এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the month “May, 2014”

‘এষণা’, এপ্ৰিল-জুন, ২০১৪

যুক্তি-বিকাশ সমিতি, অসম-ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। প্ৰথম সংখ্যাটিৰ দৰেই ‘এষণা’ৰ এই দ্বিতীয় সংখ্যাটিৰ ক্ষেত্ৰতো আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। – যুক্তি-বিকাশ সমিতি, অসম

ডাইনী প্ৰথা বিশেষ সংখ্যা

সূচীপত্ৰ

সম্পাদকীয়
ডাইনী বিশ্বাস বনাম বিজ্ঞানমনস্কতা

কেন্দ্ৰীয় প্ৰবন্ধ
ডাইনী হত্যা : প্ৰতিৰোধ আৰু প্ৰত্যাহ্বান – অঞ্জু বৰকটকী
ডাইনী কু-প্ৰথা বনাম আইন – শৈলেন গোহাঁই
ডাইনীসকলৰ কথাৰে – অৰ্পণা বড়া
বীৰুবালা ৰাভা আৰু ‘মিছন বীৰুবালা’ – নাট্যবীৰ দাস

অন্যান্য প্ৰবন্ধ
ধৰ্ষণৰ দৰ্শন – পদ্মলোচন নাথ
অপসংস্কৃতি আৰু ইয়াৰ বিৰুদ্ধে সংগ্ৰাম – কানাই গগৈ
অন্ধবিশ্বাসবিৰোধী আন্দোলন সম্পৰ্কে কিছু কথা – জিতেন বেজবৰুৱা
বিশ্বাস আৰু প্ৰদূষণ – শৈলেন্দ্ৰ মোহন দাস

গ্ৰন্থ সমালোচনা
প্ৰসংগ : ‘দেওধনী’ – মুনীন শৰ্মা

Advertisements

ডাইনী বিশ্বাস বনাম বিজ্ঞানমনস্কতা

বাতৰিকাকতত ডাইনী হত্যা/নিগ্ৰহৰ খবৰ পৰিবেশন কৰোতে সচৰাচৰ এইধৰণৰ বাক্যৰে মৰ্মান্তিক ঘটনাবোৰৰ বিৱৰণ আৰম্ভ কৰা হয় : বিজ্ঞানৰ অভূতপূৰ্ব অগ্ৰগতিৰ যুগতো পশ্চাদপদ সমাজৰ এচাম মানুহে অন্ধবিশ্বাসৰ কবলত পৰি নৃশংসভাৱে … … ইত্যাদি ইত্যাদি৷ এনে সাংবাদিকতাত দুটা কথা উহ্য থাকি যায় : (১) বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতি হ’লেও বৈজ্ঞানিক মানসিকতাৰ প্ৰসাৰ ঘটা নাই, (২) ডাইনী বিশ্বাস পুৰণি যদিও ডাইনী হত্যাৰ দৰে নিৰ্দয় কাণ্ডৰ কথা ত্ৰিছ-চল্লিছ বছৰৰ আগতে শুনা নগৈছিল বুলিলেও হয়৷ সম্ভৱতঃ মূল্যবোধৰ দ্ৰুত অৱক্ষয়ৰ কাৰণে সন্দেহৰ আৱৰ্তত সোমাই পৰা ওচৰ-চুবুৰীয়াকো সম্প্ৰতি মানুহে হত্যা কৰিবলৈ বা গাঁৱৰপৰা খেদি পঠিয়াবলৈ অকণো কুণ্ঠাবোধ নকৰা হ’ল৷ মহিলাৰ ক্ষেত্ৰত এনে হিংসাৰ ঘটনা বেছিকৈ ঘটাৰ লগত দমনপ্ৰিয় পুৰুষৰ নাৰী-বিদ্বেষৰ সম্পৰ্ক থকাটো স্বাভাৱিক৷ বহু ক্ষেত্ৰত ডাইনী হত্যা/নিগ্ৰহৰ সৈতে সা-সম্পত্তি হস্তগত কৰাৰ চক্ৰান্ত বা অন্যান্য স্বাৰ্থও জড়িত থাকে৷ … … … সম্পাদকীয়

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

ডাইনী হত্যা : প্ৰতিৰোধ আৰু প্ৰত্যাহ্বান

বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত অতি কোবেৰে আগুৱাই যোৱা বুলি দাবী কৰা ভাৰতবৰ্ষত অন্ধবিশ্বাস-কুসংস্কাৰৰ প্ৰাধান্য ইমান বৃদ্ধি পাইছে যে ডাইনীৰ দৰে নৃশংস প্ৰথা পূৰ্ণোদ্যমে চলি আছে৷ দিনে দিনে ন ন ঠাইলৈ ইয়াৰ প্ৰসাৰ ঘটিছে৷ ডাইনীক witch বোলা হয় ইংৰাজীত৷ কিন্তু বিভিন্নজনৰ বিশ্লেষণত দেখা গৈছে যে প্ৰাচীন কালত witch শব্দটোৰ অৰ্থ আছিল জ্ঞানী মহিলা, এটা ইতিবাচক শব্দ৷ এইসকলে বনদৰব আদি ব্যৱহাৰ কৰি মানুহক ৰোগৰপৰা আৰোগ্য কৰিছিল আৰু তেওঁলোকৰ জনপ্ৰিয়তাত ‘পুৰুষ ডাক্তৰ’সকল ঈৰ্ষান্বিত হৈ তেওঁলোকৰ বিৰুদ্ধে যি চক্ৰান্ত আৰম্ভ কৰে, সি আজিৰ ডাইনীৰ আঁৰৰ কিছু কাহিনীতো সক্ৰিয় বুলি ক’ব পাৰি৷ … … … লেখক : অঞ্জু বৰকটকী

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

ডাইনী কু-প্ৰথা বনাম আইন

প্ৰাচীন লোকাচাৰ, ৰীতি-নীতি, ধৰ্মীয় ভাবাৱেগক যেতিয়া এটা জাতিৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰ অবিসম্বাদী বৈতালিকৰূপে স্বীকাৰ কৰি লোৱা হয়, তেনে এক সামাজিক পৰিবেশত অন্ধসংস্কাৰ আৰু কু-প্ৰথাক জীয়াই ৰখাটো তেনেই সহজ৷ কাৰণ অজ্ঞানতা, অভাৱ, অনাটন আৰু অন্ধানুগত্যই তেনে পুৰাতনী পৰম্পৰাৰ সাৰুৱা ক্ষেত্ৰ তৈয়াৰ কৰাত সৰ্বদায় আগ্ৰাসী ভূমিকা পালন কৰে৷ ভাৰত, কেনিয়া, ঘানা, নাইজেৰিয়া, ছোমালিয়া, ওগাণ্ডা, পাপুৱা নিউগিনি, ছৌডি আৰব আদি বিশ্বৰ বিভিন্ন প্ৰান্তত ডাইনী বিশ্বাসৰ নামত চলি থকা হাজাৰ হাজাৰ লোকৰ লোমহৰ্ষক হত্যাকাণ্ডবোৰেই ইয়াৰ জ্বলন্ত উদাহৰণ৷ আফ্ৰিকা মহাদেশৰ ছাহাৰা মৰুভূমিৰ কাষৰীয়া অঞ্চল কিছুমানত ডাইনী হত্যাই প্ৰায় মহামাৰীৰ ৰূপ লৈছে৷ তাৰ কিছু কিছু ঠাই ডাইনী হত্যাৰ ‘কেপিটেল’ নামেৰেই বেছ পৰিচিত৷ ডাইনী বিশ্বাসৰ নামত চলি থকা এই পাশৱিক হত্যাকাণ্ডবোৰলৈ চকু ফুৰাই কিছু সমাজবিজ্ঞানীয়ে আফ্ৰিকা মহাদেশত উত্তৰ-আধুনিকতাৰ সমান্তৰালভাৱে এক ‘নব্য অন্ধকাৰ যুগ’ৰ পুনৰাগমন ঘটিছে বুলি মত প্ৰকাশ কৰিছে৷ আশ্চৰ্যকৰ কথা, আফ্ৰিকাত ডাইনী কু-প্ৰথাৰ বলি হোৱা অধিকসংখ্যকেই হ’ল কণ কণ শিশু আৰু বয়োবৃদ্ধ লোক৷ মহাদেশখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি অব্যাহত থকা নৃগোষ্ঠীয় সংঘৰ্ষ, দুৰ্ভিক্ষ, খৰাং, ৰাজনৈতিক অস্থিৰতা আদি বিভিন্ন কাৰণত পৰিশ্ৰান্ত, গৃহহাৰা পিতৃ-মাতৃয়ে ভৰণ-পোষণৰ অভাৱত বহু সময়ত নিজ সন্তান-সন্ততিকে ত্যাগ কৰিবলৈ বাধ্য হয়৷ অনাহাৰ, অ-চিকিৎসা আৰু অস্বাস্থ্যকৰ পৰিবেশত এই অনাথ শিশুসকল ক্ৰমে বিভিন্ন ৰোগৰদ্বাৰা আক্ৰান্ত হ’বলৈ আৰম্ভ কৰে৷ এই শিশুসকলৰ বহুতেই আকৌ জন্মগতভাৱেই বিভিন্নপ্ৰকাৰে বাধাগ্ৰস্ত, প্ৰতিবন্ধী আৰু পংগু৷ সমাজৰ এটা শ্ৰেণীৰ দৃষ্টিত এই অনাহাৰী, ৰুগীয়া আৰু প্ৰতিবন্ধী শিশুসকল চিহ্নিত হয় অমংগল আৰু অপশক্তিৰ বাহকৰূপে৷ সমাজত উদ্ভৱ হোৱা দুৰ্ভিক্ষ, খৰাং, মহামাৰী, মৰা-কটা আদি সমস্যাৰ গুৰিতেই এই শিশুবোৰৰ কু-প্ৰভাৱ বুলি মানুহে ভাবিবলৈ আৰম্ভ কৰে৷ এনে মিছা সন্দেহ আৰু অবিশ্বাসৰ বশৱৰ্তী হৈ ত্ৰাসিত জনতাই এই শিশুসকলক ডাইনী সজাই নানান অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ ঘটনাই সম্প্ৰতি আফ্ৰিকাৰ কিছু অঞ্চলত এক গণ-উন্মাদনাৰ ৰূপ লৈছে৷ অস্থিৰ-অশান্ত আৰ্থ-সামাজিক পৰিবেশে মানৱ সমাজত আদিম কু-প্ৰথাবোৰ বৰ্তি থকাত কিদৰে হাত উজান দিয়ে আফ্ৰিকা মহাদেশৰ কিছু কিছু অঞ্চলত ঘটি থকা এই ঘটনাবোৰেই তাৰ উৎকৃষ্ট উদাহৰণ৷ … … … লেখক : শৈলেন গোহাঁই

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

ডাইনীসকলৰ কথাৰে

সত্ৰনগৰী মাজুলীৰ এখন পিছপৰা গাঁও লাচন গাঁও৷ সেই গাঁৱৰে এগৰাকী শিক্ষিতা মহিলা ৰূপালী গাম৷ মেট্ৰিক পৰীক্ষা দিয়েই বিয়া হোৱা ৰূপালীয়ে স্বামীগৃহৰপৰাই বি এ ছেকেণ্ড ইয়েৰলৈকে পঢ়ি কলেজ এৰি দিয়ে৷ অতি কম বয়সতে বৈবাহিক জীৱন আৰম্ভ কৰা ৰূপালী সন্তানসম্ভৱা হয়, কিন্তু বাৰে বাৰে সন্তানৰ মৃত্যু ঘটে৷ কোনোটো ভ্ৰূণ অৱস্থাতে আৰু কোনোটো জন্মৰ লগে লগে মৃত্যুমুখত পৰে৷ এনেদৰে পাঁচ-ছয়বাৰ হোৱাৰ পাছত দিশহাৰা ৰূপালীয়ে বেজৰ ওচৰলৈ গ’ল৷ বেজে একো কৰিব নোৱাৰি বিধান দিলে যে তেওঁলোকৰ আগফালে থকা বাঁহজোপাত কোনোবাই এটা ভূত বান্ধি থৈছে আৰু সেই ভূতটোৰ বাবেই সিহঁতৰ ঘৰত ইমান অমংগল হৈছে৷ আৰম্ভ হ’ল ভূত খেদা পৰ্ব৷ তাবিজ-মাদলি লৈ পিন্ধিল৷ তাৰ পাছতো বহুতবাৰ সন্তানৰ মৃত্যু হ’ল৷ বহুকেইটা সন্তানৰ মাজৰপৰা তিনিটা সন্তান কেনেবাকৈ বাচিল৷ তেওঁলোকেও ভাবি থাকিল, তাবিজেহে এইকেইটা সন্তান বচালে৷

বহু বছৰ এনেকৈয়ে পাৰ হ’ল৷ এদিন গাঁৱৰ প্ৰায় ৩০-৩৫ঘৰ মানুহে মিলি গাঁৱৰ কিবা অমংগল আঁতৰাবলৈ ক’ৰবাৰপৰা এজন বেজ আনিলে৷ ডাঙৰ বেজ, ঘৰে প্ৰতি এহেজাৰকৈ টকা আৰু চাউল-পাত, হাঁহ-কুকুৰাকে ধৰি প্ৰায় ৫০-৬০ হাজাৰ টকাৰ সম্পত্তি (বেজৰ হিচাপ মতে) গোটোৱা হ’ল বেজক দিবলৈ৷ সকলো কাম কৰিব পাৰে বুলি প্ৰচাৰ কৰাৰ বাবে বেজ অহা ৰাস্তাত সকলোৱে ভৰি ধুৱাবলৈ শাৰী পাতিলে৷ ৰূপালীয়েও বাটত বেজক ভৰি ধুৱালে৷ বেজ আহিল৷ টকা-পইচা, সা-সম্পত্তি বান্ধি লোৱাৰ পাছত বেজালি আৰম্ভ কৰিবলৈ লৈ বেজে ক’লে যে তেওঁৰ ঐশ্বৰিক শক্তি কোনোবাই নোহোৱা কৰিছে, বাটত কোনোবা বেয়া মানুহে ভৰি ধুৱালে, সেইকাৰণে তেওঁ এতিয়া একো কৰিব নোৱাৰে৷ ইংগিত কৰিলে ৰপালী গামক৷ লাহে লাহে ৰাইজৰ মাজত প্ৰচাৰ হ’ল বাঁহজোপাত বান্ধি থোৱা ভূতটো এতিয়া ৰূপালীয়ে নিজে পোহে৷ গতিকে তাই ডাইনী৷ ফাঁকি মাৰি বেজ গুচি গ’ল৷ আৰম্ভ হ’ল ৰূপালীৰ ওপৰত মানসিক অত্যাচাৰ৷ তাৰ পাছতে চুবুৰীয়া গাঁও চিকাৰী গাঁৱৰ স্বয়ম্ভূ লক্ষ্মীয়ে দোষী সাব্যস্ত কৰা ৩৮জনৰ ভিতৰত তেওঁৰ নামটোও ওলাল৷ ৰূপালী গামৰ নিজৰ বংশৰ এগৰাকী ভতিজা-সম্বন্ধীয় কিশোৰীৰ পেটৰ বিষ ভাল কৰিব নোৱাৰি স্বয়ম্ভূ লক্ষ্মীয়ে বেমাৰৰ কাৰণ হিচাপে ক’লে বোলে – কাষৰ গাঁওখনলৈ বিয়া হৈ যোৱা তাইৰ এগৰাকী পেহীয়েকে (অৰ্থাৎ ৰূপালীয়ে) তাইৰ গাত ভূত মেলিছে৷ উপায় নেপাই ৰূপালীয়ে স্বয়ম্ভূ লক্ষ্মীৰ ওচৰত গৈ পৰিত্ৰাণৰ উপায় বিচাৰিলে৷ কিন্তু লক্ষ্মীৰূপী যুৱকে একো বিধান নিদি খেদি পঠালে৷ অৱশেষত গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীৰ চাকৰি কৰি ঘৰ চলোৱা ৰূপালীৰ জীৱনলৈ বিভীষিকা নামি আহিল৷ কাৰণ ডাইনী অভিহিত এগৰাকী মহিলাই ৰন্ধা ভাত-আঞ্জা গাঁৱৰ ল’ৰা-ছোৱালীবিলাকক খাবলৈ নিদিয়া হ’ল৷ গতিকে ৰূপালীৰ হাতৰপৰা একমাত্ৰ উপাৰ্জনৰ পথ চাকৰিটো যাওঁ যাওঁ হ’ল৷ ৰূপালীয়ে উপায় নেপাই সকলোকে হাতে-ভৰিয়ে ধৰি চাকৰিৰপৰা নেখেদিবলৈ অনুৰোধ কৰিলে৷ দৰকাৰ হ’লে তাই ৰান্ধনীৰ কাম নকৰে৷ স্কুলত পাঠদান কৰিব৷ সেইমতেই ৰূপালী গামে আজিও এক অনিশ্চিত জীৱন কটাই আছে৷ লগতে তেওঁৰ ল’ৰা-ছোৱালীকেইটায়ো জীয়াতু ভুগিবলগা হৈছে৷ কাৰণ সিহঁতক লগৰ ল’ৰা-ছোৱালীয়ে লগ নিদিয়া হৈছে৷ এইদৰে এক অন্ধবিশ্বাসৰ কবলত পৰি এটা পৰিয়াল ধ্বংস হৈ যাবলৈ ধৰিছে৷ আৰু ভৱিষ্যতে গাঁৱত কোনো লোকৰ বেমাৰ-আজাৰ হ’লে ৰূপালী গামৰ জীৱনলৈও শংকা অহাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ জীৱন-মৃত্যুৰ দুৱাৰডলিত জীয়াই আছে এগৰাকী নাৰী৷ … … … লেখক : অৰ্পণা বড়া

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বীৰুবালা ৰাভা আৰু ‘মিছন বীৰুবালা’

বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰে বিদ্যাৱন্ত হোৱা আৰু বিজ্ঞানমনস্কতা, এই দুয়োটা যে এক নহয় তাৰ প্ৰমাণ শিক্ষা-দীক্ষা, স্বাস্থ্যৰ সা-সুবিধাৰপৰা বঞ্চিত অসম-মেঘালয় সীমান্তৱৰ্তী গাঁৱৰ এটা খেতিয়কৰ পৰিয়ালত জন্মগ্ৰহণ কৰি সমাজত চলি থকা বৈষম্য, অন্যায়-অবিচাৰ আৰু অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে এক সবল কণ্ঠৰ অধিকাৰী হোৱা বীৰুবালা ৰাভা৷ ১৯৪৯ চনত জন্মগ্ৰহণ কৰি ১৯৬৪ চনত প্ৰাথমিক বিদ্যালয় উত্তীৰ্ণ হোৱা বীৰুবালা বাইদেউ পঢ়া-শুনাত যিদৰে মেধাৱী আছিল, পাছলৈ গাভৰু কালতো ঘৰুৱা আৰু সমাজৰ উৎসৱ-পাৰ্বণৰ বিভিন্ন কাম-কাজত আগবঢ়া আছিল৷ ওচৰ-চুবুৰীয়াৰ মাজত ‘বগী’ বুলি পৰিচিত সুনিপুণ শিপিনী বীৰু বাইদেৱে সাহসী স্পষ্টবাদিতা আৰু নেতৃত্ব প্ৰদানৰ গুণেৰে ১৯৮৫ চনতেই নিজৰ জন্মস্থানত গাঁৱৰ মুখিয়ালসকলৰ সহযোগত মহিলাসকলক একত্ৰিত কৰি গঠন কৰে ঠাকুৰবিলা আঞ্চলিক মহিলা সমিতি৷ এই অনুষ্ঠানৰ যোগেদিয়েই প্ৰথমে বাইদেৱে আৰম্ভ কৰে সমাজত চলি থকা নাৰী নিৰ্যাতন, দুৰ্বলৰ ওপৰত চলি থকা অন্যায়, মাদক দ্ৰব্যৰ বাবে ঘটি থকা পাৰিবাৰিক বিশৃংখলতা আদিৰ বিৰুদ্ধে সুদৃঢ় প্ৰতিবাদ৷ এই সমিতিৰ জৰিয়তেই সেই অঞ্চলৰ জৰাজীৰ্ণ বাট-পথ, চিকিৎসালয়ৰ অভাৱ, বিশুদ্ধ খোৱাপানীৰ নাটনি আদিৰ কথা অসম আৰু মেঘালয়ৰ কৰ্তৃত্বশীল বিষয়াসকলৰ দৃষ্টিগোচৰ কৰিছিল৷ তীক্ষ্ণ দৃষ্টিসম্পন্ন বাইদেৱে লক্ষ্য কৰিলে, পিছপৰা অঞ্চলৰ মানুহবোৰে বিভিন্ন বিপদ-বিপৰ্যয় তথা ৰোগ-ব্যাধিৰ বাবে কিদৰে বেজ-দেওধনীৰ ওচৰ চাপি সহায় বিচাৰি যায়, অলৌকিক কথা-কাণ্ডৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰে৷ নিজৰ বৰপুত্ৰ, মানসিক ৰোগী ধৰ্মেশ্বৰৰ মানসিক বিকৃত অৱস্থাৰ চিকিৎসাৰ বাবে পুত্ৰই ভৰিৰে ভালদৰে খোজ কাঢ়িব পৰা হোৱা দিনৰপৰাই স্বামীৰ ইচ্ছাত উপায়হীন হৈ নেপালী, গাৰো, ৰাভা আদি ভিন্ন বেজৰদ্বাৰা চিকিৎসা কৰাবলৈ বাধ্য হৈছিল৷ ধৰ্মেশ্বৰ যেতিয়া নৱম শ্ৰেণীত তেতিয়াই সি মানসিক ভাৰসাম্য হেৰুৱাই এদিন কিবাকিবি বলকিব ধৰাত বাইদেউৰ স্বামী চণ্ডীচৰণ ৰাভাই দেওধনীৰদ্বাৰা মঙল চোৱায়৷ দেওধনীয়ে ধৰ্মেশ্বৰৰ গাত পৰীয়ে লম্ভা বুলি কয় আৰু কয় যে তিনি দিনৰ ভিতৰত ধৰ্মেশ্বৰৰ মৃত্যু হ’ব৷ পিছে তিনি দিনৰ পাছতো পুত্ৰৰ মৃত্যু নহ’ল, বৰঞ্চ তাৰ বহু বছৰ পাছতো শ্বিলঙৰ এক মানসিক হাস্পতালত চিকিৎসাধীন হৈ থাকিল৷ দেওধনী চাৰাবালা ৰাভাৰ কথা ভুল বুলি প্ৰমাণিত হ’ল৷ সেয়া আছিল ১৯৮৪-৮৫ চনৰ কথা৷ বাইদেউৰ একে গাঁৱৰে জগাইবালা ৰাভাক এজন বেজে পৰিকল্পিতভাৱে এগৰাকী ৰোগীক চিকিৎসা প্ৰদানত ব্যৰ্থ হৈ সেই ব্যৰ্থতাক ঢাকিবলৈ ডাইনী সজাই গাঁৱৰপৰা খেদি পঠিয়াইছিল৷ বেজজনৰ এই কুচক্ৰান্তৰ কথা মানুহৰ মাজত বুবু-বাবাকৈ চলি আছিল যদিও প্ৰকাশ্যে কোনেও প্ৰতিবাদ কৰা নাছিল৷ জৰা-ফুকা, বেজালি, দেওধনী, ওজা, কবিৰাজ আদিৰ ওপৰত বাইদেউৰ একেবাৰে বিশ্বাস নোহোৱা হৈ গ’ল৷ … … … লেখক : নাট্যবীৰ দাস

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

ধৰ্ষণৰ দৰ্শন

‘ধৰ্ষণ’ শব্দৰ উৎপত্তি হৈছে সংস্কৃত ‘ধৃষ’ ধাতুৰপৰা যাৰ অৰ্থ হ’ল পৰাস্ত কৰা৷ পৰাস্ত কৰাৰ লগতে ‘ধৃষ’ৰপৰা উদ্ভৱ হোৱা ‘ধৰ্ষ’ শব্দই মোহিত বা অভিভূত কৰা (আনন্দৰ ক্ষেত্ৰত) অৰ্থও প্ৰকাশ কৰে বুলি আমাক ‘হেমকোষ’ আৰু ‘আধুনিক অসমীয়া শব্দকোষ’ নামৰ দুখন মান্য অভিধানে সম্ভেদ দিছে৷ বিশেষণ ৰূপত ‘ধৰ্ষণ’ৰ অৰ্থ অভিধানে পীড়ন বা অত্যাচাৰ বুলি নিৰ্দিষ্ট কৰিছে, লগতে এনে পীড়ন বা অত্যাচাৰ নাৰীৰ ক্ষেত্ৰতহে বুলিও উল্লেখ কৰিছে৷ আধুনিক অসমীয়া শব্দকোষ নামৰ তুলনামূলকভাৱে পৰৱৰ্তী কালৰ আৰু এজন সংস্কাৰমুক্ত আধুনিক মনোভাবাপন্ন ব্যক্তিৰদ্বাৰা সংকলিত-সম্পাদিত অভিধানত ‘ধৰ্ষিতা’ৰ অৰ্থ হৈছে বলেৰে যাৰ সতীত্ব নাশ কৰা হৈছে তেনে (নাৰী), ‘raped, as a woman’. পৰাস্ত কৰা, মোহিত বা অভিভূত কৰাৰপৰা পীড়ন-অত্যাচাৰ, বলেৰে সতীত্ব নাশ পৰ্যন্ত –‘ধৰ্ষণ’ শব্দৰ অৰ্থ-মহিমা নিৰ্ধাৰণত পুৰুষতান্ত্ৰিক দৃষ্টিকোণৰ আভাস স্পষ্ট৷ আনহাতে, ইংৰাজী অভিধানত ধৰ্ষণৰ ইংৰাজী প্ৰতিশব্দ rapeঅৰ অৰ্থ-নিৰ্ঘণ্ট চালে আমি দেখো যে কোনো অলংকাৰপূৰ্ণ ভাব-ভাষাৰ আঁৰ নোলোৱাকৈয়ে ধৰ্ষণ যে নাৰীৰ বিৰুদ্ধে পুৰুষে কৰা এটা জঘন্য অপৰাধ সেই কথা পৰিচ্ছন্ন ভাষাত ব্যক্ত কৰা হৈছে৷ ইংৰাজী ভাষাৰ সকলো মান্য অভিধানক প্ৰতিনিধিত্ব কৰিব পৰা ‘Oxford Encyclopedic Dictionary’ত ‘rape ‘অৰ অৰ্থ নিৰ্ঘণ্টলৈ চকু দিলেই সেই কথা স্পষ্ট হৈ পৰে : ‘violate chastity of, force sexual intercourse on, ravishing or violation of a woman; (law) unlawful sexual intercourse with a woman without her consent’. OEDয়ে ‘ধৰ্ষণ’ শব্দৰ মৰ্মক সুন্দৰকৈ প্ৰকাশ কৰি অৰ্থ নিৰ্দেশ কৰিছে৷ ধৰ্ষণ হ’ল – (১) (পুৰুষৰদ্বাৰা) কোনো নাৰীৰ লগত বলপূৰ্বক শাৰীৰিক সম্পৰ্ক, (২) সেইবাবেই ই নাৰীৰ বিৰুদ্ধে পুৰুষৰ হিংসা, যিহেতু (৩) ইয়াত নাৰীৰ সন্মতি/ইচ্ছা-অনিচ্ছাক গুৰুত্ব দিয়া নহয়৷ এই অৰ্থ নিৰ্ধাৰণত ধৰ্ষণৰ আইনগত দিশকো সামৰি লোৱা হৈছে যদিও আইনত ধৰ্ষণ সম্পৰ্কীয় অপৰাধৰ বিষয়ে অধিক বিস্তাৰিত আলোচনা আছে৷ আইনে প্ৰলোভন-প্ৰৰোচনা অথবা ভাবুকিৰে নাৰীৰ সন্মতি আদায় কৰি দৈহিক সম্পৰ্কত লিপ্ত হোৱাকো ধৰ্ষণ বুলিছে৷ তদুপৰি কম বয়সীয়া ছোৱালী (১৬ৰ তলৰ)য়ে দৈহিক সম্পৰ্কৰ বাবে ‘সন্মতি’ দিয়াকো অবৈধ বুলি অভিহিত কৰিছে৷ … … … লেখক : পদ্মলোচন নাথ

স্থানাভাৱৰ হেতু এই লেখাটোৰ শেষাংশটো ‘এষণা’ৰ ছপা সংস্কৰণত প্ৰকাশ পোৱা নাই, সেয়া অহা সংখ্যাত প্ৰকাশ পাব। ইয়াত লেখাটো সম্পূৰ্ণ ৰূপত দিয়া হৈছে।

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

অপসংস্কৃতি আৰু ইয়াৰ বিৰুদ্ধে সংগ্ৰাম

“আমাৰ চৌদিশে সম্প্ৰতি অশ্লীলতাৰ পয়োভৰ বাঢ়িছে, মাৰ্জিত ভাষা-সংস্কৃতি নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটিছে৷ মানৱীয় প্ৰমূল্যৰ স্থান লোভ, হিংসা, নিষ্ঠুৰতাই দখল কৰিছে৷ পশ্চিমৰ অনুকৰণত সৃষ্ট অশ্লীল গীত-নৃত্য, অশ্লীল কিতাপ-আলোচনী, হিংসা-অশ্লীলতাৰে ভৰা কথাছবি, মদ-ড্ৰাগছ-সুন্দৰী প্ৰতিযোগিতা, ভোগ-বিলাস আদিৰ প্ৰতি আকৃষ্ট হৈ অসমীয়াই নিজৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি বিৰূপ মনোভাব পোষণ কৰিবলৈ ধৰিছে আৰু এইবোৰৰ মোহত পৰি দয়া, ত্যাগ, আদৰ্শ, মানৱৰ সেৱা আদি মহৎ গুণবোৰৰ কথা বহুতে পাহৰি পেলাইছে৷ … … ”

সম্প্ৰতি প্ৰাধান্য লাভ কৰি থকা অপসংস্কৃতিৰ কথা উত্থাপিত হ’লে সাধাৰণতে এইবোৰ বিষয়েই উল্লেখ কৰা হয়৷ সভা-সমিতি, আলোচনা-বিলোচনা, কাকত-আলোচনীত হোৱা বিতৰ্ক আদিত এইবোৰ কথাই গুৰুত্ব পায়৷ সংস্কৃতি আৰু অপসংস্কৃতিৰ পাৰ্থক্য পৰিষ্কাৰ কৰিবলৈ জ্যোতিপ্ৰসাদে কোৱা এষাৰ কথা ইয়াত উল্লেখ কৰিব বিচাৰিছো : “যি কথাই, যি কামে, যি চিন্তাই, যি প্ৰয়াসে, যি প্ৰচেষ্টাই মানুহক আৰু মানুহৰ বাস্তৱ জীৱনক সুন্দৰ আৰু মহান কৰে, মানুহক তাৰ আদিম প্ৰকৃতিৰপৰা ওপৰলৈ তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীৰ বাস্তৱ জীৱন ধুনীয়া কৰি মোহময় কৰি, মানুহক সুখ-শান্তি আৰু আনন্দৰ যোগান ধৰি মানুহৰ জীৱন আনন্দময় কৰি তোলে, সিয়েই সংস্কৃতি৷”

ওপৰৰ কথাখিনিৰপৰা দেখা গ’ল যে সাম্প্ৰতিক সময়ত অসম তথা ভাৰতত সংস্কৃতিতকৈ অপসংস্কৃতিৰ পয়োভৰহে বেছি হৈছে৷ অৱশ্যে উল্লিখিত তথা চিহ্নিত অপসংস্কৃতিবোৰৰ বাহিৰেও আৰু বহুধৰণৰ অপসংস্কৃতি আমাৰ সমাজত আছে, অথচ আলোচনা-বিলোচনা, তৰ্ক-বিতৰ্ক আদিত এইবোৰে যথাযথ গুৰুত্ব পোৱা নাই৷ হয়তো বহুতে এইবোৰক অপসংস্কৃতি বুলিয়েই নাভাবে৷ উদাহৰণস্বৰূপে, পুঁজিপতিসকলৰদ্বাৰা নিয়ন্ত্ৰিত কে’বল টিভিৰ অনুষ্ঠানবোৰত দেখুওৱা হয় শোষক ধনিক শ্ৰেণী আৰু সুবিধাবাদী মধ্যশ্ৰেণীক, প্ৰতিফলিত কৰা হয় কেৱল তেওঁলোকৰ সমস্যা – ব্যৱসায়জনিত প্ৰতিযোগিতা আৰু অবৈধ প্ৰেমৰ সমস্যা !! … … … লেখক : কানাই গগৈ

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

অন্ধবিশ্বাসবিৰোধী আন্দোলন সম্পৰ্কে কিছু কথা

আজি আমি টেলিপেথি আৰু হস্তৰেখাৰ অন্তঃসাৰশূন্যতা উদঙাই দি আলোচনা কৰিলো, কাইলৈ বাস্তুশাস্ত্ৰ আৰু স্বপ্নফলৰ অসত্যতাৰ কথা লিখিম৷ অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ এয়াই পদ্ধতি নেকি? অন্ধবিশ্বাসৰ বজাৰত নতুন নতুন মাল সদায় ওলায়েই থাকিব৷ কেৱল সেইবোৰৰ আলোচনা কৰি থকাটোৱেই নিশ্চয় যুক্তিবাদী মানুহৰ কাম নহয়৷ অন্ধবিশ্বাসবিৰোধী আন্দোলনৰ মূল উদ্দেশ্য হ’ল পূৰ্ণাংগ যুক্তিবাদী চেতনাৰ বিকাশ – যি চেতনাই মানুহক যিকোনোধৰণৰ অন্ধবিশ্বাসৰ স্বৰূপ উপলব্ধি কৰাত সহায় কৰিব৷ কিন্তু এই চেতনাৰ চৰিত্ৰ আৰু তাৰ বিকাশৰ পথ কেনেকুৱা হ’ব তাক লৈ যুক্তিবাদীসকলৰ মাজত মতভেদ আছে৷ … … … লেখক : জিতেন বেজবৰুৱা

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

বিশ্বাস আৰু প্ৰদূষণ

বিশ্বাসেও জানো পৰিবেশ প্ৰদূষণ ঘটাব পাৰে? এই কথা ভাবি আচৰিত হৈছে নহয়? আহকচোন চাওঁ, ই কেনেকৈনো সম্ভৱ৷ পৰিবেশৰ অজৈৱিক উপাদান বুলিলে মূলতঃ বায়ু, পানী, মাটি, পোহৰ, উষ্ণতা, শব্দ আদিকে বুজা যায়৷ আমাৰ বিভিন্ন ক্ৰিয়াকলাপে এই অজৈৱিক উপাদানবিলাকক প্ৰত্যক্ষ- বা পৰোক্ষভাৱে প্ৰভাৱিত কৰে৷ আমি পালন কৰি অহা কিছুমান ধৰ্মাচাৰ তথা পৰম্পৰাও ইয়াৰ অন্যতম কাৰক৷ ইষ্টদেৱতাৰ পূজা-অৰ্চনা কৰিবলৈ আমি ধূপ-ধূনা, বন্তি আদি প্ৰজ্বলন কৰো৷ তাৰপৰা ওলোৱা জ্যোতি আৰু সুগন্ধই পৰিবেশটোক উৎসৱমুখৰ কৰি তোলাৰ লগতে মনলৈ এক ভক্তিৰ ভাব কঢ়িয়াই আনে৷ ভক্তিমিশ্ৰিত অনাবিল আনন্দই মনত প্ৰশান্তি প্ৰদান কৰে, কিন্তু লগতে বায়ু প্ৰদূষণো ঘটায়৷ বন্ধ কোঠাৰ ভিতৰত যেতিয়া ধূপ-ধূনা জ্বলাই পূজা-অৰ্চনা কৰা হয় তেতিয়া ই কোঠাটোৰ ভিতৰৰ বায়ু প্ৰদূষিত কৰে৷ অতীজতে পূজা-পাৰ্বণত ‘গন্ধ-পুষ্প’ৰ লগতে হয়তো উদ্ভিদজাত ধূনা ব্যৱহাৰ কৰিছিল, কিন্তু পৰৱৰ্তী কালত কৃত্ৰিমভাৱে নানান ৰাসায়নিক পদাৰ্থৰ মিশ্ৰণেৰে তৈয়াৰী ধূপকাঠিৰ প্ৰচলন হয়৷ ধূপকাঠি জ্বলালে নিৰ্গত হোৱা বুটাইল থেলেট (Butyle Thalate)-জাতীয় ৰাসায়নিক পদাৰ্থৰদ্বাৰা আমাৰ শ্বাসতন্ত্ৰ আক্ৰান্ত হয় আৰু ইয়াৰ বিষক্ৰিয়াই আমাৰ হাঁওফাঁওৰ ক্ষতিসাধন কৰে৷ … … … লেখক : শৈলেন্দ্ৰ মোহন দাস

সম্পূৰ্ণ লেখাটো পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation