মনত বিজ্ঞান সম্পৰ্কে এটা সম্পূৰ্ণ ভ্ৰান্ত ধাৰণাৰ জন্ম দিলে৷ যিকেইটা বিষয় বিজ্ঞান শাখাৰ ভিতৰলৈ অনা হ’ল, সেইকেইটাত জোখ-মাখ, সংজ্ঞা, সমীকৰণ আদি সোমাই থাকিল৷ আনহাতে কলাৰ বিষয়কেইটাত আপাত দৃষ্টিত তেনে জোখ-মাখৰ কাৰবাৰ নাই৷ সেয়ে বিজ্ঞান বুলিলে আমিও সেই জোখ-মাখ থকা, সংজ্ঞা, সমীকৰণ আদিকে বুজা হ’লো৷ . . . . . . লেখক : উদ্দীপ তালুকদাৰ

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

e-কুসংস্কাৰ আৰু ছদ্ম-অন্ধবিশ্বাসীসকল

ঘটনাটো বেছি দিনৰ আগৰ নহয়৷ চিনাকি দাদা এজন আহিছিল আমাৰ ঘৰলৈ৷ তেওঁৰ স্থায়ী ব্যৱসায় আছে যদিও মাজে মাজে চেইন ছিষ্টেম বা টেলিমাৰ্কেটিং ধৰণৰ কিবাকিবি ব্যৱসায়তো লগা দেখো৷ সিদিনা এনে এটা বস্তু লৈয়ে তেওঁ আহিছিল৷ মই এনেকুৱাধৰণৰ বস্তুলৈ এনেও আগ্ৰহ অনুভৱ নকৰো, গতিকে তেওঁক বস্তুটোৰ গুণ আমাৰ ঘৰৰ বাকীসকলৰ আগত বখানিবলৈ সুবিধা কৰি আঁতৰি আহিব বিচাৰিলো৷ কিন্তু তেওঁ মোক নাযাবলৈ ক’লে, কাৰণ এই বস্তুটো হেনো মই ভাল পাম৷ পদাৰ্থবিজ্ঞানৰ অতি আধুনিক কৌশল প্ৰয়োগ হোৱা এবিধ সামগ্ৰী হেনো তেওঁ অনা বস্তুটো৷ দস্তুৰমত মই ৰৈ গ’লো৷ পিছে বস্তুটোৰ নাম শুনিয়েই মোৰ মুখ মেল খাই গ’ল৷ বস্তুটোৰ নাম ‘কোৱাণ্টাম তাবিজ’!

আৰু ইয়াৰ গুণ? ঠিক ধন-লক্ষ্মী যন্ত্ৰৰ সৈতে একেই! ইণ্টাৰনেটত ইয়াৰ নিৰ্মাণকাৰীয়ে দিয়া তথ্যমতে, এই তাবিজটো যদি আপুনি পিন্ধে, তেনেহ’লে আপুনি প্ৰায় সকলোবোৰ ক্ষেত্ৰতেই অতি আচৰিত সুফল পাব৷ কাৰণ এই তাবিজটোৰ ক্ষমতা প্ৰায় অসীম, ই বহুতো কিবাকিবি কৰিব পাৰে৷ যেনে, অৱসাদ গুচাই মানসিক স্বাস্থ্য সুনিশ্চিত কৰে, বিষ আৰু তেনেধৰণৰ উপসৰ্গ দূৰ কৰে, বিদ্যুৎচুম্বকীয় বিকিৰণৰ অপকাৰৰপৰা তাবিজধাৰণকাৰীক ৰক্ষা কৰে, ৰক্তকণিকাক অধিক কাৰ্যক্ষম কৰে, দেহৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাক শক্তিশালী কৰে, অপকাৰী ভাইৰাছ আৰু বেক্টেৰিয়াক ধ্বংস কৰে, ডি এন এৰ ক্ষতিসাধন ৰোধ কৰে, মনোযোগ বৃদ্ধি কৰে, কেন্সাৰৰ প্ৰতিৰোধ কৰে, ইত্যাদি ইত্যাদি৷ এই সকলোবোৰ সুফল আপুনি পাব মাত্ৰ এই তাবিজটো ডিঙিত ওলোমাই ল’লেই : কোনো দৰবৰ দৰকাৰ নাই, কোনেও স্বাস্থ্যৰক্ষাৰ বেলেগ উপায় বিচাৰি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই৷ মাত্ৰ তাবিজটো ওলোমাই লওক আৰু এক ৰোগমুক্ত জীৱন যাপন কৰক৷ . . . . . . লেখক : গৌৰীশংকৰ ভূঞা

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

নাৰী স্বাধীনতা আৰু পুঁজিতন্ত্ৰ

এটা বিজ্ঞাপনৰ ফটোত এগৰাকী যুৱতীয়ে অকল ব্ৰেছিয়াৰ আৰু সূতাৰে মেৰোৱা এডোখৰ অন্তৰ্বাস পিন্ধি বক্ষযুগল আকাশলৈ দেখুৱাই সাগৰতীৰত বহি প’জ দিছে৷ দেহৰ বাকী অংগৰ উপৰিও ওলাই থকা অধিকাংশ বুকু আৰু নিতম্বত লাগি থকা বালিছন্দাত সূৰ্যৰ পোহৰ বেঁকাকৈ পৰি জিলিকি উঠিছে৷ ফটোত যুৱতীগৰাকীৰ কাষত লেলিহান জুয়ে মেৰিয়াই ৰখা বিজ্ঞাপনৰ মূল প্ৰডাক্টবিধ৷ আন এখন ভিন্ন ফটোত এগৰাকী যুৱতীয়ে প্ৰায় একেধৰণৰেই বস্ত্ৰ পৰিধান কৰি ছুইমিং পুল এটাত সাঁতুৰিবলৈ উদ্যত হৈছে৷

ওপৰৰ উদাহৰণ দুটা উল্লেখ কৰাৰ কাৰণ হৈছে – নাৰীৰ পোছাক পিন্ধাৰ স্বাধীনতা৷ দ্বিতীয় উদাহৰণটোত যদিও যুৱতীগৰাকীয়ে নিজ খুচিমতে নিজৰ পছন্দত পোছাকযোৰ পিন্ধিছে, প্ৰথম উদাহৰণত কিন্তু সেয়া হোৱা নাই৷ তাত তেওঁৰ নিজৰ খুচি বা পছন্দৰ কথা নাই৷ বিজ্ঞাপনটোৰ উদ্দেশ্য এটাই৷ প্ৰায়-নগ্ন যুৱতীৰ ফটোখনৰ জৰিয়তে এচাম পুৰুষৰ দৃষ্টি আ কৰ্ষিত কৰি নিৰ্দিষ্ট সামগ্ৰীবিধৰ বিক্ৰী বঢ়াব লাগে৷ ফেশ্বন শ্ব’বোৰতো মডেলসকলে পৰিধান কৰা সাজ-সজ্জাই নাৰীসমাজক, বিশেষকৈ যুৱতীসকলক যথেষ্ট প্ৰভাৱান্বিত কৰে৷ . . . . . . লেখক : আবিদ আজাদ

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

এন’ৰেক্সিয়া নাৰ্ভ’ছা

এজনী ২২ বছৰীয়া তৰুণী‌। নাম তাইৰ লুইজেল ৰেম’ছ। নিজকে এগৰাকী আগশাৰীৰ মডেল হিচাপে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহ তাই মনতে কঢ়িয়াই ফুৰিছিল‌। ২০০৬ চনৰ আগষ্ট মাহৰ এটা দিনত তাই উৰুগুৱেত অনুষ্ঠিত এখন ফেশ্বন শ্ব’ত শাৰী পাতি খোজ কাঢ়িলে‌। শৰীৰৰ ভাঁজবোৰ ইফাল-সিফাল কৰি প্ৰদৰ্শন কৰি তাই ড্ৰেছিং ৰুম অভিমুখে ঘূৰি গ’ল‌। কিন্তু তাই ড্ৰেছিং ৰুম নাপালেগৈ‌। হঠাৎ সেই পথতেই মূৰ্ছা গৈ বাগৰি পৰিল‌। মুখত ফুটাই তুলিব খোজা হাঁহিটো ওঁঠতে শুকাল‌। হৃদপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ তাই তাতেই চিৰদিনলৈ শুই পৰিল‌।

কি হ’ল? কেনেকৈ হ’ল? তাইৰ মৃত্যুৰ কাৰণ অনুসন্ধান কৰা হ’ল‌। আৰু লুইজেলৰ মৃত্যুৰ এই কাৰণানুসন্ধানে আধুনিক নাৰীৰ জীৱনলৈ নব্য পুঁজিবাদ আৰু পুৰুষতন্ত্ৰই কঢ়িয়াই অনা কেতবোৰ নিৰ্মম সত্যক পুনৰায় প্ৰকট কৰিলেহি যেন! . . . . . . লেখক : বৰ্ণালী বৰুৱা দাস

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation

%d bloggers like this: