এষণা exona

বিজ্ঞানমনস্কতা সম্পৰ্কীয় পত্ৰিকা

Archive for the month “February, 2014”

এষণা, জানুৱাৰি-মাৰ্চ ২০১৪

যুক্তি-বিকাশ সমিতি, অসম-ৰ উদ্যোগত যোৱাকেইটা বছৰত ভালেসংখ্যক পুস্তিকা প্ৰকাশ পাইছে। যুক্তিবাদী চিন্তা-চৰ্চাৰ বিভিন্ন ধাৰাৰ সৈতে দীৰ্ঘ দিন ধৰি জড়িত বিদ্বান তথা কৰ্মীসকলৰদ্বাৰা লিখিত এই পুস্তিকাসমূহে সামগ্ৰিকভাৱে অন্ধবিশ্বাস তথা অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ বৈজ্ঞানিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক আদি বিভিন্ন আয়তনসমূহ নিৰ্মোহভাৱে দাঙি ধৰিবলৈ যত্ন কৰিছে। বিজ্ঞানমনস্কতা-সম্পৰ্কীয় তিনিমহীয়া পত্ৰিকা ‘এষণা’ হ’ল অনুষ্ঠানটোৰ নৱতম পদক্ষেপ। অন্ধবিশ্বাস-বিৰোধী এই প্ৰচেষ্টাত আপোনাৰ বহুমূলীয়া পৰামৰ্শ তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিলো। – যুক্তি-বিকাশ সমিতি, অসম

সূচীপত্ৰ

সম্পাদকীয় – কৌশিক দাস

প্ৰবন্ধ
বিজ্ঞানমনস্কতা : প্ৰশ্ন প্ৰসংগ – প্ৰসেনজিৎ চৌধুৰী

নৰবলি, ডাইনী ইত্যাদি – হেমন্ত বৰ্মন

দুটুকুৰা উপলব্ধি – দেৱকান্ত সন্দিকৈ

বস্তুবাদী আকাংক্ষাৰ আধ্যাত্মিক প্ৰাৰ্থনা – ৰিপুঞ্জয় গগৈ

বিজ্ঞানৰ পোছাকেৰে ৰেইকি – ৰূপালীম দত্ত
মানসিক দাসত্ব বনাম মানৱ মুক্তি – শৈলেন গোহাঁই

অনুবাদ
নিউমেৰোলজিৰ ধাপ্পা – মূল : ৰঞ্জন মুখোপাধ্যায়, অনুবাদ : সন্ধ্যা দেৱী

ব্যক্তিত্ব
নিৰ্ভীক যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰ – প্ৰসেনজিৎ চৌধুৰী

Advertisements

সম্পাদকীয়

বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ মানৱ সমাজৰ বস্তুগত অগ্ৰগতিৰ অন্যতম নিৰ্ণায়ক শক্তি৷ সাম্প্ৰতিক সময়ত বিজ্ঞান-প্ৰযুক্তিৰ, বিশেষকৈ প্ৰযুক্তিৰ অভাবনীয় বিকাশ সংঘটিত হৈছে৷ বিগত কেইটামান দশকত বিজ্ঞান-প্ৰযুক্তিৰ যিমান বিকাশ হৈছে, তাৰ আধাৰ আধাও পূৰ্বৱৰ্তী বহু হেজাৰ বছৰত সম্ভৱ হোৱা নাছিল৷ লক্ষ্য কৰিবলগীয়া কথা, বিজ্ঞান-প্ৰযুক্তিৰ তেনে বিকাশ দিনক দিনে দ্ৰুততৰ হৈ আহিছে৷

আমি জানো, বিজ্ঞানমনস্কতা আৰু যুক্তি-আশ্ৰয়ী চিন্তা-চৰ্চাই সমাজক প্ৰদান কৰে প্ৰকৃত আধুনিকতাৰ এক সবল ভিত্তি৷ আনহাতে অ-বিজ্ঞানমনস্ক কিম্বা যুক্তিৰহিত চিন্তা আৰু কাৰ্যকলাপে সমাজক সদায় পশ্চাৎমুখী কৰি তোলে৷ এইখিনিতে আমাৰ বাবে প্ৰাসংগিক প্ৰশ্ন এটা উত্থাপন কৰিব পাৰি৷ প্ৰশ্নটো হ’ল, সাম্প্ৰতিক সময়ৰ বিজ্ঞান-প্ৰযুক্তিৰ চমকপ্ৰদ বিকাশৰ যুগত, অ-বিজ্ঞানমনস্ক চিন্তাই, যুক্তিৰহিত কাৰ্যকলাপে আধুনিকতাৰ জয়যাত্ৰাত বাধা প্ৰদান কৰাৰ জানো কিবা আশংকা আছে? … … … লেখক : কৌশিক দাস

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

বিজ্ঞানমনস্কতা : প্ৰশ্ন প্ৰসংগ

শিৰোনামত ‘প্ৰশ্ন’ শব্দটো আছে যেতিয়া আমি এটা বহুচৰ্চিত চুটি প্ৰশ্নৰেই এই সংক্ষিপ্ত আলোচনাৰ পাতনি মেলিব পাৰো৷ প্ৰশ্নটো হ’ল – বিজ্ঞানমনস্কতা কি? অৱস্থাপন্ন মানুহে আজিকালি ফ্ৰিজ, ৱাছিং মেচিন, কম্পিউটাৰ, স্মাৰ্টফোন আদিৰ ওপৰত বৰকৈ নিৰ্ভৰ কৰে৷ প্ৰযুক্তিবিজ্ঞানৰ এই অৱদানবোৰক উৎসাহেৰে আদৰি লোৱাৰ প্ৰৱণতাক জানো বিজ্ঞানমনস্কতা বুলিব পাৰি? প্ৰশ্নটোৰ পোন আৰু প্ৰাঞ্জল উত্তৰ হ’ল : প্ৰযুক্তি-সৰ্বস্ব জীৱনশৈলীৰ সৈতে বিজ্ঞানমনস্কতাৰ কোনো সম্পৰ্ক নাই৷ তেনেহ’লে বিজ্ঞানমনস্কতানো কি? ইয়াৰ বৈশিষ্ট্যবোৰ কি ধৰণৰ? বিজ্ঞানী আৰু অন্যান্য যুক্তিশীল লেখকে প্ৰশ্নটোৰ উত্তৰ দিবলৈ যত্ন কৰিছে নিষ্ঠাসহকাৰে৷ প্ৰসিদ্ধ বিজ্ঞানী জয়ন্ত নাৰলিকাৰ আৰু পুষ্প ভাৰ্গৱৰ লেখাত আমি এই বিষয়টোৰ পৰ্যালোচনা পঢ়িবলৈ পাওঁ৷ এওঁলোকৰ লেখা-মেলাৰপৰা এনে ধাৰণা হয় যে সত্যৰ ৰহস্যোদঘাটন কৰিবলৈ বিজ্ঞানে যি পদ্ধতি ব্যৱহাৰ কৰে তাৰ সৈতে বিজ্ঞানমনস্কতাৰ সম্পৰ্ক ঘনিষ্ঠ৷ বিজ্ঞানমনস্কতাই প্ৰধানকৈ চিন্তাৰ পদ্ধতিৰ কথাকে বুজায় – ইয়াৰ সৈতে বিচাৰ-পদ্ধতিৰ আৱেগ-নিৰপেক্ষ, পক্ষপাতশূন্য আৰু বিষয়গত চৰিত্ৰ জড়িত৷ … … … লেখক : প্ৰসেনজিৎ চৌধুৰী

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

নৰবলি, ডাইনী ইত্যাদি

যোৱা বছৰটোৰ শেষৰফালে ৰাজ্যখনত দুটা হৃদয়বিদাৰক ঘটনা ঘটিছিল৷ দুয়োটি ঘটনাই পুত্ৰহত্যাৰ ঘটনা৷ খঙত একোনাই হৈ আঘাত কৰাৰ ফলত হোৱা মৃত্যুৰ ঘটনা নহয় এয়া৷ সজ্ঞানে এই হত্যাকাণ্ড ঘটিছিল৷ শিৱসাগৰ জিলাৰ সোণাৰিৰ এগৰাকী মাতৃয়ে তেওঁৰ এটা সন্তানক পৰিয়ালটোৰ বাবে ভগৱানৰ নামত বিসৰ্জন দিছিল৷ পৰিয়ালৰ মংগল আৰু বৰপুত্ৰৰ ভালৰ বাবে মাতৃগৰাকীয়ে সৰুপুত্ৰক অগ্নিকুণ্ডত আহুতি দিছিল৷ ইয়াৰ লগত পূজা-পাতলো চলিছিল আৰু এগৰাকী পূজাৰীৰ উপস্থিতিৰ কথাও পোহৰলৈ আহিছে৷

পৰিয়ালটোৰ ঘৰ বিহাৰত৷ জীৱিকাসূত্ৰে তেওঁলোক সোণাৰিত ভাৰাঘৰ লৈ থাকে৷ এই ভাৰাঘৰতে লোমহৰ্ষক এই হত্যাকাণ্ড ঘটিছিল৷ ঘৰৰ মালিকে আৰক্ষীক জনোৱাৰ পাছতহে ঘটনাৰ কথা পোহৰলৈ আহে৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা তথ্য এনেধৰণৰ৷ মাতৃগৰাকী ধৰ্ম-কৰ্ম লৈ প্ৰায়ে ব্যস্ত থাকে৷ পূজাৰীজাতীয় মানুহ সেইখন ঘৰলৈ প্ৰায়ে আহ-যাহ কৰে৷ মাতৃগৰাকীয়ে আৰক্ষীক কোৱা মতে তেওঁ যি কৰিছে ভালৰ বাবেই কৰিছে আৰু ভুল কৰা নাই৷ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত চলাই আছে৷ … … … লেখক : হেমন্ত বৰ্মন

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

দুটুকুৰা উপলব্ধি

ঈশ্বৰবিশ্বাস যথেষ্ট হ’ল৷ ধৰ্ম যথেষ্ট হ’ল৷ অলিয়ে-গলিয়ে বিভিন্ন ধৰ্মৰ উপাসনাগৃহও যথেষ্ট হ’ল৷ মানুহে এতিয়া নিজৰ ধৰ্মৰ নিজৰ বিশ্বাসৰ প্ৰদৰ্শনী পতা হ’ল৷ কিন্তু আমাক লাগে আজি গভীৰ মানৱতাবোধ৷ মানুহক লাগে মানুহৰ বাবে অকণ চিন্তা৷ ব্যক্তি আৰু সমাজৰ ক্ষতি নোহোৱাকৈ আমাৰ দৈনন্দিন স্বাৰ্থচিন্তাবোৰ কেনেকৈ পৰিচালিত কৰিব পাৰি আমি ভাবি উলিয়াব লাগে৷ আমি যদি কাৰোৱে একো উপকাৰ কৰিব নোৱাৰোও, অন্ততঃ অপকাৰ নকৰাকৈতো থাকিব পাৰো – তাকেই কৰিব লাগে৷

আমি সৰু সৰু ল’ৰা-ছোৱালীক ক’ব লাগে – “কোনো ঈশ্বৰে তোমাক বা পৃথিৱীক সৃষ্টি কৰা নাই৷ তুমি অৰ্থাৎ মানুহ কেনেকৈ সৃষ্টি হ’ল, সেইটো বিচাৰি উলিয়াবলৈকে তোমাৰ জন্ম হৈছে৷ তুমি এজন সু-মানৱ হোৱা৷ সু-মানৱ হ’বলৈ তোমাৰ মাজত থকা মানৱীয় গুণৰাজি বিকশিত কৰা৷ তোমাৰ বুদ্ধি, বিবেক আৰু মগজু বিকশিত কৰা৷ তাকে কৰিবলৈ তোমাৰ কোনো ঈশ্বৰ বা ধৰ্মবিশ্বাসৰ প্ৰয়োজন নাই, কোনো প্ৰাৰ্থনাগৃহলৈ যোৱাৰ প্ৰয়োজন নাই, কোনো ধৰ্মগুৰুত শৰণ লোৱাৰ প্ৰয়োজন নাই৷ এই পৃথিৱীত জীৱনকালতেই সুখে-সন্তোষে জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা কৰ্মখিনি আন্তৰিকতাৰে কৰা৷ আনকো যিমান পাৰি সহায় কৰা৷ এই পৃথিৱীতে তুমি এটা আদৰ্শ জীৱনৰ অধিকাৰী হোৱা৷ – মৃত্যুৰ পাছত ক’তো একো স্বৰ্গ বা নৰক নাই৷” … … … লেখক : দেৱকান্ত সন্দিকৈ

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

বস্তুবাদী আকাংক্ষাৰ আধ্যাত্মিক প্ৰাৰ্থনা

নাদত পৰিল আমাৰ গাঁৱৰ নাদুকী৷ অসহায়ভাৱে তাই তাত ককবক কৰি মৰিল৷ ইয়াৰ আগতেও নাদত পৰি বহু মানুহ মৰিছিল আৰু বহুতেই ফচিছিল৷ আকৌ প্ৰয়োজনীয় সহায়, সাহস আৰু উপস্থিত বুদ্ধিৰে নাদত পৰিও বহুতে মৃত্যুৰপৰা হাত সাৰিব পাৰে৷ গতিকে কাৰোবাৰ প্ৰাৰ্থনাৰ বাবে নাদত পৰাজন বাচিব পাৰে বুলি ক’লে মোৰ গাঁৱৰ অতি ধৰ্মপ্ৰাণা আইতা বা ককাদ’তিজনে প্ৰাৰ্থনাৰ এনে ফল লাভ কৰা বুলি বিশ্বাস কৰাজনক হয় কেঁচুৱা নহয় বলিয়া বুলি ভাবিব৷ আমাৰ নিৰক্ষৰ ককা-আইতাই যিবোৰক কেঁচুৱা বা বলিয়া বুলি ভাবে, চিন্তাত কিবা আঁপইতা, আচৰণত বলিয়া তেনে লোকেৰেই দুঃখজনকভাৱে আমাৰ দেশ তথা পৃথিৱীখন ভৰি আছে৷ … … … লেখক : ৰিপুঞ্জয় গগৈ

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

বিজ্ঞানৰ পোছাকেৰে ৰেইকি

আজিকালি ‘বিশ্বাস’বোৰক বৈজ্ঞানিক ‘আউটলুক’ এটা দি ল’লেহে মূল্য বাঢ়ে৷ বাঢ়ে ব্যৱসায়িক চাহিদা৷ লেপটপটো আগত লৈ, যাদুকৰৰ দৰে ৰংচঙীয়া আকৰ্ষণীয় পোছাক পিন্ধি, মুখত সাংঘাতিক গাম্ভীৰ্য আৰু ব্যস্ততা ফুটাই কাষত সুসজ্জিত সুন্দৰী লৈ টিভিৰ পৰ্দাত কৰা ভাগ্য গণনাই কিছুমান ‘বিশ্বাস’ক নতুন মাত্ৰা দিয়ে৷ সাধাৰণ মানুহে পায় ‘বিজ্ঞান-বিজ্ঞান’ গোন্ধ৷ কিন্তু একেই বিশ্বাস-নিৰ্ভৰ মলিয়ন ধূতি, ফটা গেঞ্জি পৰিহিত ক্ষীণকায় গণকজনে মাটিত এঙাৰেৰে কৰা ভাগ্য গণনাৰ ছবিখনে কঢ়িয়ায় ‘গাঁৱলীয়া অন্ধবিশ্বাসৰ কেচেমা-কেচেম গোন্ধ’!

সময়ৰ পৰিবৰ্তনৰ লগে লগে পৰিবৰ্তিত হোৱা এয়াই অন্ধবিশ্বাসৰ পোছাক৷ ব্যৱসায়ীৰ ৰক্ষাকৱচ৷ যেনেদৰে বিশ্বাসবোৰ অন্ধবিশ্বাস হয়, তেনেদৰে বিজ্ঞান হয় অপবিজ্ঞান৷ তাতে যদিহে আমদানিকৃত ‘অন্ধবিশ্বাস’ হয়, তেন্তে ব্যৱসায়িক পোছাকৰ ফেছনৰ ট্ৰেণ্ড খুব ‘চলতি’ হয়৷ কি উন্নত, কি অনুন্নত, কি প্ৰথম বিশ্ব, কি তৃতীয় বিশ্ব – সকলোতে সমানেই বাঢ়ে ব্যৱসায়িক চাহিদা৷ … … … লেখক : ৰূপালীম দত্ত

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

নিউমেৰোলজিৰ ধাপ্পা

নামৰ কিংবা পদবীৰ বানানৰ এটা বা দুটা আখৰৰ অলপ অদল-বদল, বছ, ভাগ্য আপোনাৰ মুঠিত – জনাইছে মুম্বাই নিবাসী বংশীলাল জুমানীয়ে৷ যি বংশীলালৰ বাঁহীৰ টানত আলোড়িত মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিৰ ছুপাৰষ্টাৰৰপৰা আৰম্ভ কৰি ৰাজনৈতিক জগতৰ মেগাষ্টাৰ – সকলো৷ কথাটো এইধৰণৰ : ধৰক, সৌৰভ গাংগুলীয়ে যদি তেওঁৰ পদবীৰ বানানত Uৰ পৰিবৰ্তে O ব্যৱহাৰ কৰে, তেতিয়া হেনো তেওঁৰ বেটলৈ ৰানৰ বান আহিব৷ মমতা বেনাৰ্জীয়ে যদি তেওঁৰ নামৰ বানানত যিকোনো এটা A কাটি পেলাই এটা O ভৰাই দিয়ে, তেতিয়াহ’লে তেওঁৰ মুখ্য মন্ত্ৰিত্বক আৰু কোনে ৰখাব পাৰে৷ মুম্বাইৰ প্ৰাক্তন ছুপাৰষ্টাৰ জিতেন্দ্ৰৰ পুত্ৰ তুষাৰ কাপুৰৰ নামৰ এটা Sঅৰ পৰিৱৰ্তে যদি দুটা S দিয়ে, তেৱেঁই হ’ব মুম্বাই ফিল্ম জগতৰ নতুন ছুপাৰষ্টাৰ৷ … … … মূল : ৰঞ্জন মুখোপাধ্যায়, অনুবাদ : সন্ধ্যা দেৱী
সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

নিৰ্ভীক যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰ

২০১৩ চনৰ ২ আগষ্টৰ দিনা পুৱা পুনেৰ ৰাজপথত মহাৰাষ্ট্ৰৰ এগৰাকী অক্লান্ত যুক্তিবাদী নেতা নৰেন্দ্ৰ ডাভোলকাৰক দুজন অচিনাক্ত আততায়ীয়ে গুলিয়াই হত্যা কৰে৷ ভাৰতত নিতৌ অজস্ৰ হত্যাকাণ্ড সংঘটিত হয়৷ কিন্তু পুনেৰ এই হত্যাকাণ্ডৰ গুৰুত্ব সুকীয়া–ইয়াৰ ঐতিহাসিক আৰু প্ৰতীকী তাৎপৰ্য অনুধাৱন কৰাটো জৰুৰী৷ ই আচলতে অসহিষ্ণু অযুক্তিৰ হিংস্ৰ অভিব্যক্তি৷ … … … লেখক : প্ৰসেনজিৎ চৌধুৰী

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

মানসিক দাসত্ব বনাম মানৱ মুক্তি

ব্ৰিটিছৰ বন্ধকীৰপৰা স্বভূমি ফিৰাই পোৱাটো নিঃসন্দেহে ভাৰতীয় জাতীয় জীৱনৰ এক অবিস্মৰণীয় অধ্যায়৷ ই একশ্ৰেণী ভাৰতীয়ক প্ৰদান কৰিছিল স্বশাসনৰ আত্মতৃপ্তি আৰু স্বাভিমানৰ আত্মমৰ্যাদা, ডালদৰিদ্ৰ ভাৰতীয়ই মুহূৰ্তৰ বাবে হ’লেও লাভ কৰিলে স্বৰাজপ্ৰাপ্তিৰ বিমল আনন্দ৷ কিন্তু বিজয়োল্লাসৰ এই পৰ্ব বেছি দিন নিটিকিল৷ কাৰণ সামাজিক গোলামিৰ যি সুপ্ৰাচীন ঐতিহ্য, বিবিধতা আৰু স্বকীয়তা, সি পুনৰ মূৰ দাঙি উঠি পৰিস্থিতি-পৰিবেশ আৰু অধিক শ্বাসৰুদ্ধ কৰি পেলালে৷ জাতিভেদ, সাম্প্ৰদায়িকতা, ধৰ্মান্ধতা, কুসংস্কাৰ, অন্ধবিশ্বাস, অন্ধানুগত্য আদি পুৰাতন মানসিক ব্যাধিবোৰে পুনৰ দাঁত নিকটাই ভেঙুচালি কৰিবলৈ লাগিল৷ মৃত অতীতৰ অন্ধ গুণানুকীৰ্তন, ফোঁপোলা আধ্যাত্মিকতা, উগ্ৰ জাত্যভিমান, হিংস্ৰ গোষ্ঠীগত চেতনা, দেশাচাৰ, লোকাচাৰৰ মাজতেই অৱৰুদ্ধ হৈ ৰ’ল স্বাধীনতাৰ ব্যাপ্তি, বৈচিত্ৰ্য আৰু বৈভৱ৷ … … … লেখক : শৈলেন গোহাঁই

সম্পূৰ্ণ লেখাটো পঢ়াৰ বাবে ইয়াত ক্লিক কৰক

Post Navigation